শিশুশিল্পী প্ৰাৰ্চী কুনাল কৌশিকৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।তোমাৰ জন্ম, স্কুল খনৰ নাম এই বিষয়ে জানিব বিচাৰোঁ।
প্ৰাৰ্চী কুনাল কৌশিকঃ নমস্কাৰ ময়ো আপোনালোকৰ অসম এক্সপ্ৰেছক মৰম শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ জন্ম গুৱাহাটী মহানগৰীৰ ৰুক্নিনী গাৱঁত। মোৰ বয়স১২বছৰ।মই সপ্তম শ্ৰেণীত পঢ়ি আছোঁ।মই পঢ়ি থকা বিদ্যালয় খনৰ নাম ডেইলী পাব্লিক স্কুল খানাপাৰা।
অসম এক্সপ্ৰেছ : তুমি কেতিয়াৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰিছিলা আৰু কাৰ পৰা প্ৰেৰণা পাইছিলা এই বিষয়ে জানিব বিচাৰো।
প্ৰাৰ্চী কুনাল কৌশিকঃ মোৰ অভিনয় জগতত প্ৰৱেশ বুলি কবলৈ হলে প্ৰথমে মই মঞ্চত উঠিছিলোঁ আমাৰ স্কুলৰ বাৰ্ষিক অনুষ্ঠান নৃত্য পৰিৱেশনৰ দ্বাৰাই।মোৰ নৃত্যৰ পাছত মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী তথা বন্ধু বান্ধৱী অভিভাৱক সকলে মোক যথেষ্ট প্ৰসংশা কৰিছিল।সেই উৎসাহে মোক কিবা এটা কৰাৰ বাবে অনুপ্ৰেৰণা যোগাইছিল।তাৰ পাছত মই মডেলিং কৰিবলৈ আৰম্ভ কৰোঁ।গুৱাহাটী তথা অসমৰ বিভিন্ন ঠাইত মই মডেলিং কৰি যথেষ্ট সন্নান পাবলৈ সক্ষম হও আৰু মই বৰ্তমান মডেলিং জগতত স্বছকপাৰ হিচাপে অংশগ্ৰহণ কৰি আছোঁ। মই১২বছৰ বয়সতে অভিনয় জগতত খোজ পেলাওঁ। মই অভিনয় কৰিছিলোঁ প্ৰথমে এটা গীতৰ ভিডিঅত।গীতটো আছিল কাণে কাণে কি কলা।মই অভিনয় কৰিছিলোঁ নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস দাদাৰ লগত।তাৰ পাছত অভিনয় কৰা দ্বিতীয় গীতটি আছিল আখৰে আখৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ দাদাৰ।সেই গীতটিত অভিনয় কৰিছিলোঁ অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাস দাদাৰ লগত।অভিনয়ৰ সময়ত অসমৰ জনপ্ৰিয় গায়ক তথা নৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দাদাই মোক অতি উৎসাহিত কৰি সুন্দৰ মন্তব্য আগবঢ়াইছিল।এই ছেগতে জুবিন গাৰ্গ দাদালৈ পুনৰবাৰ অশেষ ধন্যবাদ জনালোঁ।ইয়াৰ পাছত মই অসমৰ জনপ্ৰিয় শিল্পী তথা পৰিচালক দীপক কুমাৰ ৰয়ৰ তত্বাৱধানত চিনেট এক্টেছ ফেক্টৰীগুৱাহাটীত যোগদান কৰোঁ। তাৰ পৰাই মই অভিনয়ৰ শিক্ষা গ্ৰহণ কৰোঁ।অভিনয় শিকাৰ সময়ত মই অসমৰ জনপ্ৰিয় শিল্পী ভগৱতপ্ৰতীম ছাৰ, বিকি জয়শ্ৰী গোস্বামী প্ৰাঞ্জনা দত্ত ,নীলয় গুপ্তা, সিদ্ধাথ মুখাৰ্জী, লিন্টন দে, বিভূতি ভূষণ হাজৰিকা আৰু লগতে বলীউদৰ বৰ্তমানলৈকে অভিনয় কৰি থকা তথা লগতে বহুতো অভিনেতা অভিনেত্ৰীৰ সান্নিধ্য লাভ কৰোঁ।দীপক কুমাৰ ৰয় ছাৰৰ তত্বাৱধানত চুটি ছবি বিদ্ৰোহত অভিনয় কৰিবলৈ সুযোগ পাওঁ।সেই সময়ত বিভিন্ন জনৰ সহাৰি পালোঁ।তাৰ মাজত বৰ্তমান বলীউদত কাম কৰি থকা কেনী বসুমতাৰীৰ পৰিচালনাত প্ৰথম ভিডিঅত কাম কৰোঁ।নতুন নতুন কামৰ বাবে আগবাঢ়িব বিচাৰিছিলোঁ।ময়ো কভিদ মহামাৰীৰ বাবে সাময়িক ভাৱে অভিনয় স্থগিত ৰাখিছোঁ যদিও দুখনমান ৱেৱ ছিৰিজৰ কাম আৰু মিউজিক ভিডিঅৰ কাম সোনকালে আৰম্ভ হব।
অসম এক্সপ্ৰেছ : জুবিন গাৰ্গ ৰ আখৰে আখৰে গীতত তুমি অভিনয় কৰিছা। অভিনয় কৰি তোমাৰ কেনেকুৱা লাগিছিল এই বিষয়ে জানিব বিচাৰো।
প্ৰাৰ্চী কুনাল কৌশিকঃ জুবিন গাৰ্গৰ আখৰে আখৰে গীতটিত অভিনয় কৰা কথা আপোনালোকক আগতে অৱগত কৰিলো।গীতটিত অসমৰ জনপ্ৰিয় শিল্পী উৎপল দাস দাই মোৰ লগত অভিনয় কৰিছিল।উৎপল দাৰ লগত কাম কৰা কথা কবলৈ গলে তেওঁ নিজে ইমান ডাঙৰ জনপ্ৰিয় অভিনেতা হোৱাৰ পাছতো মোৰ লগত কাম কৰি আৰু সহজ হবলৈ তেওঁ মোক বহুতো উপদেশৰ লগতে কোন সময়ত কেনেকুৱা ভাৱ ভংগী দিব লাগে তাকে শিকাইছিল।লগতে কেমেৰা মেন নগেন বৈশ্য দা আৰু কৰিঅগ্ৰাফাৰ দিগন্ত দাস দাদাই মোক সৰু ছোৱালীৰ দৰে মৰম কৰি অনুপ্ৰেৰণা যোগাইছিল।লগতে মই মেক আপ আষ্টিট চুইটী ৰহমান বা আৰু সুশান্ত মণ্ডল আৰু ড্ৰেছ ডিজাইনাৰ মুমী উজীৰ বাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।ইয়াৰ মাজতে মই অসমৰ জনপ্ৰিয় ফটোগ্ৰাফাৰ আৰু মোৰ লগতে মোৰ ঘৰৰ সকলোৰে মৰমৰ আজাদ মহম্মদ দাৰ নাম নোলোৱাকৈ নোৱাৰোঁ।আজাদ দাদাই মোক কৰা সহায় আৰু মৰমৰ কথা কব লাগিবই।তেওঁকো এই ছেগতে ধন্যবাদ জনালোঁ।
অসম এক্সপ্ৰেছ : অভিনয় কৰা উপৰিও আৰু কি কি কাম কৰি তুমি ভাল পোৱা
প্ৰাৰ্চী কুনাল কৌশিকঃ অভিনয় কৰাৰ ওপৰিওমই মডেলিং কৰি ভাল পাওঁ।বিভিন্ন ধৰণৰনাচৰ প্ৰতি মোৰ আগ্ৰহ আছে।মই বৰ্তমান ভাৰত নাট্যমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী।মোৰ গুৰু বন্দনা বৰ্মণ হয়।মই তেওঁৰ ওচৰত নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছোঁ।ভাৰত নাট্যমৰ লগতে মই মডেলিং আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ লৈ আছোঁ।মই অভিনয় কৰাৰ লগতে ক্ৰীড়া জগতৰ লগতো জড়িত হৈ আছোঁ।মই টেবুল টেনিছ খেলি ভাল পাওঁ।মই টেবুল টেনিছৰ প্ৰশিক্ষণ অসমৰ বিশিষ্ট ক্ৰীড়া প্ৰশিক্ষক তপোবন ছাৰৰ তত্বাৱধানত। মই চি বি এ ছি ৰ্বোডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছোঁ লগতে জিলা ভিত্তিত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ।ইয়াৰ ওপৰিও মই বিভিন্ন ধৰণৰ খাদ্য ৰান্ধি ভাল পাওঁলগতে আনক খুৱাইয়ো ভাল পাওঁ।বিভিন্ন ধৰণৰ ঠাই ভ্ৰমণ কৰি যথেষ্ট আনন্দ লাভ কৰোঁ।বহু সৰুতে মই ভাৰতৰ বিভিন্ন ঠাই ফুৰি শেষ কৰিছোঁ।মই মোৰ নিজৰ পৰিয়ালৰ সৈতে প্ৰত্যেক বছৰেই ফুৰিবলৈ যাওঁ।কিন্তু কৰোণাকালীন সময়ৰ বাবে এতিয়া কোনো ঠাই ভ্ৰমণ কৰা নাই।
অসম এক্সপ্ৰেছ : তোমাৰ প্ৰিয় ঠাই, প্ৰিয় খাদ্য প্ৰিয় ব্যক্তি এই বিষয়ে জানিব বিছাৰো
প্ৰাৰ্চী কুনাল কৌশিকঃ মোৰ প্ৰিয় ঠাই বুলি কলে মোৰ জন্মভূমিৰ কথা কব লাগিব।অসম মোৰ কাৰণে প্ৰথম প্ৰিয় ঠাই।তাৰ পাছত মুম্বাই আৰু ভাৰতৰ পাহাৰীয়া অঞ্চলবোৰ মোৰ ভাল লাগে।প্ৰিয় খাদ্য বুলি কলে দক্ষিণৰ খাদ্য আৰু কনটিমেন্টেল খাদ্য বৰ ভাল পাওঁ।প্ৰিয় ব্যক্তি বুলি কবলৈ গলে বিভিন্ন ক্ষেত্ৰত ভিন ভিন।অসমৰ ক্ষেত্ৰত জুবিন গাৰ্গ, পাপন ক্ৰীড়া ক্ষেত্ৰত হিমা দাসক ভাল লাগে।
অসম এক্সপ্ৰেছ : অভিনয় কৰা সময়ত ঘটা এনেকুৱা কি ঘটনা আছে যিটো তোমাৰ এইখিনি সময়ত মনত পৰিছে।
প্ৰাৰ্চী কুনাল কৌশিকঃ অতি হাস্যকৰ মই যেতিয়া আখৰে আখৰে গীতটিৰ কাৰণে মেক আপ কৰি আছিলোঁ তেতিয়া মই মূৰ ঘূৰাই পৰি গৈছিলোঁ।হঠাৎ উৎপল দাই গম পাই মোক দাঙি আনি বিছনাত শুৱাই দিছিল আৰু অলপ ব্যয়াম কৰাইছিল অলপ শান্তি অনুভৱ কৰিবলৈ।আজাদ দাই জোতা মোজা খুলি দি মূৰত পানী সানি দিছিল।পিছত গম পাই মোৰ বহুত লাজ লাগিছিল।আকৌ ছুটি ছবি বিদ্ৰোহ খন কৰি থকাৰ সময়ত সংলাপৰ সময়ত অসমীয়াৰ সলনি মাজে মাজে ইংৰাজী শব্দ উলাই আহিছিল।এতিয়া মনত পৰিলে বৰ লাজ লাগে।
অসম এক্সপ্ৰেছ : সদৌ শেষত আমাৰ অসম এক্সপ্ৰেছৰ কাৰণে এটা শুভবাতা
প্ৰাৰ্চী কুনাল কৌশিকঃ আপোনালোকৰ জনপ্ৰিয় আলোচনী অসম এক্সপ্ৰেছত মোৰ নিচিনা নৱ জনক সাক্ষাৎ লোৱা বাবে ধন্যবাদ জনালোঁ।অসমৰ বিভিন্ন ক্ষেত্ৰত বহুতো প্ৰতিভাশালী লোক আছে।আশা কৰোঁ আপোনালোকে তেওলোকক এখন মঞ্চ দিব।অসম এক্সপ্ৰেছৰ শ্ৰীবৃদ্ধি কামনা কৰিলোঁ ধন্যবাদ জয় আই অসম।
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ।