Chetna Das Actress


অসমৰ জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস বাইদেউ লগত হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। আপোনাৰ জন্ম, শিক্ষা জীৱন এই বিষয়ে জানিব বিচাৰোঁ।
চেতনা দাসঃমোৰ জন্ম ১৯৫৪ চনতশ্বিলঙৰ গণেশ দাস হষ্পিতালত।দেউতা কৰ বিভাগত চাকৰি কৰিছিল‌।শ্বিলঙত জন্ম হোৱা বাবে মোৰ নাকটো ফেচাৰ নিচিনা। মই বৰপেটাৰ আমোলাপট্টি প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ।তৃতীয় শ্ৰেণীৰ ছমহীয়া পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে তেজপুৰৰ ছিলভাৰ জুবলী স্কুলত পঢ়োঁ।তেজপুৰ কন্যা বহুমুখী বিদ্যালয়ৰ পৰা হায়াৰ চেকেণ্ডাৰী পাছ কৰিছোঁ।তাৰ পাছত দৰং কলেজত পঢ়িছিলোঁ।স্কুলীয়া জীৱনত বহুতো প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। গীত মাত নাটকত শ্ৰেষ্ঠ অভিনেত্ৰী আছিলোঁ।বিশ্ববিদ্যালয়ত মই শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্নান লাভ কৰিছিলোঁ ।মই যেতিয়া দৰং কলেজত পঢ়ি আছিলোঁ তেতিয়া একেলগে ৮ টা স্বণ পদক পাইছিলোঁ।তেতিয়া শিক্ষাগুৰু সকলে যথেষ্ট উৎসাহ দিছিল।এই ক্ষেত্রত দৰং কলেজৰ প্ৰিঞ্চিপাল হিমেন্দ্ৰ বৰঠাকুৰ ছাৰে যথেষ্ট উৎসাহ দিছিল। সেইকাৰণে আজি মানুহে মোক চেতনা দাস হিচাপে চিনি পাইছে।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল।
চেতনা দাসঃ অভিনয় জগতত কেনেকৈ প্ৰৱেশ কৰিছিলোঁ ঘপপকৈ কোৱা টান।স্কুলৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ অভিনেত্ৰী হৈছিলোঁ।তাৰ লগতে গীত মাত আদিতো পুৰস্কাৰ লাভ কৰিছিলো।এই ক্ষেত্ৰত প্ৰেৰণা পিতৃ মাতৃ শিক্ষাগুৰু ক্ৰমে পদ্মশ্ৰী শীলা বৰঠাকুৰ, লক্ষ্মোৰ ভাটখাণ্ডেৰ মীৰা দাস, পদ্মনাথ গোহাঞি বৰুৱা ছাৰৰ নাতি মৃণালী দাস বাইদেউ, নিপন গোস্বামীৰ মাতৃ নিৰু গোস্বামী।মোৰ যিসকল স্কুলীয়া জীৱনৰ শিক্ষা গুৰু আছিল মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ।এটা কথা মই কবই লাগিব বৰপেটা আৰু তেজপুৰ এই দুখন ঠাইৰ প্ৰভাৱ মোৰ স্কুলীয়া জীৱনত বেছি। এই দুখন ঠাইত মই নাটক গীত মাত আদিৰ চৰ্চা বেছিকৈ পাইছিলোঁ। বৰপেটাৰ সাংস্কৃতিক জগতৰ যিসকল পুৰুধা ব্যক্তি তেওঁলোকৰ লগত অভিনয় কৰাৰ সৌভাগ্য মোৰ হৈছিল।তাৰ পাছত তেজপুৰ বাণ থিয়েটাৰৰ যিসকল ব্যক্তি বিষ্ণু ৰাভা,তুলসী দাস ফণী শৰ্মা মঞ্চ কোৱৰ, বিজয় শৰ্মা চন্দ্ৰধৰ গোস্বামী যিসকলে পূজাৰ সময়ত নাটক কৰিছিল অষ্টমী নৱমীৰ নিশা তেওলোকৰ লগত মই নাটক কৰিছিলোঁ। মই বহুত সুখী আৰু সৌভাগ্যৱতী অষ্টম নৱম শ্ৰেণীত পঢ়ি থাকোতে মই আমাৰ এখন নাটক আছিল নাট্যকাৰ প্ৰফুল্ল বৰা আৰু আমাৰ অনুষ্ঠানটোৰ নাম আছিল সংগীত নাটকম।সংগীত নাটকমৰ যোগেদি অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰিছিলোঁ এগৰাকী৮০ বছৰীয়া আইতাৰ ভাৱত।নাটক খনৰ নাম আছিল উপপথ।নাটকত তৰু বাইদেউ, নিপন গোস্বামী, ঐশ্বয্য ৰবীন গায়ন উদয় শইকীয়া ভবানী নাথ জুনু বাইদেউ তেওঁলোকৰ লগত অভিনয় কৰিছোঁ। মই আটাইতকৈ সৰু আছিলোঁ অভিনয়ত ।কিন্তু মই বয়সীয়াল চৰিত্ৰত অভিনয় কৰিছিলোঁ।তেওঁলোকৰ আইতা আছিলোঁ।সেইবোৰ কথা ভাবি ভাল লাগে।
অসম এক্সপ্ৰেছ : আপুনি অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।এই জনপ্ৰিয় হোৱা মূল কাৰণ আপুনি কি বুলি ভাবে।
চেতনা দাসঃ মই এটা কথা কব বিচাৰোঁ ৰাইজে মোৰ ৰজা ঐ বুকুৰে বান্ধৈ ঐ ৰাইজে মোৰ সেৱাৰে থলী।
অসম এক্সপ্ৰেছ : আপুনি লাভ কৰা সন্নান সমূহৰ বিষয়ে জানিব বিচাৰোঁ।
চেতনা দাসঃ 1/ জীৱন জোৰা সাধনা বটা নতুন দিল্লী যুৱ সংগঠন সৃষ্টিৰ পৰা দিছে।
2/ বীণা প্ৰসাদ উৎকৰ্ষ বটা।
3/ ৰসৰত্না উপাধি।
4/ বৰপেটা বটা।
5/অসম 25 Th অসম ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগে দিয়া বটা।
6/ গ্লৰিয়েছ কালছাৰেল ছিলভাৰ জুবলী চেলিব্ৰেচন ২০০৮
7/ প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজে দিয়া বটা।
8/ আঠিয়াবাৰী সমন্নয় বটা
9/ আশ্বাসৰ পৰা পোৱা বটা মুন লাইট মেডিয়া
10/ কলিয়াবৰৰ সদৌ অসম মইনা পাৰিজাতৰ বটা ২০১৭
11/ নৰ্থ ইষ্ট নৃত্যাঞ্জলী বটা ২০০৮।
12/ ইন্দিৰা গান্ধী নেচনেল চেন্টাৰৰ পৰা দিয়া বটা।Ministrey of culture govt of India বাংগালুৰু।
13/ সতী ৰাধিকা বটা
14/ শিৱসাগৰ নাট্য সমাজৰ জীৱন জেউতি বটা।
15/ ২০১৩ চনত Inly Foundation ত দিয়া বটা।
16/ কলিয়াবৰ মহকুমা পুথিভৰালত ভবেন্দ্ৰ নাথ শইকীয়া স্মৰণীকা।
17/ শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি বিকাশ কেন্দ্ৰই দিয়া বটা সমন্বয় দিৱসত।
অসম এক্সপ্ৰেছ : অভিনয় জগতত ঘটা এনেকুৱা কি ঘটনা আপোনাৰ আজিও স্মৰণীয় হৈ আছে।
চেতনা দাসঃ মই যেতিয়া কমবয়সীয়া নাটক কৰিবলৈ যাওঁ লগত শীলা বাইদেউ যায়।উপপথ নাটকখন কৰা সময়ত নলবাৰীলৈ গৈছিলোঁতেতিয়া প্ৰফুল্ল দাই কৈছিল ঐ চেতনা নাটক ভালদৰে কৰিবি।তেতিয়া ময়ো শলাগী লৈছিলোঁ।উপপথ উপপথ লিখা আছে।মেইন ৰাস্তাৰ পৰা সোমাই গৈছিলোঁ। উপপথ উপপথ লিখা আছিল বাবে মই আমাৰ নাটকখন প্ৰচাৰ ইমান আগৰ পৰাই হৈছিল বুলি ভাবিছিলোঁ।কিন্তু সেয়া উপপথ আছিল।
