Pallab Paban Bora Script Writer


অসমৰ জনপ্ৰিয় স্কীপ ৰাইটাৰ পল্লৱ পৱন বৰাৰ মনৰ কথা

অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালো। আপোনাৰ জন্ম শৈশৱ কৈশোৰ লগতে শিক্ষা জীৱন সম্পৰ্কে কিছু কথা জানিব বিচাৰিছোঁ।
পল্লব পৱনঃ অসম এক্সপ্ৰেছকো মই ধন্যবাদ জনাইছোঁ মোক এইকন সুবিধা দিয়াৰ বাবে ।মোৰ জন্ম ধুবুৰীত।তাৰ পাছত আমি আমাৰ স্থায়ী ঘৰ নগাৱলৈ আহিলোঁ।শৈশৱ আৰু কৈশোৰ মই গোটেই খিনি নগাঁৱত পাৰ কৰিছোঁ।শৈক্ষিক জীৱনৰ কথা কবলৈ গলে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিছিলোঁ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ চেকেণ্ডাৰী পাছ কৰিলোঁ ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়।গ্ৰেজুৱেছন লৈছিলোঁ ৰাজনীতি বিজ্ঞান বিষয়ত নগাঁও কলেজৰ পৰা।আৰু এম এ কৰিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল?
পল্লৱ পৱনঃ মই চাৰিবছৰ বয়সতে নাট্যজগতত খোজ পেলাইছিলো।মোৰ দেউতাৰ এটা নাট্যগোষ্ঠী আছিল জোতি সংঘ নামৰ ।তাতে মই অভিনয়ৰ প্ৰথমটো খোজ পেলাইছিলো শিশু শিল্পী হিচাবে আমাৰ নগাঁৱৰ বৰদোৱা থানলৈ নে বৰপেটা তালৈ যাওতে তীৰ্থ যাত্ৰীৰ এটা দলৰ দুঘটনা হৈছিল তাৰ ওপৰত ভিত্তি কৰি দেউতাই এখন নাটক লিখিছিল মই আমি আৰু এটা প্ৰশ্নৰ উত্তৰ সেই নাটকখনত মই প্ৰথম শিশু শিল্পী হিচাপে অভিনয় কৰিছিলোঁ তাৰ পাছত শিশু শিল্পী হিচাবে দেউতাহতৰ সেই দলটোৰ লগত কৰিছিলোঁ এতিয়া জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক চন্দ মুদৈ তেওলোকৰ যিটো অনিবান গোষ্ঠী আছিল তাতো মই শিশু শিল্পী হিচাবে কাম কৰিছিলোঁ তাৰ পাছত জনপ্ৰিয় ধাৰাবাহিক নামঘৰীয়া অগ্নিগড় আদি ছবিত শিশু শিল্পী হিচাবে কাম কৰিছিলোঁ ।এনেকৈ মোৰ অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল।মই প্ৰেৰণা পাইছিলোঁ মোৰ দেউতা মোৰ ঘৰখন আৰু মোৰ বন্ধু বান্ধৱ সকলৰ পৰা আৰু এতিয়া আপোনালোকৰ মৰম প্ৰেৰণাতেই কাম কৰি আছোঁ
অসম এক্সপ্ৰেছ : আপুনি অসমৰ এজন জনপ্ৰিয় স্কীপ ৰাইটাৰ। আপুনি জনপ্ৰিয় হোৱাৰ আৰৰ ৰহস্য আপুনি কি বুলি ভাবে?
পল্লৱ পৱনঃ আচলতে মই নিজকে খুব জনপ্ৰিয় স্কীপ ৰাইটাৰ বুলি নাভাবোঁ স্কীপ লিখি আছোঁ শিকি আছোঁ ।তথাপিতো মানুহে ভাল পায় বুলি কলে ভাল লাগে প্ৰেৰণা পোৱা যায় আৰু ৰহস্য বুলি কলে আচলতে সেইটো পযায়লৈ যোৱা নাই তথাপিও চেষ্টা কৰোঁ আমাৰ দৈনন্দিন জীৱনৰ যিবোৰ ঘটনা হয় সেইবোৰ তুলি ধৰিবলৈ চেষ্টা কৰোঁ আৰু সেই স্কীপৰ যোগেদি এটা ভাল বাতৰি যাতে দিব পাৰে আৰু মই যিবোৰ স্কীপ লিখিছোঁ তাৰ দৃশ্যবোৰ যাতে বাস্তৱধৰ্মী হয় তেনেকুৱা ধৰণৰ চেষ্টা সদায় কৰি থাকো মানুহে হয়টো ভাল পায় আৰু ভালপাওঁ বুলি কলে ভাল লাগে
অসম এক্সপ্ৰেছ : আপোনাৰ দ্বাৰা ৰচিত বেইমান ভগৱান নাটক খনে এক প্ৰকাৰৰ খলকনি সৃষ্টি কৰিছিল। নাটকখনৰ লগত আপোনাৰ ষ্মৰণীয়মূহুৰ্ততকি কি জড়িত হৈ আছে?
পল্লৱ পৱনঃ বেইমান ভগৱান মোৰ জীৱনৰ প্ৰথমখন ভ্ৰাম্যমাণ নাটক। তাৰ লগত বহুত স্মৃতি জড়িত হৈ আছে । প্ৰথম কথাটো হৈছে যে এই নাটক খনৰ জৰিয়তে মই সুদশন থিয়েটাৰৰ যোগেদি নাট্যকাৰ হিচাপে আত্ন প্ৰকাশ কৰাৰ সুবিধা পালোঁ গতিকে এইটো মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় কথা। আৰু ৰাইজে নাটক খন ভাল পাইছিল সেইটো এটা ভাল লগা কথা আপুনি কোৱাৰ দৰে বিপুল সহাৰি লাভ কৰিছিল প্ৰতিখন ঠাইতে দুটা তিনিটাকৈ দৰ্শনী হৈছিল।এই নাটকখনৰ সময়তে বহু এটা বিতকৰ সূচনা হৈছিল নামটোক লৈ পেলাই জুমুঠি জ্বলোৱা হৈছিল মোৰ ওপৰত কেচ দিয়া হৈছিল তেনেকুৱা ধৰণৰ বহুত ষ্মৃতি জড়িত হৈ আছে সেইখিনি সময়ত দুখ লাগে কিছু সংখ্যক মানুহে ভূল বুজিছিল নাটক খনৰ যোগেদি মই ভগৱানক হেয় পতিপন্ন কৰিবলৈ গৈছোঁ বুলি আচলতে সেইটো নহয় পাছত সকলো ঠিক হল। নাটক খন চোৱাৰ পাছত সকলোৱে গম পালে সেই খিনি হময় বহুত কষ্টকৰ আছিল । নাটকৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নামটো দিয়া হৈছিল। ভাল লগা অভিজ্ঞতাৰ ভিতৰত যেতিয়া মই নাটক খন চাবলৈ যাওঁ তেতিয়া দশকৰ বিপুল সমাদৰ দেখিলে ভাল লাগে।হাত চাপৰি, কেতিয়াবা কন্দা মূহুৰ্ত দেখিবলৈ পাও দশকৰ মাজত।কেতিয়াবা আকৌ তিনিটা চাৰিটা দৰ্শনী কৰিব লগা হয় আৰু বহুত মানুহে ভৰি থাকিলে মনটো ভাল লাগে।এনেকুৱা বহুত অভিজ্ঞতা আছে
অসম এক্সপ্ৰেছ : আপোনাৰ দ্বাৰা ৰচিত বেহাৰবাৰী আউট পোষ্ট এখন খুবেই জনপ্ৰিয় ধাৰাবাহিক। বেহাৰবাৰী আউট পোষ্ট খন অসমৰ ৰাইজে আকোঁৱালি লোৱাৰ মূল কাৰণ আপুনি কি বুলি ভাবে ?
পল্লৱ পৱনঃ হয় বেড়াৰবাৰী আউট পোষ্ট অসমৰ খুবেই জনপ্ৰিয় ধাৰাবাহিক।মানুহে খুবেই ভাল পায় আমাৰ খুব ভাল লাগে। অসমৰ ৰাইজৰ মাজত এই ধাৰাবাহিক খন জনপ্ৰিয় হোৱাৰ কেইবাটাও কাৰণ আছে তাৰ ভিতৰত ধাৰাবাহিক খনৰ জৰিয়তে আমি আমাৰ জীৱনত ঘটি থকা কিছুমান সমস্যাক আমি বেংগাত্নক ভাবে উপস্থাপন কৰাৰ এটা প্ৰয়াস কৰোঁ।সেইটো কাৰণে মানুহে ভাল পায় আৰু হাহি ধেমালিৰ মাজেৰে সমাজলৈ এটা ভাল বাত্তা আমি ধাৰাবাহিকৰ মাজেদি দিব বিচাৰোঁ।সেইটো এটা অন্যতম কাৰণ।ধাৰাবাহিক খনত যিসকল শিল্পীয়ে অভিনয় কৰিছে তেওলোকে খুব বাস্তৱ অভিনয় কৰে। তাত অভিনয় কৰোঁ বুলি নকৰে বাস্তৱ বুলিভাৱে লোৱা বাবে কাৰণে জনপ্ৰিয় হৈছে। বেহাৰবাৰী আউট পোষ্ট খন হৈছে এটা টীম ৱক ইয়াত আমাৰ স্কীপ ৰাইটাৰ পৰিচালক অভিনেতা স্পট বয় কেমেৰা লাইট আদিত কাম কৰা সকলোৱে মিলি আমি এটা টীম হৈ কাম কৰোঁ ইজনে সিজনক সহায় কৰোঁ সেইকাৰণে এইখন জনপ্ৰিয় হৈছে । সচা ঘটনাৰ ওপৰত প্ৰস্তুত হোৱা বাবে এইখন জনপ্ৰিয় হৈছে
অসম এক্সপ্ৰেছ : আপুনি নাটক বা ধাৰাবাহিকৰ স্কীপ লিখাৰ সময়ত কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে?
পল্লৱ পৱনঃ মই স্কীপ লিখাৰ সময়ত কাহিনীৰ ওপৰত বেছি গুৰুত্ব দিওঁ যাতে কাহিনীটোৱে এটা ভাল বাত্তা সমাজলৈ কঢ়িয়াই নিব পাৰে। নাটক বা চিৰিয়েল হৈছে সমাজৰ এখন দাপোন।যিখন দাপোণত সমাজৰ বিভিন্ন চৰিত্ৰ বা সমস্যাপ্ৰতিফলিত কৰিব লাগে । যিবোৰ দৃশ্য তাত ল ও যত কেৱলমাত্ৰ বাস্তৱ জীৱনৰ দৃশ্য হে থাকে ।অভিনয় শিল্পী সকলে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ যাতে অভিনয় কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিওঁ।চৰিত্ৰ সমূহ যাতে ইটোৰ লগত সিটো সাদৃশ্য নাথাকে ।সংলাপৰ ওপৰত বেছি গুৰুত্ব দিওঁ।মোৰ প্ৰতিটো সংলাপতে যাতে দশকে নিজক বিচাৰি পায় তাৰ ওপৰত গুৰুত্ব দিওঁ।
অসম এক্সপ্ৰেছ : নৱ প্ৰজন্নই অভিনয় বা স্কীপ লিখাৰ সময়ত কোন কেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে।এই বিষয়ে আপুনি নৱ প্ৰজন্নক কি পৰামৰ্শ আগবঢ়াব?
পল্লৱ পৱনঃ নৱ প্ৰজন্নই অভিনয়ৰ ক্ষেত্ৰত হ ওক বা লিখা মেলাৰ ক্ষেত্ৰত হওক আহিব লাগে আৰু আহিবই লাগিব সংস্কৃতি এখন বোৱতী নদী ইয়াত সদায় ৰূপান্তৰ ঘটি থাকিব।নতুনৰ আগমন ঘটিব ।নৱ প্ৰজন্ম আহিব লাগে কিন্তু অহাৰ সময়ত গোটেই কথাখিনি জানি বুজি আহিলে ভাল ।এই বস্ত খিনি অভিনয় হওক বা যিকোনো ক্ষেত্ৰত শিকাৰ কোনো শেষ নাই। প্ৰতিটো দিনেই আমি নতুন নতুন কথা শিকিব পাৰোঁ তথাপিও প্ৰৱেশ কৰাৰ আগতে এটা সম্যক ধাৰণা এটা লৈ অহাটো খুবেই জৰুৰী। সাধনা কৰিব লাগিব।পঢ়া শুনা কৰিব লাগিব।একাগ্ৰতা লাগিব। বিভিন্ন দিশ চালি জাৰি চাব লাগে।
অসম এক্সপ্ৰেছ : আপুনি আপোনাৰ ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ।আমাৰ শেষ প্ৰশ্ন আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব।
পল্লৱঃ পৱনঃ অসম এক্সপ্ৰেছক ধন্যবাদ জনালোঁ মোক এইখিনি কবলৈ সুবিধা প্ৰদান কৰা কাৰণে। এই আলোচনীখন সকলোৱে আকোৱালি লওক তাৰে কামনা কৰিলোঁ ধন্যবাদ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment