Jumi Choudhury Baruah


অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুমি চৌধুৰী বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছঃ প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ আলোচনীৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ
জুমি চৌধুৰী বৰুৱাঃ নমস্কাৰ পোন প্ৰথমে অনুপমা আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা তথা শুভ কামনা জ্ঞাপন কৰিছোঁ। মোৰ জন্ম দক্ষিণ কামৰূপ জিলাৰ বঙৰা মাজ পাৰা গাঁৱত আৰু সেই গাওঁ খনতেই মোৰ স্কুলীয়া জীৱনৰ আৰম্ভনি হৈছিল। পিছলৈ মই মিৰ্জা ছোৱালী হাইস্কুলত পঢ়িছিলোঁ আৰু দক্ষিণ কামৰূপ কলেজৰ পৰা শিক্ষা বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰো আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰো।
অসম এক্সপ্ৰেছঃ আপুনি কেনেকৈ অভিনয় জগতত প্ৰৱেশ কৰিছিল আৰু এই ক্ষেত্ৰত আপুনি কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিবলৈ বিচাৰোঁ
জুমি চৌধুৰী বৰুৱাঃ অভিনয় জগতত মই প্ৰথম খোজ দিছিলোঁ যেতিয়া মই মিৰ্জা ছোৱালী হাইস্কুলত পঢ়ি আছিলোঁ বিদ্যালয় খনত মই নাটক এখনত এটি চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত প্ৰৱেশ কৰিছিলোঁ। সেই নাটকখনত অভিনয় কৰি মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো। অভিনয় জগতত আগবাঢ়ি যাবলৈ উৎসাহ তথা প্ৰেৰণা পাইছিলো মোৰ মিৰ্জা ছোৱালী বিদ্যালয়ৰ শ্ৰদ্ধাৰ
মইনা গোস্বামী ছাৰ, শ্ৰদ্ধাৰ হীৰেন ছাৰৰ লগতে আন আন ছাৰ বাইদেউ সকলৰ পৰাও প্ৰেৰণা পাইছিলো । তাৰ পিছত যেতিয়া মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়াও মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো। সেই মহাবিদ্যালয়ৰে শিক্ষা বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ অসীম ছাৰৰ লগতে বিভাগৰ আন আন ছাৰ বাইদেউ সকলৰ পৰা প্ৰেৰণা পাইছিলো। তাৰ পিছত মোৰ ঘৰ খন, মোৰ মা, দাদা তেওঁলোকে মোক বহুতো সহায় কৰিছিল অভিনয় জগতত আগবাঢ়ি যোৱা ক্ষেত্ৰত। তাৰ পিছত মোৰ বন্ধু বান্ধৱী, অসমৰ ৰাইজ, শেষত মই নাম ল’ব লাগিব মই যত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ মোৰ শ্ৰদ্ধাৰ গুৰু সকল শ্ৰদ্ধাৰ মৃণাল হালৈ ছাৰ, শ্ৰদ্ধাৰ গুণাকৰ দেৱ গোস্বামী ছাৰ, জ্যোতি নাৰায়ন ছাৰ, চেতনা জেঠাই,হিমাংশু প্ৰসাদ দা অপূৰ্ব ছাৰ,ৰূপম ছাৰকে ধৰি আৰু বহুতো ব্যক্তিৰ পৰা। বৰ্তমান মই বিয়া হোৱা ঘৰ খনৰ পৰা বহুত বেছি প্ৰেৰণা পাইছোঁ যাৰ বাবে মই আগবাঢ়ি যাব পৰিছো, মোৰ স্বামী, মা(শাহু মা), দেউতা বহুতেই supoort কৰে মোক, বিশেষ কৈ মোৰ শাহু মাৰ নাম লবই লাগিব এই ক্ষেত্ৰত তেওঁ মোক সদাই আগবঢ়াই নিছে, আচলতে তেওঁক মোৰ নিজৰ মা বুলি ভাবি মা সদাই মা হয় শাহু মা বুলি কোনো শব্দ নাই বুলি মই ভাবোঁ ।
অসম এক্সপ্ৰেছঃ অভিনয় জগতত ঘটা এনেকুৱা কি ঘটনা আছে যিটো আপোনাৰ আজিও মনত আছে।
