Kussum Kailash Singer


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ সৈতে হোৱা মত বিনিময়
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
কুসুম কৈলাশঃ মোৰ ফালৰ পৰা প্ৰথমতে অসম এক্সপ্ৰেছৰ সমূহ সদস্য লৈ বহুতো শুভকামনা জনালো আশা ৰাখিছো আপোনালোকৰ দিন কুশল মংগল।মোৰ ঘৰ চৰাইদেউ জিলাৰ মাহমৰাত। মোৰ গাওখনৰ নাম মানিকী বুঢ়াগোহাঁই বাৰী। তাতে মই জন্ম হৈছিলোঁ।এল পি স্কুল মই বুঢ়াগোহাঁই বাৰীতে কৰিছোঁ আৰু এম ই স্কুল কৰিছিলোঁ ২নং বৰবীল আমাৰ গাৱৰে ওচৰত এক কিলোমিটাৰ দূৰত। হায়াৰ চেকেণ্ডাৰী মই ধেমাজি দিচাংপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা।ডিগ্ৰী মই মৰাণ কলেজৰ পৰা কৰিছিলোঁ।ইমানতে মোৰ শিক্ষা জীৱন শেষ হয় আৰু তাৰ পাছত মই সংগীতৰ কামত মনোনিবেশ কৰোঁ।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
কুসুম কৈলাশঃ মই সৰুৰে পৰাই ঘৰত গান গাওঁ। সংগীত জগতত এনেকৈ সোমাই পৰিম বুলি ভবা নাছিলোঁ। তথাপিও মই গুৱাহাটী গৈ চাৰি বছৰ থাকি শিকি ঘূৰি আহি ২০০৪ চনৰ পৰা২০১১চনলৈ খেতি পথাৰত লাগিলোঁ।তাৰ পাছত মৰাণত এটা সাংস্কৃতিক পৰিৱেশ গঢ় লৈ উঠিল ষ্টুডিঅ ফিউজনৰ জন্ম হল।মই মাজে মাজে ফিউজনলৈ আহোঁ আৰু তেনেকৈ আকৌ কেতিয়া সাংস্কৃতিক মেৰপাকত সোমাই পৰিলোঁ মই নিজে নাজানো।তাৰ পাছত আকৌ মৰাণৰষ্টুডিঅত আহি গান লিখিবলৈ লাগিলোঁ। গান বনালো যদিও ইমান সফল হোৱা নাছিলোঁ।২০১৪চনৰ পৰা ৰাইজে মোৰ গান এটা দুটাকৈ শুনিবলৈ ধৰিলে।প্ৰেৰণা বুলি কলে ঘৰখন।ঘৰত কোনো গান গোৱামানুহ নাই কিন্তু গান ভাল পোৱা মানুহ আছে।গান ভাল পোৱা কাৰণে মোৰ দৰে পিছপৰা ঠাই এটুকুৰাৰ পৰা ওলাই আহি মই ৰাইজৰ আগত গান গাব পাৰিছোঁ।নহলে মোৰ ঠাই টুকুৰাত ইমান পিছপৰা অঞ্চলতোত সাধৰণতে শিল্পী বহুত সাংস্কৃতিক প্ৰতিভাৱান হলেও ওলাই আহিবলৈ সাধাৰণতে অসুবিধা হয়। মোৰ ঘৰ খন আচলতে সংস্কৃতি ভাল পোৱা গান ভাল পোৱা ।সেইবোৰ হয়তো মই ৰাইজৰ মাজত থিয় হব পাৰিছোঁ।
অসম এক্সপ্ৰেছ : গীত ৰেকডিং কৰা সময়ত আপুনি কোন কেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে
কুসুম কৈলাশঃ গীত ৰেকডিং কৰা সময়ত প্ৰথম কথা সুৰ আৰুশব্দৰ উচ্ছাৰণৰ ক্ষেত্ৰত মই গুৰুত্ব দিওঁ।
অসম এক্সপ্ৰেছ : আপুনি কণ্ঠদান কৰা বোকা গীতটি অসমৰ ৰাইজে আকোঁৱালি লৈছে।এই গীতটি ইমান জনপ্ৰিয় হোৱা কাৰণ আপুনি কি বুলি ভাবে
কুসুম কৈলাশঃ আচলতে আমাৰ সৰহভাগ ঠাই খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল। গাঁৱৰ মানুহে সদায় বোকা পানীৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ লগত খাপ খাই গৈছে।লগতে গাঁৱৰ মানুহে বোকা পানী গছকি আহিছে । গানটো চাগে অসমৰ ৰাইজৰ লগত মিলি গৈছে।সেইকাৰণে ৰাইজে ভাল পাইছে।দ্বিতীয় কথা হল অসমৰ খাদী উদ্যোগৰ উন্নীতকৰণৰ বাবে মই এটা সৰু প্ৰয়াস কৰিছোঁ এই গীতটিত। যদি গানটোৰ ভিডিঅ চোৱা যায় তেতিয়া হলে খাদী কাপোৰে আমাৰ অসমৰ শিল্পক আচলতে বাহিৰৰ জগতলৈ উলিয়াই নিব পৰাএটা সৰু প্ৰয়াস মোৰ দৰে এজন সৰু শিল্পীৰ সৰু প্ৰয়াস।সেইটো এটা কাৰণ হব পাৰে বুলি মই ভাবোঁ।
