লক্ষীমাই এলবামেৰে জনপ্ৰিয়তা লাভ কৰা জনপ্ৰিয় কণ্ঠশিল্পী সুস্মিতা বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনালো। আপোনাৰ জন্ম শৈশৱ কৈশোৰ আৰু লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
সুস্মিতা বৰুৱাঃ নমস্কাৰ পোন প্ৰথমে মই অসম এক্সপ্ৰেছৰ সকলো কৰ্মকৰ্তা সকলক ধন্যবাদ জনালো তেওঁলোকে মোক মনৰ কথা কোৱাৰ সুবিধা প্ৰদান কৰিলে আৰু অনাগত দিনবোৰ লৈও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই মূলতঃ যোৰহাটৰ যদিও মোৰ জন্ম হৈছিল দুলীয়াজানত। শৈশৱ কৈশোৰ দুলীয়াজনতে পাৰ হৈছিল। মাজতে গুৱাহাটীত আছিলো।যেতিয়া কভিদ হৈছিল তেতিয়া আকৌ মই দুলীয়াজানলৈ গুছি আহিলো।মোৰ স্কুলীয়া শিক্ষা কেন্দ্ৰীয় বিদ্যালয় দুলীয়াজানত হৈছিল।তাত মই প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিলোঁ। তাৰ পিছত তিনিচুকীয়া উইমেনজ কলেজৰ পৰা ইংৰাজী বিষয়ত মেজৰ লৈ বি এ পাছ কৰো। তাৰ পিছত মই ইন্দিৰা গান্ধী নেচনেল অপেন ইউনিভাৰ্ছিটিৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো ।
অসম এক্সপ্ৰেছ : আপুনি কেনেকৈ সংগীতৰ জগতত প্ৰৱেশ কৰিছিল আৰু এই ক্ষেত্ৰত আপুনি কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিবলৈ বিচাৰো।
সুস্মিতা বৰুৱাঃ সংগীত জীৱনত প্ৰৱেশ কৰা বুলি কবলৈ গলে প্ৰথমতে মোৰ স্কুল খনৰ নাম লব লাগিব কাৰণ মোৰ তেতিয়া লৈকে সংগীতৰ প্ৰতি আগ্ৰহ আছিল যদিও মই সংগীতৰ শিক্ষা গ্ৰহণ কৰা নাছিলো। যেতিয়া মই প্ৰথম শ্ৰেণীত আছিলোঁ তেতিয়া আমাৰ স্কুলত সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু তাতেই নাম দিবৰ কাৰণে আমাৰ স্কুলৰ মঞ্জুলা বাইদেউ আহিছিল আৰু কৈছিল যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভাবিছা তেওঁলোকে হাত দাঙি দিয়া আৰু তেতিয়া সকলো শিক্ষাৰ্থীয়ে মোৰ ফালে চাইছিল তেতিয়া মই একো নাজানো আৰু ময়ো হাত দাঙি দিলোঁ। তেতিয়া লৈকে সংগীতৰ বিষয়ে একো নাজানো। ঘৰত আহি কোৱাত ঘৰত মায়ে মোক শিকাইছিল। মোক মোৰ জীৱনৰ প্ৰথম গান মায়ে শিকাইছিল। গানটো আছিল এই মাটিকে মৰমতে চুমিলো। সেই গীতটি আমাৰ স্কুল ডায়েৰীত আছিল। মই এই গীতটি গাইছিলো আৰু
মই প্ৰথম স্থান লাভ কৰো। এদিন মই মামাৰ ছোৱালী এজনীৰ ঘৰলৈ গৈছিলো তেতিয়া তাই সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছিল আৰু সেইটো আছিল ক্লাচিকেল মিউজিক। মোৰ শুনি খুব ভাল লাগিল আৰু তেতিয়া মই ঘৰত আহি জেদ কৰিলো যে মই গান শিকিম। তাৰ পিছত মোক মোৰ প্ৰথম গুৰু বিপুল সেন ছাৰৰ ওচৰত গান শিকিবলৈ পঠিয়াই দিয়ে। মই তেওৰ ওচৰত পঞ্চম শ্ৰেণীলৈকে গানৰ শিক্ষা গ্ৰহণ কৰো। কিছুমান অসুবিধাৰ বাবে মই সেই ক্লাচটো এৰি দিবলগীয়া হয়। তাৰ পিছত মই মোৰ দ্বিতীয় গৰাকী গুৰু মিনাক্ষী বৰুৱা তেখেতৰ ওচৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰো। মোৰ সৰুৰে পৰা ক্লাচিকেল মিউজিকৰ প্ৰতি আগ্ৰহ আছিল । মোক এই ক্ষেত্ৰত প্ৰেৰণা যোগাইছিল মোৰ মা দেউতাই। সংগীতৰ দৃষ্টিৰে চাবলৈ গ’লে মই Shreya Ghoshal ৰ গায়িকীৰ পৰা বহু প্ৰেৰণা পাইছিলো। তেওঁ মোৰ তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰিয় কণ্ঠশিল্পী।
অসম এক্সপ্ৰেছ : ষ্টুডিঅ’ত গীত ৰেকডিং কৰা সময়ত আৰু অনুষ্ঠানত গীত পৰিৱেশন কৰা সময়ত কোনবোৰ কথাৰ ওপৰত আপুনি অধিক গুৰুত্ব প্ৰদান কৰে।
সুস্মিতা বৰুৱাঃ ষ্টুডিঅ’ আৰু লাইভত গান গোৱাৰ মাজত বহুতো পাৰ্থক্য আছে। ষ্টুডিঅ’ত গীত গালে আমি গানৰ শাৰী এটা যদি নিজৰ মতে হোৱা নাই তেতিয়া হ’লে আমি আকৌ গাব পাৰোঁ।লাইভত আমি ৰাইজে কি বিচাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। বিহুৰ সময়ত আমি বিহু গাব লাগে।লাইভত গান গোৱা বেছি টান কাৰণ ষ্টুডিঅ’ত বেয়া হ’লে ভাল কৰাৰ সুবিধা থাকে কিন্তু লাইভত এবাৰেই গাব লাগে।লাইভত আপুনি কেনেকৈ গাইছে তাৰ ওপৰত ধ্যান দিব লাগে গোটেই পৰিৱেশৰ ওপৰত লগতে ৰাইজে ভাল পাইছে নে নাই তাৰ ওপৰত গুৰুত্ব দিব লাগিব।
অসম এক্সপ্ৰেছ : আপুনি কণ্ঠদান কৰা লক্ষীমাই এলবামটোৰ লগতে সেই এলবামৰ এটি গীত পাৰিজাত গীতটো অসমৰ ৰাইজে আকোঁৱালি লৈছিল আৰু এই গীতসমূহ আকোঁৱালি লোৱা মূল কাৰণ আপুনি কি বুলি ভাবে ?
সুস্মিতা বৰুৱাঃ লক্ষীমাই মোৰ প্ৰথম বিহু এলবামৰ আৰম্ভনি। ইয়াৰ আৰম্ভণি হৈছিল 2014চনত আৰু মুক্তি লাভ কৰিছিল 2015 চনত। মই তাত বিপিন চাওদাং , বিমান বৰুৱা,বিপুল চেতিয়া ফুকনক মই এই এলবামৰ জৰিয়তে
লগ পাইছিলো। তেওঁলোকে এইখন এলবামত গীত লিখিছিল আৰু সংগীত পৰিচালনা কৰিছিল। তেওঁলোকৰ পৰা মই বিহুৰ বহুতো নজনা কথা শিকিবলৈ পালো। সেইকাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। তেতিয়াৰ পৰা এতিয়ালৈকে লক্ষীমাই এলবামৰ গীত মুক্তি লাভ কৰি আহি আছে।এই বছৰত লক্ষীমাই এলবামৰ গীত মুক্তি লাভ কৰিছিল ফ্ৰেব্ৰুৱাৰী মাহৰ 14 তাৰিখে। গীতটিৰ নাম আছিল ৰাধা – কৃষ্ণ।লক্ষীমাই এলবামৰ লগত অভিজ্ঞতা যথেষ্ঠ হৈছে। উত্থান পতন যথেষ্ঠ হৈছে। বহু বিতৰ্কিত কথাও সন্নিবিষ্ট হৈছে। পাৰিজাত গানটোৰ বিষয়ে যিহেতু সুধিছা। পাৰিজাত গানটোপ্ৰথম শুনিয়েই মই প্ৰেমত পৰিছিলো। এই গানটো অকল মই গাইছো বুলি নহয় বেলেগ এজনে গোৱা হ’লেও হয়তো ধুনীয়া লাগিল হেতেন।পাৰিজাত মই গোৱা আটাইকেইটা গানৰ ভিতৰতে প্ৰিয় গান। গানটো মেলডী হয় আৰু মই মেলডী বেছি ভাল পাও।প্ৰেমৰ এটা খুব ধুনীয়া গীত হৈছে পাৰিজাত। এই গীতটো সচাকৈ এটা ধুনীয়া গান। জুবিন দাই মোৰ লগত গাইছে। তেওঁৰ লগত গান গাবলৈ পোৱাতো মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। প্ৰত্যেক বছৰে লক্ষীমাই এলবামৰ গীত জুবিন দাই নিজে আহি মুকলি কৰে সেইটো ভাল লাগে।লক্ষীমাই এলবামৰ গীত প্ৰতি বছৰে মুকলি কৰিবলৈ চেষ্টা কৰিম আৰু যাতে ভাল ভাল গীত অসমৰ ৰাইজলৈ মুকলি কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিম।
অসম এক্সপ্ৰেছ : চলিত বছৰত অসমবাসী ৰাইজক নতুন কি গীত উপহাৰ দিব এই বিষয়ে জানিবলৈ বিচাৰো।
সুস্মিতা বৰুৱাঃ বৰ্তমান মোৰ বহু কেইটা গান মুক্তিৰ অপেক্ষাত আছে তাৰ ভিতৰত জুবিন দাৰ লগত এটি গীত আছে।মৌচম গগৈয়ে লিখিছে, শিবব্ৰত শৰ্মা ই সংগীত পৰিচালনা কৰিছে। খুব এটা ধুনীয়া গান। বহু সময় আগতে কৰা এটি গান।কৰোণা মহামাৰীৰ ব্যাপক সংহাৰৰ বাবে পেলাই থব লগীয়া পৰিস্থিতি হল। আৰু এটি গীত মোৰ কণ্ঠত আহি আছে মোৰ জীৱনত বুলি। সেই গীতটিৰ সংগীত পৰিচালনা কৰিছে জাকিৰ হুছেইনে। এনেদৰে কিছুমান গীত অসমৰ ৰাইজলৈ আগবঢ়াম বুলি ভাবিছোঁ।
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিব বিচাৰো
সুস্মিতা বৰুৱাঃ বৰ্তমান মই গান শিকাত ব্যস্ত হৈ আছোঁ। মই সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ এম মিউছ কৰি আছোঁ শ্ৰদ্ধাৰ বিদ্যুৎ মিশ্ৰ ছাৰৰ ওচৰত। পশ্চিমীয়া সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ শ্ৰদ্ধাৰ ৰূপম জ্যোতি বৰা ছাৰৰ ওচৰত। মই যিহেতু এতিয়া গুৱাহাটীত নাই মই অনলাইন যোগে তেওঁলোকৰ পৰা শিক্ষা গ্ৰহণ কৰি আছোঁ। তেওঁলোকৰ শিক্ষাৰ্থী হ’বলৈ পায় নিজকে সৌভাগ্যৱান বুলি ভাবোঁ মই যদিও তেওঁলোকৰ পৰা অনলাইনত শিক্ষা গ্ৰহণ কৰি আছোঁ মই মোৰ আগৰ গুৰু মিনাক্ষী বৰুৱা বাইদেউ ওচৰলৈ আজিও যাও কিবা অসুবিধা পালে তেওঁক সুধি লও। মই সদায় শিকিবলৈ বিচাৰোঁ। যিহেতু ভবিষ্যত পৰিকল্পনাৰ কথা সুধিছে আগতে ভবিষ্যত পৰিকল্পনা কৰিছিলো কিন্তু এতিয়া নকৰা হলো। কিন্তু যেতিয়া ভবা মতে কামবোৰ নহয় তেতিয়া দুখ লাগে। তেতিয়াৰ পৰাই মই কোনো পৰিকল্পনা নকৰা হলো। এতিয়া মই ভাবিছোঁ যদি মোক ভগৱানে আশীৰ্বাদ দিয়ে সংগীতত আৰু বেলেগ বেলেগ ধৰণৰ গীত গাম আৰু অসমবাসী ৰাইজক নতুন গীত উপহাৰ দিম।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰেও আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰো
সুস্মিতা বৰুৱাঃ সংগীতৰ বাহিৰেও মই ফুৰি ভাল পাওঁ। নতুন নতুন ঠাই ঘূৰি ভাল পাও। লগতে মই ভগৱানক খুব বিশ্বাস কৰো। নতুন নতুন মঠ মন্দিৰ দেৱালয় বুৰঞ্জীপ্ৰসিদ্ধ ঠাই ঘূৰি ভাল পাও। আজি কিছুদিন আগতে মই মাজুলী গৈছিলো। চামগুৰি সত্ৰ যত মুখা শিল্প তৈয়াৰ কৰা হয় তাৰ পৰা কিছুমান ধুনীয়া কথা জানিব পাৰিলো। মই খানা বনায় বেছি ভাল পাওঁ। নতুন নতুন খাদ্য তৈয়াৰ কৰি ভাল পাওঁ। গান শুনি ভাল পাও। তাৰ বাহিৰেও মই বুৰঞ্জীমূলক কথা সমূহ জানি ভাল পাও। অসমৰ বুৰঞ্জী লগতে ভাৰতৰ বুৰঞ্জী এইবোৰ জানি বহু ভাল পাওঁ। কিতাপ পঢ়ি ভাল পাওঁ। চিনেমা চাই ভাল পাওঁ। লগতে খাদ্য খাই ভাল পাওঁ।
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰো যিটো আপোনাৰ আজিও মনত আছে
সুস্মিতা বৰুৱাঃ স্মৰণীয় ঘটনা বহু আছে। তাৰ ভিতৰত সকলোৰে পৰিচিত কণ্ঠশিল্পী কল্পনা পাটোৱাৰী তেওঁৰ কথা মনলৈ আহে।প্ৰতি বছৰে আমাৰ দুলীয়াজানত দুৰ্গা পূজাৰ সময়ত ৰামলীলা হয় । কভিদ হোৱাৰ পৰা বন্ধ হৈ আছে।ৰামলীলাৰ 50 তম বৰ্ষত কল্পনা পাটোৱাৰী বাইদেউক মুখ্য অতিথি হিচাপে মাতিছিল। তেওঁৰ আগত মোৰ অনুষ্ঠান আছিল। যিহেতু ভোজপুৰী সকলে মিলি অনুষ্ঠানৰ আয়োজন কৰিছিল মোক ভোজপুৰী গীত গাবলৈ সকলোৱে কৈ আছিল। মই তেতিয়া ভোজপুৰী গীত গালো আৰু তেতিয়া লৈকে কল্পনা পাটোৱাৰী বাইদেউ আহি মোৰ গীত শুনি আছিল। মই যেতিয়া মোৰ অনুষ্ঠান শেষ কৰি নামি আহিছোঁ তেতিয়া কল্পনা পাটোৱাৰী বাইদেউৱে সুধিছে তুমি অসমীয়া নহয় ন, তেতিয়া মই কলো নহয় বাইদেউ মই অসমীয়া। তেতিয়া বাইদেউৱে কৈছিল তুমি অসমীয়া হৈ ইমান ধুনীয়া ভোজপুৰী গীত গাইছা। তেতিয়া মই কৈছোঁ বাইদেউ মই চেষ্টা কৰিছোঁ। তেতিয়া বাইদেউৱে মোক কৈছিল তুমি মোৰ লগত আজি অনুষ্ঠানত গীত পৰিৱেশন কৰিবা নেকি বাৰু? সেইটো মোৰ বাবে এটা ডাঙৰ সন্নানৰ নিচিনা লাগিছিল। যাক ভোজপুৰী সংগীতৰ ৰাণী বুলি কোৱা হয়। তেওঁৰ লগত মই দুটা গীত গাইছিলো। তেওঁ ষ্টেজত খুব ধুনীয়া কথা কৈছিল। ছোৱালী জনীয়ে খুব ধুনীয়া গীত গাইছে অসমীয়া ছোৱালী হৈ ভোজপুৰী গীত ইমান সুন্দৰকৈ গাইছে। এনেকৈ চেষ্টা অব্যাহত থাকিলে এদিন নিশ্চয় ভাল এগৰাকী গায়িকা হব পাৰিবা।সেই কথাখিনিয়ে মোক যথেষ্ঠ অনুপ্ৰাণিত কৰিলে। তেওঁ উঠি অহা লৰা ছোৱাললীক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। তেওঁ মোক ভোজপুৰী সংগীতৰ এখন চিডি উপহাৰ হিচাপে দি কৈছিল পাৰিলে এইকেইটা গীত গাবলৈ চেষ্টা কৰিবা। সেই দিনটো মোৰ বাবে স্মৰণীয় দিন আছিল।
অসম এক্সপ্ৰেছ : আপুনি অলপতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী পাপন দাৰ লগত গীত গাইছে। তেওঁৰ লগত কাম কৰা অভিজ্ঞতা সম্পৰ্কে কিছু কথা জানিব বিচাৰো।
সুস্মিতা বৰুৱাঃ পাপন দাৰ লগত কাম কৰাৰ অভিজ্ঞতা খুব ধুনীয়া। বহু দিনীয়া এটা কথা চলি আছিল পাপন দাৰ লগত কাম কৰিব লাগে। কিন্তু কিছুমান বাধা বিঘিনিৰ বাবে সেইটো সম্ভৱ হৈ উঠা নাছিল। মই তেতিয়া খুব হতাশ হৈ পৰিছিলো। তাৰ পিছত হঠাতে খবৰ আহিল যে ৰাইনো এক্সপ্ৰেছ নামৰ চিনেমা খনত পাপন দাৰ লগত Shamiyana গীতটি গাবলৈ মহিলা কণ্ঠশিল্পী হিচাপে তোমাক বাছনি কৰিছে আৰু তুমি এই গীতটি গাব লাগিব। মই প্ৰথমে অলপ হতাশ হৈছিলোঁ,কি হব, কেনেকৈ গাম কিন্তু এই সুযোগতে ধন্যবাদ জনাব লাগিব চিনেমা খনৰ প্ৰডিউছাৰ অজয় বৰ্মা আৰু সংগীত পৰিচালক ৰিদীপ দাসক। ।ভাল লাগিল যে মই পাপন দাৰ লগত গীত গাবলৈ পালো। এইটো ভগৱানৰ আশীৰ্বাদ বুলি মই ভাবো। কাৰণ মই বিচাৰি থকা বস্তটো যেনেকৈ হ’লেও তেওঁ মোক দিলে।
অসম এক্সপ্ৰেছ : নৱ প্ৰজন্মৰ কোনজন কণ্ঠশিল্পীৰ লগত আপোনাৰ কাম কৰিবলৈ মন আছে এই বিষয়ে জানিবলৈ বিচাৰো।
সুস্মিতা বৰুৱাঃ নৱ প্ৰজন্মৰ কণ্ঠশিল্পী বুলি ক’লে পোনপটীয়াকৈ শংকুৰাজ কোঁৱৰৰ নাম লব লাগিব।কাৰণ তেওঁৰ গীত মোৰ খুবেই প্ৰিয় লগতে তেওঁৰ মাতটো খুবেই ভাল পাওঁ। তেওঁৰ এটি গীত অলকানন্দা এই গীতটি মোৰ প্ৰিয় গীত সমূহৰ ভিতৰত এটা অন্যতম গীত। তেওঁৰ লগত কাম কৰাৰ এটা হেঁপাহ আছে। নাজানো এইটো সম্ভৱ হৈ উঠিব নে নুঠে কিন্তু শংকুৰাজ কোঁৱৰৰ লগত এটা হ’লেও গীত গোৱাৰ হেঁপাহ আছে।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব।
সুস্মিতা বৰুৱাঃ মোৰ মনৰ কথা প্ৰকাশ কৰিবলৈ দিয়া বাবে বহুতো ধন্যবাদ জনালো লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আগৰে পৰাই এই বাতৰি কাকতখন পঢ়ো। সাক্ষাৎকাৰ শিতানটো পঢ়ো ভাল লাগে।এখন শুদ্ধ আৰু সচা বাতৰি কাকত। সেইকাৰণে বাতৰি কাকত খনক ৰাইজে আকোঁৱালি লৈছে আৰু নতুন নতুন শিল্পীক ঠাই প্ৰদান কৰা লগতে বিষয়বস্তু খুব ধুনীয়া।প্ৰিন্ট মিডিয়াৰ এখন প্ৰিয় বাতৰি কাকত ।আপোনালোকে সচা বাতৰিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে । কাকতখনৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