জুমি চৌধুৰী বৰুৱাঃ অভিনয় জগতত ঘটা ঘটনা বুলি কবলৈ গলে বহুতো আছে আমাৰ শ্বুটিঙৰ সময়ত বহু ঘটনাই ঘটে তাৰ ভিতৰত এটি ক’বলৈ গ’লে ৰুমাল গানটোৰ শ্বুটিঙৰ ঘটনা এটি কৈছোঁ। যিটো মনত পাৰিলে আজিও মোৰ গাৰ নোম সিয়ৰি উঠে। সেই গানটোৰ শ্বুটিং আমি কুন্দুলী পথাৰ নামে ঠাই ডোখৰত কৰিছিলো।তাত এটা বহু ডাঙৰ পুখুৰী আছে তাত এটা শ্বট দিব লগা হ’ল।যত মই আৰু মোৰ স্বামী নাও এখনত উঠিব লাগে।নাও খন মোৰ স্বামীয়ে চলাইছিল। সেই নাও খন চলাই আমি দুয়োজনেই মাজলৈ গৈছিলো। ইমানেই বেছি ভয় লাগিছিল আৰু স্বামীয়ে সেইদিনা খন প্ৰথম নাও চলাইছিল। তেওঁৰ একেবাৰে অভিজ্ঞতা নাছিল। ভগৱানৰ কৃপাত ভালে ভালে শ্বট তো দি পাৰলৈ আহো।যেতিয়া শ্বুটিং সামৰি আমি আহিছিলো আৰু দাদা এজনে কৈছিল যে পুখুৰীটোত বহু ডাঙৰ ৰহস্য আছে মানুহ ঢুকাইছিল তাত আৰু সেই ঠাই ডোখৰ ভয় লগা বুলি কয় । সেই ঠাইত আমি ৰাতি ১টা বজালৈকে শ্বুটিং কৰিব লগা হৈছিল।সেই কথাখিনি মনত পৰিলে আজিও গাৰ নোম সিয়ৰি উঠে।
অসম এক্সপ্ৰেছঃ অভিনয় কৰা সময়ত আপুনি কোনবোৰ কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
জুমি চৌধুৰী বৰুৱাঃ অভিনয় কৰা সময়ত পোন প্ৰথমে ভগৱানৰ নাম লৈ আৰম্ভ কৰোঁ। তাৰ পিছত মোৰ শ্ৰদ্ধাৰ গুৰু সকলৰ মনতে নাম ল ও। তাৰ পিছত স্কীপ কেইখন ভালদৰে পঢ়ি চাও।স্কীপৰ প্ৰতিটো সংলাপ মনত ৰাখিবলৈ চেষ্টা কৰো। তাৰ পিছত সাজ সজ্জাৰ ওপৰত গুৰুত্ব দিওঁ। সদায় মাৰ্জিত সাজ পাৰ পৰিধান কৰিবলৈ কৰো। তাৰ পিছত মই অভিনয়ৰ শৈলী সমূহৰ ওপৰত গুৰুত্ব দিওঁ।সংলাপ সমূহ ডাঙৰকৈ কবলৈ চেষ্টা কৰো যাতে ৰাইজে ভালদৰে শুনা পায়। নিজৰ অভিনয় শৈলী ভাল কৰিবলৈ চেষ্টা কৰো।
অসম এক্সপ্ৰেছঃ অভিনয় কৰাৰ বাহিৰে আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰো
জুমি চৌধুৰী বৰুৱাঃ অভিনয় কৰাৰ বাহিৰেও নাচি, সৌন্দৰ্য চৰ্চা কৰি, কিতাপ পঢ়ি, ভ্ৰমণ কৰি ভাল পাওঁ। আটাইতকৈ বেছি ভাল পাওঁ মানুহক সহায় কৰি । মানুহক সহায় কৰিলে মনত যি খুব ভাল অনুভৱ হয় লগতে মনটো শান্তি লাগে।
অসম এক্সপ্ৰেছঃ বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিব বিচাৰো
জুমি চৌধুৰী বৰুৱাঃ বৰ্তমান মই সৌন্দৰ্য চৰ্চাৰ লগতে কেইটামান মিউজিক ভিডিঅ’আৰু এখন চুটি ছবিৰ লগত ব্যস্ত হৈ আছোঁ। ছবিখনৰ শ্বুটিং শেষে হৈছে। কেইটামান মিউজিক ভিডিঅ’ৰ কাম বাকী আছে সেইখিনি কৰি আছোঁ।যিহেতু এগৰাকী মাতৃ বৰ্তমান কণমানি ল’ৰাৰ তাৰ সাত মাহ হৈছে বহু বেছি কাম কৰি থাকিব পৰা নাই তাকো সময় দিব লগা হয়। তাৰ মাজতে কামবোৰ কৰি আছোঁ আৰু ভবিষ্যত পৰিকল্পনা বহুত আছে। যিখিনি কাম কৰি আছোঁ অসমৰ ৰাইজৰ মাজলৈ আগবঢ়ায় দিম।
অসম এক্সপ্ৰেছঃ আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰো যিটো আপোনাৰ আজিও মনত আছে।
জুমি চৌধুৰী বৰুৱাঃ জীৱনৰ স্মৰণীয় ঘটনা বুলি কলে মনত পৰে দেউতা যিদিনা খন ঢুকাইছিলে। সেইদিনা শিৱ ৰাত্ৰী আছিল সন্ধিয়া সময়ত ভন্টি দুজনী মই শিৱ পূজাৰ পৰা আহো। ভন্টি দুজনীক ঘৰত থৈ আহি মই যেতিয়া আহো আহি দেখো যে দেউতা আমাৰ মাজত নাই শেষবাৰৰ বাবে ম ই মোৰ দেউতাক দেখি নাপালোঁ যিটো কথা মনত পৰিলে আজিও মোৰ খুব বেছি দুখ লাগে।
অসম এক্সপ্ৰেছঃ শৈশৱতে আপুনি কি হ’ম বুলি সপোন দেখিছিল আৰু যদি আপুনি আজি অভিনেত্ৰী নহ’ল হয় তেতিয়া হ’লে কি হল হয় এই বিষয়ে জানিবলৈ বিচাৰো।
জুমি চৌধুৰী বৰুৱাঃ শৈশৱৰ সপোন বুলিব নোৱাৰি আচলতে শৈশৱতে কিছুমান মনৰ হেঁপাহ থাকে মনৰ কিছুমান আশা থাকে অভিনয়ৰ জৰিয়তে মোক সকলোৱে চিনি পাওঁক মৰম দিয়ক অভিনয়ৰ জৰিয়তে ৰাইজে আকোঁৱালি লওক।যদি অভিনেত্ৰী নহলো হয় এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ হেঁপাহ এটা সৰুৰে পৰাই মনত পুহি ৰাখিছোঁ।যিটো কম বেছি পৰিমাণে হৈছেও। কলেজ এখনত মই শিক্ষকতা কৰি আছিলোঁ।লক ডাউনৰ পিছত কলেজ খন এৰি অহা হ’ল। যিহেতু কণমানি ল’ৰাৰ জন্ম হ’ল সেইকাৰণে এৰি দিব লগা হ’ল। ভবিষ্যতে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ হেঁপাহ আছে।
অসম এক্সপ্ৰেছঃ আপোনাৰ মতে প্ৰেম আৰু জীৱনৰ সংজ্ঞা কি
জুমি চৌধুৰী বৰুৱাঃ প্ৰেম আৰু জীৱনৰ সংজ্ঞা দিয়াতো একেবাৰে সম্ভৱ নহয় বৰ্তমানলৈকে কোনেও সঠিক কৈ দিব পৰা নাই । তথাপি ম ই ভাবোঁ প্ৰেম মানে এক স্বৰ্গীয় অনুভূতি।প্ৰেম এক মিঠা অনুভৱ। প্ৰেম বুলি ক’লে মানুহে নিদিষ্ট এটা বস্তক বুজাব নোৱাৰে। প্ৰেম কেনেকৈ কাৰ লগত হয় কোনেও নাজানে। প্ৰথম অৱস্থাত এটি শিশুৰ প্ৰেম হয় নিজৰ মাতৃৰ লগত। তাৰ পিছত সেই শিশুটি যিমানেই ডাঙৰ হৈ আহিব আন কাৰোবাৰ লগত প্ৰেম হ’ব পাৰে।প্ৰেমৰ সংজ্ঞা দিয়াটো একেবাৰে সম্ভৱ নহয়। জীৱন মানে হ’ল যি নিজৰ জীৱনতো প্ৰত্যেক দিনাই নতুনকৈ উদযাপন কৰিব পাৰে।যি নিজৰ জীৱন টোক ভাল পাব জানে। জীয়াই থকাৰ যিটো হেপাহ সেই হেঁপাহ তো সদায় দৃঢ়তাৰে ৰাখিব পাৰে। সৰু সৰু সুখত সুখী হ’ব পাৰে।যি জীৱনতোনিজৰ ধৰণে উদযাপন কৰিছে।থকাবোৰৰ মাজতে সৰু সৰু সুখবোৰ হেঁপাহ বোৰ বাছি লৈছে। নোপোৱা বোৰক লৈ ইমান যন্ত্ৰনাৰ মাজতো হাহাকাৰ কৰি পোৱা সুখ খিনিক কেতিয়াও অপমানিত হ’ব দিয়া নাই সেয়াই মই জীৱন বুলি ভাবোঁ ।
অসম এক্সপ্ৰেছঃ আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছ আলোচনীৰ খনৰ বিষয়ে এটা শুভ বাৰ্তা জনাব
জুমি চৌধুৰী বৰুৱাঃ সদৌ শেষত অসম এক্সপ্ৰেছ আলোচনীৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা শুভ কামনা জ্ঞাপন কৰিছো। লগতে ভাইটি পবিত্ৰলৈ মোৰ শুভ কামনা থাকিল। তুমি সদায় আগবাঢ়ি যোৱা।ৰাইজক নতুন নতুন সোৱাদ দিবলৈ চেষ্টা কৰা। অসম এক্সপ্ৰেছ আলোচনী খনত সদায় ইতিবাচক লিখনি প্ৰচাৰ হওক। নতুন নতুন চিন্তাধাৰাৰে আগবাঢ়ি যাওক। অসম এক্সপ্ৰেছ আলোচনী খন সদায় জনগণৰ মাজত জিলিকি থাকক ধন্যবাদ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment