Mimicry Artist Bhaskar Porokh


অসমৰ জনপ্ৰিয় মিমিক্ৰি আৰ্টিষ্ট ভাস্কৰ পৰশৰ মনৰ কথা
অসম এক্সপ্ৰেছ : প্ৰথমেআপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক সম্ভাষণ জনাইছোঁ। আপোনাৰ শৈশৱ কৈশোৰ আৰু শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ।
ভাস্কৰ পৰশঃ ময়ো প্ৰথমতে অসম এক্সপ্ৰেছৰ যোগেদি গোটেই পৰিয়াললৈ মৰম জনাইছোঁ সকলো অসমবাসী ৰাইজলৈ মৰম জনাইছোঁ ।মোৰ ঘৰ হৈছে মংগলদৈৰ পৰা এখন ভিতৰুৱা গাওঁ পূব আঠিয়াবাৰী।তাত মোৰ মা দেউতা ভন্টি এনেকৈ এটা সৰু পৰিয়াল।মোৰপঢ়া শুনা তাতেই হয় ।ঘৰৰ ওচৰৰ এখন প্ৰাথমিক বিদ্যালয় লোকপ্ৰিয় প্ৰাথমিক বিদ্যালয়ত।পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে পঢ়িলোঁ ঝাৰগাওঁ মজলীয়া প্ৰাথমিক বিদ্যালয়ত।অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিলোঁ সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। । ২০১০ মই গুৱাহাটীলৈ গুছি আহিলোঁ। তাৰ পাছত মই দেওমৰনৈ ডিগ্ৰী কলেজৰ পৰা ডিগ্ৰী কৰিছোঁ শৈশৱ আৰু কৈশোৰ পঢ়া শুনা সকলো গাৱত হৈছিল।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা মিমিক্কী জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল
ভাষ্কৰ পৰশঃ আচলতে অষ্টম শ্ৰেণী মানত মই খুব বেছি ৰেডিঅ শুনো আৰু তেতিয়া এফ এম চেনেল সমূহ আৰম্ভ হৈছে তাৰ পাছত জুবিন দাৰ গান বাজি থাকে।জুবিন দাৰ গান খুব ভাল পাওঁ।জুবিন দাক অনুকৰণ কৰিবলৈ চেষ্টা কৰোঁ।তেতিয়াৰ পৰা মই অকনমান অকনমান ভইছ অভাৰ কৰিবলৈ চেষ্টা কৰিছিলো প্ৰেৰণা বুলি কলে মোৰ লগৰ বন্ধু বান্ধৱে খুব উৎসাহ দিছিল।
অসম এক্সপ্ৰেছ : আপুনি অসমৰ জনপ্ৰিয় মিমিক্কী আষ্টিষ্ট ।এই জনপ্ৰিয় হোৱাৰ কাৰণ আপুনি কি বুলি ভাবে
ভাস্কৰ পৰশঃ আচলতে এইটো জনপ্ৰিয় বুলি নহয়।এইটো মই জনপ্ৰিয় বুলি আজিলৈকে ভবাও নাই।মই এইটো নাভাবোঁ কাৰণ এইটো হৈছে মোৰ এটা নিচা আৰু এনেকৈ কৰি থাকোতে লগৰ খিনিয়ে জোৰ দিলে মই এদিন ভইছ অভাৰ কৰিলোঁ আৰু এনেকৈ এদিন ভাইৰেল হৈছিল ।মিমিক্কী কৰি ভাল পাওঁ মানে সেই শিল্পী গৰাকীক খুব বেছি শ্ৰদ্ধা কৰোঁ।সেইকাৰণে চাগে কৰিব পাৰিছোঁ।এইটো মোৰ জনপ্ৰিয়তা নহয় এইটো মোৰ নিচা মই কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম।
অসম এক্সপ্ৰেছ : আপোনাৰ এটা বাক্য ভলুকা বাহ এতিয়া বাহ হৈ থকা নাই ই অসমীয়াৰ আবেগ। এই বাক্য শাৰীয়ে গোটেই অসমতে তোলপাৰ লগাইছিল। ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে
ভাস্কৰ পৰশঃএইটো এটা খুব ধুনীয়া কথা ।তেতিয়া তিনিচুকীয়াত বন্ধ সৰ্মথকক ভলোকা বাহেৰে কোবাইছিল।তেতিয়া আমি তিনিজন বন্ধু জোনজোতি কলিতা মংগলদৈৰ দীপক বৰা যোৰহাটৰ আৰু মই আমি তিনিও হোষ্টেলত আছিলোঁ।কিবাকিবি আড্ডাৰ মাজতে মই আৰম্ভ কৰিছিলোঁ।জোনে অলপমান লিখি দিলে।দীপকেও অলপ কলে।তেনেকৈ আমাৰ তিনিজনৰ মাজত হৈ গল।এই অডিঅটো বনাই দিছিল ৰাকেশ ফুকন বুলি লৰা এজনে। মই আপলোড কৰা একৰাতিৰ ভিতৰতে ইমান বেছি ভাইৰেল হৈ গলজুবিন দা বুলি। বহুজনে বহু কথা কলে।
অসম এক্সপ্ৰেছ : আপুনি জুবিন গাৰ্গ ৰ মিমিক্কী কৰে।এই চিন্তা আপোনাৰ মনলৈ কেনেকৈ আহিছিল সেইবিষয়ে জানিব বিচাৰিছো।
ভাস্কৰ পৰশঃ জুবিন দাৰ মিমিক্কী বুলি কবলৈ গলে মই প্ৰথম জুবিন দাৰ মিমিক্কী কৰিছিলোঁ ।জুবিন দাক ভাল পাওঁ।জুবিন দাৰ গান ভাল পাওঁ।জুবিন দাক শ্ৰদ্ধা কৰোঁ।তেওঁৰ প্ৰতিটো কথা চালিজাৰী চাওঁ কি কৈছে।তেতিয়াৰ পৰা মোৰ খুব মন যায় দাদাৰ নিচিনা কৰিবলৈ ।চেষ্টা কৰোতে কৰোতে তেওঁৰ নিচিনা মোৰ মাতটো আহি গল।শুনাসকলে কয় আৰু দাদাৰ নিচিনা হৈছে মাতটো ।
অসম এক্সপ্ৰেছ : মিমিক্কী কৰি থকাৰ সময়ত ঘটা এনেকুৱা কি ঘটনা আছে যিটো আপোনাৰ আজিও মনত আছে
ভাস্কৰ পৰশঃ মিমিক্কী কৰি থকাৰ সময়ত কেতিয়াবা জুবিন দাই কোৱা কথাবোৰ মই কোৱা বুলি ভাবে আৰু বহুতে তেতিয়া মোক ফোন কৰে। আৰু এটা যেতিয়া লগৰখিনিয়ে যেতিয়া প্ৰেংক কৰে তেতিয়া খুব ভাল লাগে
অসম এক্সপ্ৰেছ : মিমিক্কী আপোনাৰ নিচা নে পেছা এইবিষয়ে জানিব বিচাৰিছোঁ
ভাস্কৰ পৰশঃ সাংস্কৃতিক জগত খন ভাল পাওঁ এইটো মোৰনিচা।এতিয়া এইটো পেচা হিচাপে লব পৰা হোৱা নাই।গতিকে এইটো এতিয়া নিচা হিচাপে ৰাখি থৈছোঁ ।ইয়াৰ লগতে মই অভিনয় কৰোঁ।গুৱাহাটী অহাৰ পাছত মোক অভিনয় আৰু মিমিক্কীৰ প্ৰতি আকৃষ্ট কৰাইছিল হিমাংশু প্ৰসাদ দাসে ।
অসম এক্সপ্ৰেছ : বতমান আপুনি কিহত ব্যস্ত আৰু ভবিষ্যত পৰিকল্পনা সম্পকে জানিব বিচাৰিছো
ভাস্কৰ পৰশঃ বতমান মইগুৱাহাটী আদাবাৰী তিনিয়ালিত থকা বায়স্কেন ডাইগনাষ্টিক চেন্টাৰত কাম কৰি আছোঁ তাতেই ব্যস্ত।ভবিষ্যতে কিবা নিজাকৈ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ
অসম এক্সপ্ৰেছ : কৰোণা মহামাৰীয়ে আকৌ মূৰ দাঙি উঠিছে। এই ক্ষেত্ৰত আপুনি অসমৰ ৰাইজক আপুনি কি পৰামৰ্শ দিব
ভাস্কৰ পৰশঃ সকলো অসমবাসী ৰাইজলৈ এটা অনুৰোধ যে সজাগ হৈ থাকিব লাগিব সচেতন হৈ থাকিব লাগিব।নিজে চাফ চিকুণ হৈ থাকিব।সামাজিক দূৰত্ব বজাই ৰাখক ।খোৱা লোৱা ভালকৈ কৰক।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
ভাস্কৰ পৰশঃ অসম এক্সপ্ৰেছৰ লগত জড়িত সকলোকে ধন্যবাদ জনালোঁ।আলোচনীখনত মোক স্থান দিয়া কাৰণে আৰু সকলোৱে আকোঁৱালি লওক তাৰ কামনা কৰিলোঁ ধন্যবাদ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ পল্লৱ বৰদলৈ


Leave a Comment