অবুজন বেদনা চিনেমা খনত (ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত) মই পানীত পৰিছিলোঁ।লেঙা নদীত শ্বুটিং আছিল।মই কুষ্ঠৰোগীৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ।মই ছোৱালী জনী বচাব লাগে।ছোৱালী জনী বচাই মই লেঙা নদীত উটি গৈছিলোঁ। কেমেৰা কৰা জনে আৰু চাই থকা সকলে কৈছিল চেতনাই আজি ভাল শ্বট দিছে।কিন্তু মইহে গম পাইছিলোঁ মোৰ কি হৈছিল।পাছত এজন লৰাই মোক বচাইছিল। সি নবচোৱা হলে আজি মই নাথাকিলো হয়।
অসম এক্সপ্ৰেছ : যদি আপুনি আজি অভিনেত্ৰী নহলে হয় তেতিয়া হলে কি হলে হয় এই বিষয়ে জানিব বিচাৰিছোঁ।
চেতনা দাসঃ যদি মই অভিনেত্ৰী নহলো হয় তেতিয়া হলে মই এগৰাকী শিক্ষয়িত্ৰী হলোঁ হয়।
অসম এক্সপ্ৰেছ : আপোনাৰ প্ৰিয় ঠাই প্ৰিয় খাদ্য প্ৰিয় গ্ৰন্থ এইবিষয়ে জানিব বিচাৰোঁ।
চেতনা দাসঃ প্ৰিয় ঠাই- অসম
প্ৰিয় খাদ্য- ভোকলগা সময়ত যিখিনি খাওঁ সেইখিনি মোৰ প্ৰিয় ।
প্ৰিয় গ্ৰন্থ- প্ৰায়বোৰ গ্ৰন্থই প্ৰিয়।মামণি বাইদেউ, অৰূপা পটংগীয়া কলিতা, ভবেন্দ্ৰ নাথ শইকীয়া অনুৰাধা শৰ্মা পূজাৰীৰ গ্ৰন্থ প্ৰিয়।
অসম এক্সপ্ৰেছ : নৱ প্ৰজন্মই অভিনয় জগতত প্ৰৱেশ কৰা ক্ষেত্ৰত কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে। এই সম্পকে নৱ প্ৰজন্নক আপুনি কি পৰামশ আগবঢ়াব।
চেতনা দাসঃ আমাৰ অভিনয় জন্নগত আছিল।এতিয়া শিকিবলৈ পায়।আমি জনা নাছিলোঁ। মানুহক লগ পাইছোঁ তেওলোকৰ পৰা দেখি দেখি শিকিছো। NSD ত শ্ৰী দুলাল ৰয়দেৱক লগ পোৱাৰ পিছৰে পৰা আনুষ্ঠানিক শিক্ষাগত অহতা জানিবলগীয়া বহু কথাই আছে তেতিয়া মই গম পাইছোঁ।নৱ প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী সকলে চৰিত্ৰটোক নিজৰ বুলি ভাবিব লাগিব।নতুন প্ৰজন্মৰ পৰা মই আশাবাদী।তেওলোকৰ পৰা বহুত ভাল ভাল অভিনেতা অভিনেত্ৰীৰ জন্ম হৈছে।তেওঁলোকৰ অভিনয় ভাল পাওঁ।অনাগত দিনত নতুন নতুন অভিনেতা অভিনেত্ৰীৰ জন্ম হব বুলি মই আশাবাদী।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
চেতনা দাসঃ আলোচনী খনৰ লগত জড়িত সকলোলৈকে আন্তৰিক মৰম জনাইছো। অন্তৰৰ পৰা প্ৰচাৰ আৰু প্ৰসাৰ কামনা কৰিলোঁ ধন্যবাদ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment