Swarup Kakati Lyricist


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুৰকাৰ, গীতিকাৰ স্বৰূপ কাকতিৰ মনৰ কথা
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো
স্বৰূপ কাকতিঃ প্ৰথমেই অসম এক্সপ্ৰেছৰ সৈতে জড়িত আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছো যে মোক আপোনালোকে এনেদৰে মৰম আদৰ দি উৎফুল্লিত কৰাৰ বাবে।
মোৰ শৈশৱৰ সময়খিনি অসম আৰু অসমৰ বাহিৰতে পাৰ কৰিলো। দেউতাৰ চাকৰি সূত্ৰে দেশৰ আমি য’ত ত’ত থাকিব লগা হৈছিল। জীৱনৰ প্ৰথম শিক্ষা পাঠ পাঞ্জাৱৰ জলন্ধৰত লৈছিলো। তাৰ পিছত অসমত আহি মোৰ মামাৰ গাৱঁত থকা কমাৰ চুবুৰী প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা শিক্ষা গ্ৰহণ কৰো। মই “ক” শ্ৰেণী আৰু “খ” শ্ৰেণী পঢ়া নাছিলো। ঘৰতে অ আ ক খ শিকি পোনে পোনে তৃতীয় শ্ৰেণীৰ পৰা পঢ়িছিলো। কাৰণ অসমত যেতিয়া ঘুৰি আহোঁ তেতিয়া “ক” বা “খ” শ্ৰেণীত পঢ়াৰ বয়স মোৰ পাৰহৈ গৈছিল।
অসম এক্সপ্ৰেছ : আপুনি কেনেকৈ সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
স্বৰূপ কাকতিঃ মোৰ লক্ষ্য আছিল সৈন্যত যোগদান কৰি দেশ মাতৃৰ হকে সেৱা আগবঢ়োৱাৰ। কিন্তু সময়ৰ সোঁতে সংগীতলৈ টানি লৈ আহিল। গান মোৰ বন্ধু বান্ধৱীবোৰেহে গায়ছিল। মই দৰ্শকৰ স্থানত বহি শুনা মানুহহে আছিলো। গান নাগালেও তেতিয়া সুৰ বেসুৰ তাল লয় বোৰ বুজিব পাৰিছিলো নজনাকৈয়ে। মই সেইসময়খিনিত গধুলি বাটে বাটে চিঞৰি গীত গাই আহোঁ আগতে। আৰু এদিন মোৰ এজন বন্ধুৰ বায়েকে জোৰ জবৰদস্তি মঞ্চত গীত গাবলে লৈ গৈছিল। মমী দেবী তেখেতৰ নাম। আজিও মনত আছে তাৰিখটো। ১৭ জানুৱাৰী, ১৯৯৭ চন। সেয়াই আৰম্ভনি। মোৰ মা দেউতাই মঞ্চত গীত গাইছো বুলি শুনাৰ পিচত মোক বহুত প্ৰেৰণা উৎসাহ দিলে আগুৱাই যাবলে। লগতে মোৰ কেইবাজনো বন্ধু বান্ধৱীয়ে মোক বহুত উৎসাহ দিছিল সংগীত ক্ষেত্ৰত কিবা এটা কৰিবলে আৰু আগুৱাই যাবলে। সেয়ে আজিও চেষ্টা অব্যাহত ৰাখিছো।
অসম এক্সপ্ৰেছ : আপুনি একেধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী ।আপুনি কোনটো পৰিচয়েৰে নিজক ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰো।
স্বৰূপ কাকতিঃ মই নিজকে সংস্কৃতি আৰু সংগীত ভালপোৱা ব্যক্তি হিচাপে চিনাকী দিয়েই ভাল পাওঁ। বাকী অসমৰ ৰাইজে মোক যি ভাবেৰেই মৰম দিয়ে তাতেই মই সুখী। মই কেৱল মই কৰা কামবোৰৰ বাবে মোৰ নাম আৰু আদৰ খিনি ৰাখিলে ভাল পাওঁ। নহ’লেতো আজিকালি বহুতো গানগোৱা মানুহে নিজকে শিল্পী বুলি ভাবি সৃষ্টিকৰ্তা জনৰ নামটো উল্লেখ কৰিব লাজ কৰে। সহকন্ঠশিল্পী গৰাকীৰ নামতো বুকু ফুলাই কয় কিন্তু গীতিকাৰ সুৰকাৰজনৰ নামতো ল’বলে পাহৰি যায়। নিজে লাজ পাওঁ দেখি।
অসম এক্সপ্ৰেছ : এটা গীত লিখাৰ সময়ত আপুনি কোনবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়ে‌।
স্বৰূপ কাকতিঃ লিখো বুলি কেতিয়াও গীত লিখা নাছিলো। মই কেৱল কবিতা লিখিব চেষ্টা কৰিছিলো আগতে। লাহে লাহে কেনেকৈ গীতৰ মাজলৈ আগবাঢ়িলো নিজে গম নাপাওঁ। যিয়ে নিলিখো কিয়, লিখা ক্ষেত্ৰত সদাই এটা কথা ধ্যান ৰাখো যে আৰম্ভণিখিনিৰ সফল সমাপ্তি ঘটক। শুনাজনে এটা সুন্দৰ অনুভৱেৰে এটা সূখৰ বাতা পাওক। মোৰ গীতবোৰ এমাহ শুনাৰ পিচত পুৰণা পুৰণা অনুভৱ হ’ব নালাগে কাৰোৰে। যেতিয়াই শুনক অনুভবখিনি বৰ্তমান যেন হ’ব লাগে।
অসম এক্সপ্ৰেছ : আজিকালি বহুতো গায়কে গীত পৰিৱেশন কৰা সময়ত গীত লিখা মানুহ জনৰ পৰিচয় দিবলৈ অপাৰগ হয়। এই ক্ষেত্ৰত আপুনি কি কব
স্বৰূপ কাকতিঃ হয় কথাটো। মই বহুকেইজন নব প্ৰজন্মৰ গীত গোৱা কন্ঠশিল্পীৰ ইন্টাৰভিউ পঢ়িছো আৰু চাইছো। সংগীত জগতখনত আহি দুটা বা তিনিটা গান গাইছেহে মাত্ৰ। তাৰে এটা দুটা অলপ গীত ভাললগা হোৱা বুলি যেতিয়াই গম পায় তেতিয়াই তেওঁলোকে কাৰ আঙুলিত ধৰি আহিছিল সেই সকলো কথা পাহৰি যায়। আৰম্ভনিখিনিত তেওঁলোকক যেতিয়া কোনেও চিনি নাপাইছিল, কোনেও বহিবলে চকী এখনো নিদিছিল তেনে সময়খিনিত যিসকল মানুহে নিজে নিজৰ কথা নাভাবি তেওঁলোকৰ বাবে দৌৰি ফুৰি তেওঁলোকক মানুহে চিনি পাওঁক বুলি কৰা কষ্টখিনিৰ কথা বহুতে পাহৰি যায় মায়া মোহনাত পৰি। দুখ লা গে কিছুমানক দেখি। চকুৰ সন্মুখত বহুতো তেনেকুৱা লহপহকৈ বাঢ়ি অহা বন নোহোৱা হৈ গ’ল। যি গছৰ শিপা নাথাকে সি এদিন নহয় এদিন উভালি পৰিবই।
অসম এক্সপ্ৰেছ : আপুনি যিবোৰ গীত লিখিছে সেই গীতসমূহ সংৰক্ষণ কৰা বাবে আপুনি কিবা প্ৰচেষ্টা হাতত লব নে এই বিষয়ে জানিব বিচাৰিছো।
স্বৰূপ কাকতিঃ মই কিমান গীত লিখিলো বা সুৰ কৰিলো মোৰ নিজৰ হাততেই সঠিক হিচাপতো নাই। অৱশ্যে মই কিছুদিনৰ পৰা মোৰ গীতবোৰ সংগ্ৰহ কৰাৰ আৰম্ভ কৰিছো। নতুন ডায়েৰী এখনত পত্নী মৌচুমীক গীতবোৰ লিখি ৰখাৰ দায়িত্বতো দিছোৱেই। বহুকেইটা গীত তেওঁ সংগ্ৰহ কৰিছে। সময় সুবিধা চাই এই গীতসমুহ “স্বৰূপ কাকতিৰ গান” নামেৰে চপা কৰি ৰাখিম বুলি মনতে আশা এটা পুহি ৰাখিছো। চাওচোন কি হয়।
অসম এক্সপ্ৰেছ : অসমবাসী ৰাইজক আপুনি এইবাৰ কি গীত উপহাৰ দিব এই বিষয়ে জানিব বিছাৰো।
স্বৰূপ কাকতিঃ বহুকেইটা গীতৰ কাম হাতত লৈ থৈছো। মানুহৰ মনবোৰ কৰুণাৰ বাবে সেমেকা। তথাপি বছৰৰ শেষলৈ ৰাইজলৈ আগবঢ়াম সাঁচি ৰখা দুটিমান গীত।
অসম এক্সপ্ৰেছ : আপুনি নতুন গীতিকাৰ আৰু সুৰকাৰ সকলক কি পৰামৰ্শ দিব
স্বৰূপ কাকতিঃ গীত যিয়েই নিলিখক, সন্মুখৰ কোনো ব্যক্তিৰ বাবে ক্ষতিকাৰক শব্দৰ ব্যবহাৰ হ’ব নালাগে। গীতত নিজৰ সুখ আৰু জীৱনতো বিচাৰি পাব লাগে। পাতল শব্দৰ প্ৰয়োগ কৰি দুমহীয়া জনপ্ৰিয়তাৰ বাবে গীত নিলিখিব। নহ’লে পিচলৈ আপোনাৰ ল’ৰা ছোৱালীয়ে তেওঁলোকৰ বন্ধু বান্ধৱীক ভবিষ্যতে আপুনি গীতিকাৰ সুৰকাৰ বুলি চিনাকী দিবলে লাজ পাব।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
স্বৰূপ কাকতিঃ শেষত পুনৰ আপোনালোক সকলোকে প্ৰণিপাত জনাইছো। মোৰ দৰে সাধাৰণ মানুহ এজনক আপোনালোকে অসম এক্সপ্ৰেছৰ যোগেদি ৰাইজৰ সন্মুখলৈ লৈ অহাৰ যি প্ৰচেষ্টা তাকে দেখি মই উৎফুল্লিত হৈ পৰিছো। লগতে আৰু কাম কৰাৰ হেপাঁহ জাগি তুলিছে। অসম এক্সপ্ৰেছ বুতলি আনক বোকাৰ পৰা হেজাৰ হেজাৰ মুকুতা সেয়ে আশা ৰাখিলো। দীৰ্ঘায়ু হওক। পুনৰ সকলোকে বহু বহু ধন্যবাদ জনাইছো। আগলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ল’লো। জয় আই অসম।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ।


Leave a Comment