অসম এক্সপ্ৰেছ : লং লেঙ আপোনাৰ এটা খুব ধুনীয়া গীত।এই গীতটি আপুনি নীলাক্ষী নেওগৰ লগত কণ্ঠদান কৰিছিল।এই গীতটি কৰা সময়ত এনেকুৱা কি ঘটনা ঘটিছিল যিটো আপোনাৰ আজিও মনত আছে।
কুসুম কৈলাশঃ গানটো আচলতে মোৰ এটা মৰমৰ ভাইটিৰ হাতত আছিল তাৰ নাম দ্বীপ দিপান্তৰ।গানটোমই বহুদিন পৰিকল্পনা কৰি আছিলোঁ। নগাৰ মনৰ খবৰ জানি আচলতে গান বনাবলৈ ইমান সহজ নহয়।তথাপিও মই বহুত চেষ্টা কৰিছিলো। নগা ভাষা কেনেকৈ কয় তোক দেখি কিনা মৰম লাগিলে ঐ তোক দেখি কিনা ভাল পাই পেলাইছে ঐ নাগামিজ আচলতে গীতটি।বহুত সময় লাগিল মোৰ গীতটি কৰোতে।কেইবাজনো ককাইদেউয়ে সহায় কৰিলে। মৃন্নয় মৃত্তিক তেওলোকে সহায় কৰিছে।তেওঁলোকৰ ঘৰ অসমৰ সীমান্তৱৰ্তীনগালেণ্ডৰ ওচৰত।তেওলোকে নগাৰ লগত প্ৰায়ে ভাবৰ আদান প্ৰদান কৰি থাকে।তেওলোকৰ পৰা যথেষ্ট সহায় পাই তেনেকৈ গানটো কৰিছিলোঁ।তেনেকুৱা ধৰণৰ ঘটনা বুলি কলে মনে ভবা শ্বুটিঙ কৰিবলৈ ঠাই নাপালোঁ আছে যদিও ৰাস্তা পদূলি ভাল নহয়।তেনেকুৱা ধৰণৰ বহুত অসুবিধাৰ সন্মুখীন হব লগা হৈছিল।যিমান পাৰোঁ গানটো বনাবলৈ চেষ্টা কৰিলোঁ।ৰাইজে আকোৱালি লৈছে।মই জনাত নাগামীজত বিহু অসমীয়াত এইটোৱেই প্ৰথম বুলি ভাবিছোঁ।নগা আৰু আমাৰ অসমীয়া জাতিৰ দুয়োটা এটা সমন্নয়ৰ এটা সেতু গঢ় লৈ উঠে তাৰ এটা সৰু প্ৰয়াস কৰিছিলোঁ।
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনত ঘটা এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰোঁ।
কুসুম কৈলাশঃ মোৰ স্মৰণীয় ঘটনা বুলি কলে মোৰ জীৱনৰ প্ৰথমটো গীতেই জুবিন গাৰ্গক গোৱাইছিলো। আৰু সেই বুক খন ধপ ধপাই আছিল।সেইটো মোৰ কাৰণে এটা স্মৰণীয় ঘটনা আছিল।
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত আৰু আপোনাৰ ভবিষ্যত পৰিকল্পনা সম্পকে কিছু কথা জানিব বিচাৰোঁ।
কুসুম কৈলাশঃ বৰ্তমান মই খেতিত ব্যস্ত হলেও মই নতুন নতুন গানৰ চিন্তা কৰি আছোঁ।অসমৰ পৰিৱেশ পৰিস্থিতি ভাল হলে নতুন নতুন গান ৰাইজৰ মাজত মুকলি কৰি দিম।ভবিষ্যত পৰিকল্পনা চিনেমা বনাব লাগিব।চিনেমা হব লাগিব অসমত।তেতিয়াহে এটা জাতিৰ মূল বস্তটো প্ৰকাশ পাব।সাংস্কৃতিক দিশটো আগবাঢ়িব বুলি মই ভাবোঁ।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰে আৰু কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিব বিচাৰোঁ।
কুসুম কৈলাশঃ সংগীতৰ বাহিৰে মই কথা পাতি ভাল পাওঁ।নতুন বস্ত বনাই ভাল পাওঁ।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
কুসুম কৈলাশঃ অসম এক্সপ্ৰেছ আৰু দীঘলীয়া হওক।এই আলোচনীৰ যোগেদি আৰু ভাল ভাল উঠি অহাকবি সাহিত্যিকৰ জন্ম হওক। বহু সুপ্ত প্ৰতিভাৰ বিকাশ সাধন হ ওক এই আলোচনীৰ যোগেদি।আলোচনী খন চিৰস্থায়ী হোৱাৰ কামনা কৰিলোঁ।তোমাকো ধন্যবাদ জনালোঁ মোক এই আলোচনী খনত কথা কবলৈ সুযোগ দিয়াৰ বাবে।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment