Babon Bornil


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সংগীত পৰিচালক বাবন বৰ্ণিলৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছঃ প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছ আলোচনীৰ তৰফৰ পৰা নমস্কাৰ জনালো। আপোনাৰ জন্ম শৈশৱ কৈশোৰ আৰু লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
বাবন বৰ্ণিলঃ নমস্কাৰ মোৰ জন্ম হৈছিল বৰপেটা জিলাৰ ভবানীপুৰত। শৈশৱ কালছোৱা মোৰ বৰপেটা টাউন আৰু বৰপেটা ৰোডত পাৰ হৈছিল। ষষ্ঠ শ্ৰেণীলৈকে মই বৰপেটা টাউনত শংকৰদেৱ শিশু নিকেতনত পঢ়িছিলোঁ। তাৰ পিছৰ শিক্ষা জীৱনৰ সময়খিনি বৰপেটা ৰোডত পাৰ হয়। মই স্নাতক ডিগ্ৰী লাভ কৰো বি এইচ কলেজ হাউলীৰ পৰা আৰু এম এ মই গুৱাহাটী কৰ্মাছ কলেজৰ পৰা পাছ কৰো।
অসম এক্সপ্ৰেছঃ আপুনি কেনেকৈ সংগীতৰ জগতত প্ৰৱেশ কৰিছিল আৰু এই ক্ষেত্ৰত আপুনি কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিবলৈ বিচাৰো।
বাবন বৰ্ণিলঃ সংগীত জগতত প্ৰৱেশ কৰা বুলি কবলৈ গলে প্ৰথমতে মোৰ দেউতাৰ নাম ল’ব লাগিব। কাৰণ দেউতা এজন গীতাৰিষ্ট আছিল আৰু তেওঁ বহুতো জনপ্ৰিয় শিল্পীৰ লগত গীতাৰ বজাইছিল। মই সৰুৰে পৰা গান গোৱা নাছিলোঁ ক্ৰিকেট খেলি ভাল পাইছিলো । মোৰ বায়ে গান গাইছিল।যেতিয়া মই ষষ্ঠ শ্ৰেণীত আছিলোঁ তেতিয়া আমাৰ স্কুলৰ সোণালী জয়ন্তী বৰ্ষ আছিল আৰু তাত মোৰ বাইদেউক গীত গাবলৈ কৈছিল। যেতিয়া আমাৰ ঘৰত সংগীতৰ ৰিহাৰছেল চলিছিল তেতিয়া বাদ্য যন্ত্ৰৰ শব্দবোৰ শুনি মই আকৰ্ষিত হৈছিলো আৰু তেতিয়া মই কৈছিলো যে ময়ো গীত পৰিৱেশন কৰিম। ঠিক তেনেদৰে মই প্ৰথম মঞ্চত গীত পৰিৱেশন কৰিছিলো গীতটি আছিল “মনতে আজিনো কিহৰে নাচোন” ষষ্ঠ শ্ৰেণীত থকাৰ সময়ত এই গীতটি গাইছিলো । তেনেদৰে সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিলো আৰু সংগীত শিকিবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ মোৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল।
অসম এক্সপ্ৰেছঃ গীত ৰেকডিং কৰা সময়ত আপুনি কোনবোৰ কথাৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে এই বিষয়ে জানিবলৈ বিচাৰো।
বাবন বৰ্ণিলঃ গীত ৰেকৰ্ড কৰা সময়ত মই শব্দ লগতে গীতটোৱে কি বিচাৰিছে লগতে গায়িকীৰ ওপৰত বিষদভাৱে গুৰুত্ব দিওঁ।
অসম এক্সপ্ৰেছঃ আপোনাৰ এটি গীত তোমাকে ৰাখো বুকুতে এই গীতটি অসমবাসী ৰাইজে আকোঁৱালি লৈছে আৰু এই গীতটি জনপ্ৰিয় হোৱা মূল কাৰণ আপুনি কি বুলি ভাবে
বাবন বৰ্ণিলঃ প্ৰথমতে গীতটি আদৰি লোৱা বাবে সকলোকে ধন্যবাদ জনালো।গীতটি আদৰি লোৱা বিশেষ কাৰণ মই ক’ব নোৱাৰিম ৰাইজেহে ক’ব পাৰিব। তথাপিও গীতটি মই নিজে শুনি ভাল পাওঁ। গীতটি simple and sweet । সেই কাৰণে ৰাইজে গীতটি আকোঁৱালি লৈছে বুলি মই ভাবো।
অসম এক্সপ্ৰেছঃ আপুনি একেধাৰে এজন গায়ক লগতে এজন সংগীত পৰিচালক আপুনি কোনটো পৰিচয় ৰে নিজক ভাল পায়
বাবন বৰ্ণিলঃ দুয়োটা কামেই কৰো যিহেতু পৰিচয় গায়ক বা সংগীত পৰিচালক বুলি নহয় দুয়োটা কামেই ভাল পাওঁ। সংগীতৰ লগত জড়িত ব্যক্তি বুলি চিনাকি দি ভাল পাওঁ।
অসম এক্সপ্ৰেছঃ বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিব বিচাৰো
বাবন বৰ্ণিলঃ ভবিষ্যত পৰিকল্পনা বহুত খিনি আছে। সংগীতৰ লগত জড়িত যিহেতু সংগীতৰ কাম কৰি যাম। সদ্যহতে এটি গীত কৰি আছোঁ এইটো মোৰ এটা সপোনৰ প্ৰজেক্ট বুলি ক’ব লাগিব পলাশ সূৰ্য গগৈ অসমৰ এজন জনপ্ৰিয় সংগীত পৰিচালক জীৱনত পোন প্ৰথমবাৰৰ বাবে তেওঁৰ এটি গীত কৰিছোঁ তেওঁৰ সুৰ, সংগীত আৰু কথাৰে “বৰষা নমা যেন লাগে” সেই গীতটি আগষ্ট মাহত ভিডিঅ’সহকাৰে মুক্তি দিয়া হ’ব। এই গীতটি লৈ বহু আশাবাদী হৈ আছোঁ।
অসম এক্সপ্ৰেছঃ চলিত বছৰত অসমবাসী ৰাইজক নতুন কি গীত উপহাৰ দিব
বাবন বৰ্ণিলঃ নতুন গীত বুলি কবলৈ গলে আগতে কৈছোঁ বৰষা নমা যেন লাগে এই গীতটি প্ৰায় সাজু হৈ আছে আৰু এই গীতটি আগষ্ট মাহত ৰাইজলৈ বুলি আগবঢ়ায় দিম আৰু কেইটামান বিহু সুৰীয়া গীত লগতে যোৱা বছৰ তোমাকে ৰাখো বুকুতে ৰাইজে আদৰি লৈছিল দীপলীনা ডেকা আৰু মোৰ কণ্ঠত।দীপলীনা মোৰ খুবেই ভাল বান্ধৱী।তাই আৰু মোৰ কণ্ঠত আৰু এটা ধুনীয়া গান এটা ৰাইজক উপহাৰ দিম বুলি ভাবিছোঁ।
অসম এক্সপ্ৰেছঃ আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰো যিটো আপোনাৰ আজিও মনত আছে
বাবন বৰ্ণিলঃ স্মৰণীয় ঘটনা বুলিলে বহুতো আছে মই মোৰ সংগীত জীৱনত তিনিজন ব্যক্তিৰ গুৰুত্ব বহুতো আছে। তেওঁলোক ক্ৰমে দিগন্ত ভাৰতী মোৰ সংগীতৰ গুৰু, পলাশ সূৰ্য গগৈ মই সংগীত পৰিচালক হোৱাৰ আৰৰ মানুহজন আৰু ইবছন লাল বৰুৱা তেখেতৰ পৰা সংগীতৰ থূল মূল শিক্ষা লাভ কৰো। এই তিনিজন ব্যক্তিক মই যিহেতু লগ পাইছিলো এইটোৱে আছিল মোৰ জীৱনৰ এটা স্মৰণীয় ঘটনা।
অসম এক্সপ্ৰেছঃ সংগীতৰ বাহিৰেও আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰো
বাবন বৰ্ণিলঃ মই আগতেই কৈছোঁ মই সৰুৰে পৰা বহু ক্ৰিকেট খেলিছিলো ক্ৰিকেট খেল চাই খুব ভাল পাওঁ খাদ্য খাই আৰু বনাই ভাল পাওঁ লগতে ফুৰি ভাল পাওঁ।
অসম এক্সপ্ৰেছঃ আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছ আলোচনী খনৰ বিষয়ে আপোনাৰ মতামত জনাব।
বাবন বৰ্ণিলঃ অসম এক্সপ্ৰেছ আলোচনী খন মই আগতে পঢ়িছোঁ আজিকালি যিহেতু ই আলোচনীৰ গুৰুত্ব বাঢ়িব ধৰিছে তথাপি তাৰ মাজতো অসম এক্সপ্ৰেছ খনে খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈ আছে তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালো আৰু আগন্তুক দিনত আৰু ভাল ভাল কাম কৰি যাব তাৰে কামনা কৰিলোঁ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment