Ritu Bora Actor


অসমৰ জনপ্ৰিয় অভিনেতা ৰিন্টু বৰাৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো
ৰিন্টু বৰাঃ মোৰ জন্ম নগাঁও জিলাৰ কৰৈয়নীৰ মাজৰ আটি গাৱঁত।মোৰ শৈশৱ আৰম্ভ হৈছিল মোৰ মামাৰ ঘৰত।মোৰ যিহেতু মা খুব সৰুতে ঢুকাইছিল।নৱমমান শ্ৰেণীত মই আকৌ ঘৰলৈ আহিলোঁ।
মই মামাৰ ঘৰত থকা সময়ত শ্বহীদ চন্দন সিং হাইস্কুলত মই অষ্টমশ্ৰেণীলৈকে পঢ়িলোঁ।তাৰ পাছত নৱম আৰু দশম শ্ৰেণী মই কৰৈয়নী হায়াৰ চেকেণ্ডাৰী স্কুলত পঢ়িলো। একাদশ আৰু দ্বাদশ শ্ৰেণী মই নগাঁও গভ্ট বয়ইছ হায়াৰ চেকেণ্ডাৰী স্কুলত পঢ়িলোঁ‌।নগাঁও কলেজৰ ডিগ্ৰী কৰিলোঁ আৰু অসমীয়া বিষয়ত এম এ কৰিলোঁ।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল
ৰিন্টু বৰাঃ মোৰ দেউতা প্ৰয়াত শ্ৰীযুত পদ্মকান্ত বৰা। তেওঁ নাটক ভাওনাৰ অভিনেতা আছিল।ঘৰখনত তেনে এটা পৰিৱেশ থকাৰ বাবে মই তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ।তাৰোপৰি শ্বহীদ চন্দন সিং হাইস্কুলত পঢ়ি থকা সময়ছোৱাত শ্ৰদ্ধাৰ জীতেন বৰা ছাৰে মোক মঞ্চ অভিনয় কৰাৰ সুযোগ দিয়ে।পৰৱৰ্তী সময়ত যেতিয়া অভিনয় একপ্ৰকাৰৰ নিচালৈ ৰূপান্তৰিত হল তেনে সময়ত মোৰ শ্ৰদ্ধাৰ গুৰু নৱজোতি বৰাৰ পৰা নাটকৰ শিক্ষা আৰু অনুপ্ৰেৰণা দুয়োটাই পাওঁ।এতিয়া ইষ্ট কুতুম্ব আত্নীয় পৰিয়াল বন্ধু বান্ধৱ তথা অসমৰ ৰাইজে বিভিন্ন সময়ত অনুপ্ৰেৰণা দি আহিছে।
অসম এক্সপ্ৰেছ : আপুনি অসমৰ এজন জনপ্ৰিয় অভিনেতা।এই জনপ্ৰিয় হোৱা আঁৰৰ ৰহস্য আপুনি কি বুলি ভাবে
ৰিন্টু বৰাঃ আচলতে মই জনপ্ৰিয় অভিনেতা বুলি কবলৈ বেয়া লাগে। এতিয়াও বহুত মানুহে হয়টো মোক নাজানে। যিসকলে চিনি পায় যিসকলে ভাল পায় বা যিসকল অনুৰাগী তেওলোকেবিচৰা কিবা এটা মোৰ মাজত দেখিছে বাবে মোক হয়টো মৰম কৰে।
অসম এক্সপ্ৰেছ : শৈশৱতে আপুনি কি হম বুলি সপোন দেখিছিল এই বিষয়ে জানিব বিচাৰো
ৰিন্টু বৰাঃ শৈশৱত আচলতে কি হম বুলি সপোন একো দেখা নাছিলোঁ।শৈশৱতো মোৰ আনতকৈ অলপ বেলেগ আছিল।গতিকে আগলে যেন খুব সাংঘাতিক কিবা অভিনয় কৰিম বা ডাঙৰ চাকৰি কৰিম বা লিখা মেলা কৰিব পাৰিম বা উচ্চ শিক্ষা লব পাৰিম তেনেকুৱা একো ধাৰণা কৰিব পৰাকৈ মোৰ এটা পৰিৱেশ পৰিস্থিতি নাছিলেই।।
অসম এক্সপ্ৰেছ : আপুনি অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট প’ষ্টৰ ৰাকেশৰ চৰিত্ৰটি ত অভিনয় কৰিছে।এই চৰিত্ৰটো অসমৰ ৰাইজৰ মাজত ইমান জনপ্ৰিয় হোৱা মূল কাৰণ আপুনি কি বুলি ভাবে
ৰিন্টু বৰাঃ ৰাকেশ চৰিত্ৰটো ভাল পোৱা আৰত কি কাৰণ সেইটো মই প্ৰত্যক্ষভাৱে উত্তৰটো দিব নোৱাৰিম। চৰিত্ৰটোৰ আচলতে গাঠনিটো পৰিচালক অথবা চিত্ৰনাট্যকাৰে গাঠি দিছে।লগতে চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওত চৰিত্ৰটোৰ যিখিনি উপাদান সেই উপাদানখিনি সঠিকভাৱে কৰিবলৈ চেষ্টা কৰিছো।চৰিত্ৰটোৱে যেনেধৰণে কথা কব ,চৰিত্ৰটোৰ চাল চলন, দৈহিক ভংগী, কথা বতৰা, সাজ পোছাক অনেক খিনি চৰিত্ৰটো ধৰণে অভিনয় কৰিবলৈ চেষ্টা কৰিছোঁ ।গতিকে সেইবোৰ কৰবাত দৰ্শকে কিছুমান মানুহৰ লগত চৰিত্ৰটো ৰজিতা খুৱাই ভাল পাইছে যেন মোৰ অনুভৱ হয়। সেইবোৰ হয়টো চৰিত্ৰটো ৰাইজে আকোৱালি লৈছে
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত এই বিষয়ে জানিব বিচাৰোঁ।
ৰিন্টু বৰাঃ বৰ্তমান মই বেহাৰবাৰী আউট প’ষ্টোত অভিনয় কৰাৰ লগতে ৰং চেনেলত আহিব লগা নতুনহাস্য ব্যংগ ধাৰাবাহিক “গোলমাল “ৰ কাহিনী চিত্ৰনাট্য সংলাপ লিখি আছোঁ।
অসম এক্সপ্ৰেছ : অভিনয় কৰা সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে
ৰিন্টু বৰাঃ মই অভিনয় কৰা ক্ষেত্ৰত অকল ৰাকেশ বুলিয়েই নহয় বা আন চৰিত্ৰ যিয়েই হওঁক, সৰু হওক বা ডাঙৰ হওক মই চৰিত্ৰটোৰ ভিতৰত সোমাবলৈ চেষ্টা কৰোঁ।যিমান খিনি পাৰোঁ মই মোৰ ফালৰ পৰা এশ শতাংশ দিবলৈ চেষ্টা কৰোঁ। চৰিত্ৰটোৱে বিচৰা ধৰণে অভিনয় কৰিব পাৰিলে চৰিত্ৰ এটাই প্ৰাণ পায়।
অসম এক্সপ্ৰেছ : আপুনি বহুতো জনপ্ৰিয় ধাৰাবাহিকৰ কাহিনী চিত্ৰনাট্য সংলাপ লিখিছে।এই বিষয়ে কিছু কথা জানিব বিচাৰোঁ
ৰিন্টু বৰাঃ মই এতিয়ালৈকে বহু কেইখন ধাৰাবাহিক লিখিছোঁ । । তাৰ ভিতৰত বেহাৰবাৰী আউট প’ষ্ট প্ৰায়৩৫০টা খণ্ড) অৰ্ধাংগিনী ,আউসীৰ জোনাক, ৰাধিকা, আহিনৰ আবেলি, চক্ৰবেহু,নয়না Weds. নিবিৰ, কৰ্ণ- অন্য এক মহাৰথী, জীৱনৰ ৰং, প্ৰেমানন্দ, শ্ৰীমান -শ্ৰীমতী ,প্ৰতিচ্ছবি,”বাঃ অমৰাৱতী বাঃ”(নৱজোতি বৰাৰ সহযোগী হৈ চিত্ৰনাট্য লিখিছোঁ) অমৰাৱতী বাঃ”অপৰাধ অনুসন্ধান, পলাশৰ ৰং ।
অসম এক্সপ্ৰেছ : আপুনি বৰ্তমানলৈকে সৰু পৰ্দাত অভিনয় আৰু চিত্ৰনাট্য সংলাপ লিখিছে।ঠিক তেনেদৰে ডাঙৰ পৰ্দাত চিত্ৰ নাট্য সংলাপ অভিনয় কৰিছে নেকি এই বিষয়ে জানিব বিচাৰো।
ৰিন্টু বৰাঃ বৰ্তমানলৈকে মই তিনিখন ছবিত অভিনয় কৰিছো।প্ৰথখন উপকূল বৰদলৈ দেৱৰ ছবি “অজানিতে মনে মনে”।তাৰোপৰি এখন ৰাজেশ ভূঞা দেৱৰ পৰিচালনাৰ ছবি “স্বৰ্গৰথ” আৰু আনখন কংকন ৰাজখোৱা দেৱৰ ছবি “ৰতনপুৰ” ।দুয়োখন ছবি শীঘ্ৰেই মুক্তিৰ পথত আছে।ভাল দিন আহিলে দৰ্শকে ছবি ঘৰত ছবি কেইখন চাব পাৰিব বুলি আশাবাদী।
অসম এক্সপ্ৰেছ : নৱ প্ৰজন্মই অভিনয় কৰা সময়ত কোনকেইটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে
ৰিন্টু বৰাঃ নৱ প্ৰজন্মই অভিনয় কৰা ক্ষেত্ৰত আগবাঢ়ি আহিলে প্ৰথমে মোৰ বোধেৰে তেওলোকে ধৈৰ্য্য ,একাগ্ৰতা অধ্যৱসায় এইকেইটা গুণৰ প্ৰয়োজন হব।এদিনতে কেতিয়াও ৰিজাল্ট নাহে।কষ্ট কৰিব লাগিব।পৰিশ্ৰম কৰিব লাগিব।একাগ্ৰতাৰে লাগিব লাগিব।কঠোৰ পৰিশ্ৰম কৰিলে হয়টো ৰিজাল্ট আহিব ।ধৈৰ্য্য ধৰিব লাগিব। ।অভিনয় কৰিবলৈ হলে বিষয়বস্তুৰ লগত বা নাটক বা তেওঁ কৰি থকা কামটোক ভাল পাব লাগিব।ভাল পোৱাই মানুহক সেই কামটোত সফল হোৱাত সহায় কৰে‌।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
ৰিন্টু বৰাঃ ‌অসম এক্সপ্ৰেছৰ লগত জড়িত সমূহ কৰ্মকত্তাক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ।আপোনালোকে সদায় ৰাইজৰ ভাল কাম কৰক ।যিখিনি আমাৰ অসমীয়া ৰাইজক প্ৰয়োজনীয় কথা বতৰা এইখন ই আলোচনীৰ মাধ্যমেৰে সকলো ৰাইজৰ মাজলৈ লৈ আহিব ।খুব ভাল কথা হৈছে যে এতিয়া মবাইলতে সকলো পোৱা হল । এখন ই আলোচনী হিচাবে যিহেতু আপোনালোকে কাম কৰি আছে গতিকে আলোচনীখনৰ মানদণ্ড যাতে উচ্চ হয় সেই কথাটো সদায় মনত ৰাখিব।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ।


Leave a Comment