অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ঋতৃষা শৰ্মাৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
ঋতৃষা শৰ্মাঃ নমস্কাৰ । প্ৰথমতে মই অসম এক্সপ্ৰেছৰ সমূহ কৰ্মকত্তাক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ জন্ম হৈছিল দুলীয়াজানত। কিন্তু তিনিবছৰ মান বয়সৰ পৰা মই যোৰহাটতে আছোঁ।মোৰ শিক্ষা জীৱন যোৰহাটৰ পৰা আৰম্ভ হয়।প্ৰথমতে চাৰি নং ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত মই চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছোঁ। পঞ্চম শ্ৰেণীৰ পৰা মই দশম শ্ৰেণীলৈকে দীপাংকৰ বিদ্যাপীঠত। হায়াৰ চেকেণ্ডাৰী আৰু ডিগ্ৰী মই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত পঢ়িছিলোঁ। তাৰ পাছত মই Post Graduation কটন কলেজৰ পৰা সাংবাদিকতাৰ ওপৰত কৰিছোঁ।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
ঋতৃষা শৰ্মাঃ মই যেতিয়া পঞ্চম শ্ৰেণীত পঢ়িছিলোঁ তেতিয়াৰ পৰাই মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল।অনুপ্ৰেৰণা বুলি ক’বলৈ গ’লে মোৰ মা দেউতাৰ কথাই প্ৰথমে ক’ম । কিন্তু তাৰ লগতে জুবিন গাৰ্গৰ গীতে খুব আকৰ্ষিত কৰিছিল । মোৰ শৈশৱৰ এটা দীঘলীয়া সময়ত মই জুবিন গাৰ্গৰ ঘৰখনৰ আৰু তেওঁৰ পৰিয়ালৰ সান্নিধ্য পাইছোঁ । যিহেতু জুবিন গাৰ্গ সম্বন্ধত মোৰ খুড়া হয়, গতিকে তেওঁলোকৰ যোৰহাটত ঘৰখন থকা অৱস্থাত আমাৰ প্ৰায়ে তেওঁলোকৰ ঘৰলৈ অহা যোৱা চলিছিল । জুবিন দাৰ তেতিয়াৰ ৰূমটোৱে মোক সংগীতৰ জগতখনৰ লগত প্ৰথমবাৰ চিনাকি কৰাই দিছিল। তেওঁৰ ৰুমৰ বেৰত লাগি থকা সেই পোষ্টাৰ আৰু তেওঁৰ বাদ্যযন্ত্ৰবোৰ চাই চাই মোৰ সংগীতৰ প্ৰতি এটা আসক্তি জন্মিছিল আৰু গান শিকিবলৈ অনুপ্ৰেৰণা পাইছিলোঁ । মা দেউতাই অনুপ্ৰেৰণা যোগোৱাত তেনেকৈয়ে মোৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল।
অসম এক্সপ্ৰেছ : গীত ৰেকডিং কৰাৰ সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে?
ঋতৃষা শৰ্মাঃ গীত ৰেকডিং কৰা সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই কিমান জিৰণি পাইছোঁ, কিমান ভাল মোৰ টোপনি হৈছে সেইখিনি গুৰুত্বপূৰ্ণ। মই ৰেকডিং কেতিয়াও ৰাতিপুৱাৰ ভাগত নকৰোঁ। কাৰণ মই বৰ দেৰিকৈ শোৱাৰ পৰা উঠোঁ। গতিকে ৰাতিপুৱা মোৰ মাতটো ইমান খোলাকৈ নোলায়। মই প্ৰায় ৰেকডিং গধূলি সময়ত কৰোঁ। যদি কেতিয়াবা দিনত কৰিব লগা হয় তেতিয়া পিছবেলালৈ কৰোঁ।তেতিয়া মই আগবেলা সময়খিনিত মই মোৰ মাতটোক জিৰণি দিওঁ, এটা-দুটা আমাৰ মাতটো ভাল হ’বলৈ ব্যয়াম থাকে সেইকেইটা কৰোঁ। যিমান শান্ত আৰু মুকলি মনেৰে ৰেকৰ্ডিং কৰা যায়, সিমানে ৰেকডিং ভাল হয় বুলি ভাবোঁ।
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰিছো।
ঋতৃষা শৰ্মাঃ স্মৰণীয় ঘটনা বহুত আছে।তাৰ ভিতৰত জুবিন দাৰ লগত যেতিয়া মই “জুনুকা” গানটো প্ৰথম শুনিছিলোঁ ষ্টুডিঅ’ত সেই মুহূৰ্তটো সদায় স্মৰণীয় হৈ ৰ’ব ।জুবিন দাই প্ৰথমে গীতটি নিজৰ কণ্ঠত ৰেকডিং কৰি থৈছিল আৰু মোক শুনাইছিল । সেই গীতটিয়ে মোক ৰাইজৰ আগত এটি পৰিচয় দিলে । কিন্তু জুবিন দাৰ কণ্ঠত শুনা ‘জুনুকা’ টো কেতিয়াও পাহৰিব নোৱাৰোঁ । জুবিন দাই মোক উপহাৰ হিচাপে দিছিল গীতটো । মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ হৈ ৰ’ব সেইটো । তেওঁৰ লগত কৰা প্ৰতিখন মঞ্চ মোৰ মনত থাকিব । মুম্বাই গৈ মোৰ বহুত কেইটা স্মৰণীয় মূহুৰ্ত হৈছে।বহুত কেইজন স্বনামধন্য ব্যক্তিক লগ পাইছোঁ।প্ৰতিটো মূহুৰ্ত মোৰ কাৰণে বহুত বেছি স্মৰণীয়।তাৰ লগতে চনু নিগমৰ লগত যেতিয়া একেলগে ডুবাইত একেখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ সেইটো মোৰ কাৰণে এটা স্মৰণীয় মূহুৰ্ত।এটা নহয় বহুত আছে স্মৰণীয় মূহুৰ্ত। এটা কবলৈ গ’লে অসুবিধা হয়।
অসম এক্সপ্ৰেছ : আপুনি কণ্ঠদান কৰা “বুঢ়া তামোলৰ পাগ” গীতটি কৰা সময়ত এনেকুৱা কি ঘটনা আছে যিটো আপোনাৰ আজিও মনত আছে?
ঋতৃষা শৰ্মাঃ “বুঢ়া তামোলৰ পাগ” মোৰ বৰ হিয়াৰ আপোন গীত। মই বহুদিনৰ পৰা আশা কৰি আছিলো তেনেকুৱা এটা গীতৰ কৰিবলৈ ।গীতটি কৰা সময়ত স্মৰণীয় ঘটনা বহুত হৈছে। শ্বুটিঙৰ সময়ত বৰ ভাল লাগিছিল। গানটোৰ এটা scene ত মই গৰ্ভৱতী মহিলাৰ এটা চৰিত্ৰ কৰিব লগীয়া হৈছিল । সেইকাৰণে মেক -আপ আষ্টিট গৰাকীয়ে মোক বেবী বাম্প(Baby bump)টো বনাই দিয়াৰ পাছত মই ৰুমটোৰ পৰা ওলাই অহাৰ পৰা ভালকৈ খোজ কঢ়া নাই। ইমান লাহে লাহে খোজ কাঢ়িছো যে আমাৰ শ্বুটিং হৈ থকা ঘৰৰ মালিকনীয়ে কৈছিল ,”তুমি সঁচাকৈ গৰ্ভৱতী মহিলা নহয়তো । তুমি ভালকৈ খোজ কাঢ়াছোন।” মই ইমানেই চৰিত্ৰটোৰ ভিতৰত সোমাই পৰিছিলোঁ যে পাহৰিয়েই গৈছিলোঁ । সেইটো বহুত হাঁহি উঠা ঘটনা হৈছিল সেইদিনা ।
অসম এক্সপ্ৰেছ : সকলো সফল ব্যক্তিৰ আঁৰত একোজন ব্যক্তি থাকে। আপোনাৰ এই সফলতাৰ আঁৰত থকা ব্যক্তি জনৰ বিষয়ে জানিব বিচাৰোঁ।
ঋতৃষা শৰ্মাঃ মোৰ সফলতাৰ আঁৰত মোৰ মা আছে ।কাৰণ আটাইতকৈ বেছিকৈ মোৰ গোটেই সাংগীতিক যাত্ৰাটোত আৰম্ভণিৰ পৰা আজিলৈকে থকা ব্যক্তিগৰাকীয়ে হৈছে মা। আমি আৰ্থিক ভাৱে ইমান সবল নাছিলোঁ । কিন্তু সেইখিনি সময়তো মা দেউতাই কষ্ট কৰি মোক গান শিকাইছিল আৰু প্ৰতিটো খোজতে মোক অনুপ্ৰেৰণা যোগাইছিল। তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰতিটো মূহুৰ্ততে মায়ে যিখিনি কৰিছে সেইকাৰণেই চাগে আজি এই ‘মই’জনী হৈছোঁ । গতিকে সফলতাৰ আঁৰৰ মানুহ বুলি কবলৈ গ’লে মাকে ক’ব লাগিব। যদিও দেউতাই সমানে মানসিক ভাৱে উৎসাহ দিয়ে কিন্তু সশৰীৰে মায়ে লাগি থাকে।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰে আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিব বিচাৰো
ঋতৃষা শৰ্মাঃ সংগীতৰ বাহিৰে কৰি ভাল পোৱা কাম বুলি ক’বলৈ গ’লে মই চিনেমা চাই খুব ভাল পাওঁ। সৰুতে খুব ছবি আঁকিছিলো। কিন্তু আজি বহুত বছৰে হ’ল আকিবলৈ বাদ দিয়া। এতিয়া নতুনকৈ কিছুমান কাম কৰি ভাল লগা হৈছে । সেইবোৰ গানৰ লগত জড়িত। মই নিজে গান সুৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। ঘৰত সৰুকৈ এটা ষ্টুডিঅ চেট আপ কৰি লৈছো । তাতো মই কাম কৰি ভাল পাওঁ। নিজৰ গান বোৰ নিজে বনাই ভাল পাওঁ। সকলোতকৈ বেছিকৈ ভাল পাওঁ নিঃসন্দেহে চিনেমা চায়। যিকোনো ভাষাৰ চিনেমা দিয়ক যেনেকুৱা চিনেমা দিয়ক মই চাই খুব ভাল পাওঁ।
অসম এক্সপ্ৰেছ : চলিত বৰ্ষত অসমবাসী ৰাইজক কি গীত উপহাৰ দিব এই বিষয়ে জানিব বিচাৰো।
ঋতৃষা শৰ্মাঃ কিছুদিন পূৰ্বে জুবিন দাৰ লগত মোৰ এটি গীত মুক্তি লাভ কৰিলে। গীতটি হৈছে “তুমি আছা মানে মই আছোঁ”। সেই গীতটিয়ে ৰাইজৰ পৰা বহুত মৰম বুটলিলে। এতিয়া যিহেতু বছৰটো শেষ হ’বৰ হৈছে, গতিকে শেষত সকলোৰে মৰমৰ গীত “জুনুকা” টো এটি নতুন ৰূপত আপোনালোকলৈ আগবঢ়াম। আৰু ডিচেম্বৰ মাহত মোৰ নিজৰ কথা আৰু সুৰৰ এটি গীত “মৰিচিকা” সকলোলৈকে আগবঢ়াম। 2022 বৰ্ষটো বহুত কেইটা গীত ৰাইজে শুনিবলৈ পাব। মোৰ চেনেলতে গোটেই গীত সমূহ উপলব্ধ হ’ব। গতিকে Ritrisha Sarmah Official এই চেনেলতো চাই থাকিব। আপোনালোকে গীতসমূহ শুনি ভাল পাব বুলি মই আশাবাদী।
অসম এক্সপ্ৰেছ : আপোনাৰ ভবিষ্যত পৰিকল্পনা সম্পৰ্কে জানিব বিচাৰোঁ।
ঋতৃষা শৰ্মাঃ ভবিষ্যত পৰিকল্পনা বুলি ক’লে বহুতো আছে । অসমীয়া গীতৰ লগতে বৰ্তমান মুম্বাইত কেইটামান হিন্দী গীতৰ কাম চলি আছে । গীতকেইটাক লৈ মই খুব আশাবাদী । গানৰ মাজেৰে আমাৰ সমাজখন কেনেকৈ দাঙি ধৰিব পাৰিম সেয়াই আমাৰ চেষ্টা আৰু সেয়াই পৰিকল্পনা।
অসম এক্সপ্ৰেছ : আপোনাৰ প্ৰিয় ব্যক্তি, প্ৰিয় ঠাই প্ৰিয় খাদ্য প্ৰিয় গ্ৰ্ন্থৰ বিষয়ে জানিব বিচাৰিছোঁ।
ঋতৃষা শৰ্মাঃ মোৰ প্ৰিয় ব্যক্তি এজন নহয় কেইবাজনো। মোৰ মা ,দেউতা, মোৰ গুৰু মা শিৱানী বৰুৱা ফুকন, মোৰ আটাইতকৈ প্ৰিয় বান্ধৱী জোনালী,মোৰ ভাইটি।
প্ৰিয় ঠাই বুলি ক’লে যোৰহাটৰ ঘৰখন ভাল লাগে, গুৱাহাটী ভাল লাগে, মুম্বাই ভাল লাগে।
প্ৰিয় খাদ্য বুলি ক’লে ঘৰত বনোৱা খাদ্য ভাল লাগে ।দক্ষিণৰ খাদ্য মোৰ প্ৰিয় । তাৰ লগতে বৰ আচৰিত বস্তু এটা প্ৰিয়, সেইটো হৈছে চেলমন ফিচ। মই কেইবাখনো ঠাইত খাবলৈ পাই এই জাপানৰ মাছবিধৰ প্ৰেমত পৰিলোঁ বেয়াকৈ।
সৰতে খুব কিতাপ পঢ়িছিলোঁ । আজিকালি একেবাৰে পঢ়া নহয়। পঢ়া কিতাপৰ ভিতৰত জজাতি, অসীমত যাৰ হেৰাল সীমা আৰু এখন ইংৰাজী গ্ৰন্থ “Lyrebird” (লেখিকা Cecelia Ahern) মোৰ খুব প্ৰিয় ।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব।
ঋতৃষা শৰ্মাঃ সকলোলৈকে ধন্যবাদ।ইমান সুন্দৰকৈ মোক মোৰ কথাখিনি উপস্থাপন কৰিবলৈ সুবিধা দিলে।অসম এক্সপ্ৰেছলৈ মোৰ ফালৰ পৰা বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু আহিবলগীয়া দিনবোৰৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে আলোচনী খন এনেকৈয়ে আগবাঢ়ি যাওঁক। সকলো ভালে থাকক কুশলে থাকক। কৰোণাৰ যি বেয়া সময় সেই বেয়া সময় পাৰ হৈ যাতে আকৌ ভাল দিনবোৰ ঘূৰি আহঁক তাৰে কামনা কৰিলোঁ । ধন্যবাদ।
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ।