Nilav Nita Singer


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাভ নীতাৰ মনৰ কথা
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
নীলাভ নীতাঃ হয় মোৰো খুবেই বেছি ভাল লাগিল আজিঅসম এক্সপ্ৰেছৰ জৰিয়তে মোৰ সাক্ষাৎকাৰ লব বিচৰা কাৰণে।মই খুবেই বেছি সুখী।মোৰ শৈশৱ আৰু কৈশোৰ বুলি কবলৈ গলে মই মৰাণ ৰাছগড়তে ডাঙৰ হোৱা।মই স্কুল বিদ্যা নিকেতন ৰাজগড়ৰ পৰা কৰিছোঁ।তাৰ পাছত ৰাজগড় জুনিয়ৰ কলেজ তাত হায়াৰ চেকেণ্ডাৰী পঢ়িলোঁ।তাৰ পাছত মই মৰাণ ছোৱালী কলেজৰ পৰা ডিগ্ৰী কৰিছোঁ।তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই অৰ্থনীতি বিষয়ত Rural Development কৰিছোঁ।তাৰ পাছত মই মোৰ গানৰ লাইনটোকে বাছি লৈছিলোঁ।
অসম এক্সপ্ৰেছ : আপুনি কেনেকৈ সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু এই ক্ষেত্ৰত আপুনি কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
নীলাভ নীতাঃ সংগীত জগত বুলি কবলৈ গলে মই মোৰ দেউতাৰ পৰা প্ৰথমতে শিকা।মোৰ দেউতা শ্ৰী লক্ষী চেতিয়া মোৰ বা বন্তি চেতিয়াৰ পৰা মই ঘৰুৱা শিক্ষা লৈছিলোঁ।তাৰ পাছত মই শাস্ৰীয় সংগীত কৰিছিলোঁ।দেবেন গগৈ ছাৰৰ পৰা।মই যেতিয়া মৰাণ ছোৱালী কলেজত পঢ়িছিলোঁ তেতিয়াই অসমৰ বিখ্যাত ষ্টুডিঅ ফিউজনৰ লগত পৰিচয় কৰাই দিছিল মোৰ খুবেই মৰমৰ দাদা উজ্বল কোৱৰ বিশিষ্ট বাহীবাদক।তেওঁ মোকতালৈ লৈ গৈছিল।তাতেই মই বহুতো গণ্য মান্য ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিলোঁ ৰাজীৱ শৰ্মা ককাইদেউ, মাধৱ ৰঞ্জন ককাইদেউ, ভৰত শইকীয়া জগৎ শইকীয়া জগত গগৈ দাদা, নীল আকাশ ,কুসুম কৈলাশ, উজ্বল আৰং তেওলোকৰ সংস্পৰ্শলৈ আহি গীত গাবলৈ শিকা।
অসম এক্সপ্ৰেছ : আপুনি কণ্ঠদান কৰা জনমে জনমে গীতটি অসমৰ ৰাইজে আকোঁৱালি লৈছে ।এই গীতটি ৰাইজে আকোৱালি লোৱা কাৰণ আপুনি কি বুলি ভাবে।
নীলাভ নীতাঃ জনমে জনমে গীতটি ৰাইজে আকোঁৱালি লৈছে।প্ৰথমতে মই সকলো অসমৰ ৰাইজক ধন্যবাদ জনালোঁ মোৰ গীতটি আকোঁৱালি লোৱা বাবে।গীতটি আচলতে নতুন প্ৰজন্ম ই যথেষ্ঠ ভাল পাইছিল।চিন্নয় কৌশিক আৰু জয় নিৰ্বানক মই ধন্যবাদ জনালোঁ মোক ইমান এটা সুন্দৰ গীত উপহাৰ হিচাবে দিয়া বাবে। মোক এই গীতটিত সহায় কৰিছে অভিনৱ মাউট ককাইদেউ আৰু গীতটি আচলতে নতুন প্ৰজন্নৰ লৰা ছোৱালীৰ মাজত বেছিকৈ খাপ খোৱা।প্ৰিয় জনৰ প্ৰতি আমাৰ যি অনুভৱ সেয়া আমি কেতিয়াবা শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ।চিন্নয় কৌশিকৰ গীতবোৰে আমাৰ প্ৰিয়জনৰ প্ৰতি যি অনুভৱ সেয়া প্ৰকাশ কৰাত সুবিধা কৰি দিয়ে আৰু সেইবাবেই হয়টো মোৰ জনমে জনমে গীতটি মানুহে আকোঁৱালি লৈছে কাৰণ প্ৰিয়জনৰ প্ৰতি থকা মনৰ ভাববোৰ গীতটোৰ যোগেদি প্ৰকাশ কৰি তুলিছে চিন্নয় কৌশিকে।সেইবোৰ চাগে গীতটি আকোৱালি ললে।গীতটোৰ আৰত যথেষ্ট কষ্ট লুকাই আছে।মই যথেষ্ট কষ্ট কৰিছোঁ ব্যক্তিগতভাৱে আৰু মানসিক শান্তি পাইছোঁ এই গীতটোৰ পৰা কষ্ট কৰিছোঁ কাৰণে এইখিনি পাইছোঁ বুলি মই ভাবোঁ।
অসম এক্সপ্ৰেছ : গীত ৰেকডিং কৰা সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
নীলাভ নীতাঃ ৰেকডিং কৰাৰ সময়ত গুৰুত্ব আচলতে শিকিছোহে দেই মই ইমান বেছি গাব পৰা হোৱাগৈ নাই। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কব লাগিব যে যেতিয়া মই কোনোবা এটা গীত গাব লও যদি গীতটো গাব নোৱাৰোঁ তেতিয়া মই চকুদুটা মুদি গীতৰ অন্তৰালতলুকাই থকাশব্দবোৰ মই অকণমান নিজে অনুভৱ কৰিবলৈ বিচাৰোঁ আৰু যেতিয়া অনুভৱ কৰোঁ আৰু গীতটোৰ যে কৰিছোঁ সেই কষ্টখিনিৰ কথা মনত পেলাওঁ আৰু হয় মই গীতটি গাব পাৰিবই লাগিব আৰু গীতটি যেতিয়া আপুনি অনুভৱ কৰিব পাৰিব নিজৰ জীৱনৰ লগত খাপ খুৱাই লব পাৰিব যেতিয়া গীতটি আপুনি নিজৰ বুলি ভাবিব পাৰিব তেতিয়া আপুনি গীতটি ধুনীয়াকৈ গাই দিব পাৰিব।
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা ষ্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰোঁ যিটো আপোনাৰ আজিও মনত আছে।
নীলাভ নীতাঃ স্মৰণীয় ঘটনা বহুত আছে মোৰ ।তাৰ ভিতৰত এটা স্মৰণীয় ঘটনা হৈছে ৰাজগড়ত মোৰ ঘৰ ।নিজৰ ঠাইত অনুষ্ঠান পৰিৱেশন কৰা এটা সুকীয়া আমেজ আছে।যেতিয়া প্ৰথম ৰাজগড়তমোক অনুষ্ঠান কৰিবলৈ মাতিছিল আছুৰ এখন অধিৱেশনত যত কৈছিল তই যাব লাগিব গাবলৈ আৰু সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰে আছে কি কি কাম কৰি আপুনি ভাল পায়।
নীলাভ নীতাঃ সংগীতৰ বাহিৰে মই চিনেমা খুব চাওঁ।এতিয়া নতুনকৈ ৰান্ধিবলৈ শিকিছোঁ বনাই ভাল লাগে আৰু বহুত মানুহৰ সংষ্পশলৈ আহি জানিছো কিছুমান কথা ।নতুন নতুন বস্ত বনাই ভাল লাগে।হাতে বনোৱা বস্ত খুবেই ভাল লাগে।
অসম এক্সপ্ৰেছ : আপোনাৰ মতে প্ৰেম আৰু জীৱনৰ সংজ্ঞা কি।
নীলাভ নীতাঃ মোৰ মতে প্ৰেম বা জীৱনৰ সংজ্ঞা দিবলৈ মই কোনো নহয় এটা মাত্ৰ খুব সহজ সৰল এজনী ছোৱালী মই ।মই ইমানো বেছি নাজানো। প্ৰেমৰ সংজ্ঞা বুলি কবলৈ গলে মোৰ মতে প্ৰেম হৈছে বন্ধুত্ব।প্ৰেম হৈছে ভালপোৱা মৰম আৰু এজনে আনজনৰ বাবে ত্যাগ স্বীকাৰ কৰিব পৰা এটা সৰল মানসিকতা।এজনে আনজনক বুজিব পৰা সৰল মানসিকতা।বৰষুণৰ পাছৰ কোমল পৰিষ্কাৰ ৰদ জাকৰ দৰে আমেজদায়ক বুলি কয় প্ৰেমক যিহেতু।সেই আমেজদায়ক কৰি তুলিব পৰাটোৱেই হৈছে প্ৰেম।জীৱন ৰ বিষয়ে মই সিমান বেছি নাজানিম।আমি নিজে কেতিয়াবা দিশহাৰা হৈ পৰো।জীৱণৰ বিষয়ে কবলৈ নাজাও কিন্তু প্ৰেমৰ বিষয়ে সেয়াই জানো।
অসম এক্সপ্ৰেছ : বতমান আপুনি কিহক লৈ ব্যস্ত আৰু ভবিষ্যত পৰিকল্পনা সম্পকে জানিব বিচাৰো।
নীলাভ নীতাঃ বৰ্তমান কৰোণা মহামাৰীৰ বাবে এটা বেয়া পৰিস্থিতি হৈ আছে ।বেয়া পৰিস্থিতিৰ বাবে আমি ঘৰতে সোমাই থাকিব লগীয়া হৈছে। কোনো ধৰণৰ পৰিকল্পনা হাতত লৈছোঁ যদিও সেইটো সম্পূৰ্ণ হব নে নাই আমি ভাবিব লগা হৈছে।গোটেই বিশ্বতে কৰোণা মহামাৰীয়ে যিখিনি আমাৰ ক্ষতিসাধন কৰিছে।সেইবাবে আমি একো ভাবিব নোৱাৰা অৱস্থাত আছোঁ।কিহক লৈ ব্যস্ত মই দুটাকৈ প্ৰজেক্ট কৰি আছোঁ এটা খুব মৰমলগা প্ৰজেক্ট আহি আছে মই এতিয়া নকও দুদিনমানৰ পাছতে আপোনালোকক জনাম।নিজৰ কাম কৰি গৈ আছো নাজানো আগলৈ কি হয়।
অসম এক্সপ্ৰেছ : কৰোণা মহামাৰীয়ে আকৌ মূৰ দাঙি উঠিছে। এই ক্ষেত্ৰত আপুনি অসমৰ ৰাইজক আপুনি কি পৰামৰ্শ দিব।
নীলাভ নীতাঃ মই অলপ আগতেই কৈ গৈছোঁ কৰোণা মহামাৰীয়ে আমাক যথেষ্ট ক্ষতি কৰিছে ।মানসিক ভাৱে আমি কেতিয়াবা বহুত ক্ষেত্ৰত ভাৰসাম্য হেৰুৱাই পেলাইছো আৰু সেয়া হয়টো বেমাৰৰ কাৰণ হব পাৰে।আ্মি অলপমান ধৈয ধৰি ভালদিনলৈ অপেক্ষা কৰিব লাগে।ঘৰতে থাকিব লাগে।সুস্থ থাকিব লাগে।মানসিক ভাৰসাম্য হেৰুৱাই নেপেলাব।এইটো ক্ষেত্ৰত দেখা গৈছে যে আমি বহুত ক্ষেত্ৰত মানসিকভাৱে ভাগি পৰিছোঁ।নিজৰ পৰিয়ালৰ লগত থাকক।বন্ধুৰ লগত কথা পাতক।কিবা যদি মনৰ অশান্তি পাইছে নিজৰ প্ৰিয়জনৰ লগত কথা পাতক।ভালকৈ থাকক।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব।
নীলাভ নীতাঃ অসম এক্সপ্ৰেছ খুব এখন মৰমলগা আৰু মৰমৰ ভাইটি কেইজনে খুব মৰমলগাকৈ অসম এক্সপ্ৰেছ গঠন কৰিছেআৰু ইয়াতে বহুত কথা জানিবলগা তেওলোকে আপোনালোকৰ মাজলৈ লৈ আহে ।সকলোৱে অসম এক্সপ্ৰেছক সহযোগিতা আগবঢ়াব।আপোনালোকৰ অনুপ্ৰেৰণাই তেওলোকক আৰু ভাল কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব আৰু অসম এক্সপ্ৰেছৰ তৰফৰ পৰা মোৰ অকণমান খবৰ লোৱা বাবে মই ধন্যবাদ জনালোঁ সকলো বিসয়ববীয়ালৈ আৰু সকলোৰে দিনবোৰ শুভ হ ওক মংগলময় হওক সকলোৱে সুস্থ থাকক তাকে মই মই কামনা কৰিলোঁ ধন্যবাদ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ পল্লব বৰদলৈ।


Leave a Comment