অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আস্থাৰূপাৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
আস্থাৰূপাঃ নমস্কাৰ পোন প্ৰথমে অসম এক্সপ্ৰেছৰ সমূহ কৰ্মকৰ্তালৈ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। মোৰ জন্ম নলবাৰী জিলাৰ মহিনা গাঁৱত। সেই গাওঁ খনতেই মোৰ স্কুলীয়া জীৱনৰ আৰম্ভনি হৈছিল আৰু সংগীত জীৱনৰ পাতনি মেলিছিলো। পিছলৈ মই মহেন্দ্ৰ মোহন বালিকা বিদ্যালয়ত পঢ়িছিলোঁ।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
আস্থাৰূপাঃ সংগীত জগতত প্ৰৱেশ বুলি কবলৈ হলে মই স্কুলেই যোৱা নাছিলো হেনো তেতিয়া আমাৰ গাঁৱত এখন জ্যোতি সংগীতৰ প্ৰতিযোগিতা হৈছিল আৰু তাত মই গছে গছে গীতটি গায় প্ৰথম পুৰস্কাৰ পাইছিলো। পুৰস্কাৰ হিচাপে মোক এখন ফলি উপহাৰ দিছিল আৰু সেই ফলিখন লৈয়ে মই স্কুললৈ গৈছিলো আৰু সেয়াই মোৰ সংঙ্গীত যাত্ৰাৰ প্ৰথম পদক্ষেপ ।সংগীতৰ এই যাত্ৰাত আগবাঢ়ি যাবলৈ মোক সহযোগিতা উৎসাহ উদ্দপনা যোগাইছিল মই ষষ্ঠ শ্ৰেণীৰ পৰা এখন আশ্ৰমত ডাঙৰ হৈছিলো
মা মহাকালী আশ্ৰম।
সেই আশ্ৰমখনৰ আচাৰ্য ৰাজীৱ গোস্বামী দেৱে মোক যথেষ্ট উৎসাহ দিছিল। মোৰ শিক্ষাগুৰু সকল লগতে মোৰ ঘৰখন তিলোত্তমা বা মানৱ তেজ বন্ধু ৰিদিপ আৰু মোৰ গাওঁ খনৰ ব্যক্তি সকল লগতে অসমৰ ৰাইজ ইত্যাদি।
অসম এক্সপ্ৰেছ : আপুনি অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা এই জনপ্ৰিয় হোৱাৰ মূল কাৰণ আপুনি কি বুলি ভাবে?
আস্থাৰূপাঃ গায়ক বা গায়িকা এগৰাকী জনপ্ৰিয় হবলৈ হলে বহু গুণৰ অধিকাৰী হ’ব লাগিব । প্ৰথম ভাল কণ্ঠৰ অধিকাৰী হবই লাগিব। ৰাইজলৈ সদায় চিৰ সেউজ গীত উপহাৰ দিব লাগিব।ভদ্ৰ, নম্ৰ আৰু ৰসাল এই গুণ কেইটা যাৰ গাত থাকে তেওঁ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় বুলি মই ভাবো।
অসম এক্সপ্ৰেছ : আপোনাৰ এটি গীত কাজিৰঙাৰ কহুৱা বননি গীতটি অসমৰ ৰাইজে আকোঁৱালি লৈছে আৰু এই গীতটি জনপ্ৰিয় হোৱা মূল কাৰণ আপুনি কি বুলি ভাবে?
আস্থাৰূপাঃ কাজিৰঙাৰ কহুৱা এটা সুন্দৰ বিহু গীত। এই গীতটি লিখিছিল পংকজ নেত্ৰীকে আৰু গীতটি সংগীতেৰে সজাইছিল মানৱ তেজে।গীতটি জনপ্ৰিয় হোৱাৰ মূল কাৰণ বুলি ক’ব গ’লে গীতটিৰ কথাখিনি অতি সুন্দৰ আৰু গীতটিৰ সংগীত ব্যৱস্থাপনা অতি সুন্দৰ।
অসম এক্সপ্ৰেছ : সদ্যহতে মুক্তিপ্ৰাপ্ত এটি গীত নাইপিয়া সাপ এই গীতটি কৰা সময়ত ঘটা এটা ৰসাল অভিজ্ঞতাৰ বিষয়ে জানিবলৈ বিচাৰো।
আস্থাৰূপাঃ সদ্যহতে মুক্তিপ্ৰাপ্ত এটি গীত নাইপিয়া সাপ। গীতটি ৰাইজে আকোঁৱালি লৈছে। তাৰ এটি ৰসাল কথা এইটোৱে যে আমি প্ৰথম গীতটিৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু সিদ্ধান্ত লৈছিলো যে গীতটি আমি কৰিম। গীতটি তেতিয়া লৈকে নামাকৰণ কৰা হোৱা নাছিল। আৰু গীতটিৰ নাম কি দিম। গীতটি লিখিছিল নিৰঞ্জন গোস্বামী দাদাই। তেতিয়া কৈছিল যে গীতটিৰ নাম নাইপীয়া সাপ দিয়া যাওক। তেতিয়া মই হাঁহি মাৰি কৈছিলো নাইপীয়া সাপ। এইটো কি নাম হ’ব? গানৰ নামত সাপ আহিল। মানুহে আকৌ ভয় খায় যাব নেকি?
পেজটো নুখুলিব নেকি? তেতিয়া নিৰঞ্জন গোস্বামী দাদাই হাঁহিছিল আৰু কৈছিল এই নামটো ভাল হ’ব। সেই দিনটোৰ কথা মনত পৰিলে আজিও হাঁহি উঠে।
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিব বিচাৰো
আস্থাৰূপাঃ বৰ্তমান মই সংগীতৰ কাম কৰিছোঁ। যিহেতু পেচাত মই এগৰাকী শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰী হোৱা বাবে সংগীতত কমকৈ সময় দিয়া হয়। যিহেতু এতিয়া গৰমৰ বন্ধ। এইকাৰণে মই এইকেইদিন বেছিকৈ সংগীতত সময় দিছোঁ। চলিত বছৰত কেইবাটাও গীত আপোনালোকৰ মাজলৈ আহি আছে। গতিকে তাৰ কাম কৰি আছোঁ।
অসম এক্সপ্ৰেছ : চলিত বছৰত অসমবাসী ৰাইজক নতুন কি গীত উপহাৰ দিব এই বিষয়ে জানিবলৈ বিচাৰো
আস্থাৰূপাঃ চলিত বছৰত এটা সুন্দৰ লোকগীত আৰু এটি আধুনিক গীত আগবঢ়াম।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰেও আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰো
আস্থাৰূপাঃ সংগীতৰ বাহিৰেও মই খাদ্য ৰান্ধি ভাল পাওঁ।ফুৰি ভাল পাওঁ। সৰুতে যিহেতু ছবি আঁকিছিলো সময় পালে বটল আৰ্ট কৰি ভাল পাওঁ।
অসম এক্সপ্ৰেছ : আপোনাৰ প্ৰিয় গ্ৰন্থ প্ৰিয় ব্যক্তি প্ৰিয় ঠাই প্ৰিয় খাদ্য এই বিষয়ে জানিবলৈ বিচাৰো
আস্থাৰূপাঃ মোৰ প্ৰিয় গ্ৰন্থ অসীমত যাৰ হেৰাল সীমা
প্ৰিয় ব্যক্তি এ পি জে আব্দুল কালাম।
প্ৰিয় ঠাই জনমভূমি লগতে চুইজাৰলেণ্ড
প্ৰিয় খাদ্য আলু পিটিকা ভাত।
অসম এক্সপ্ৰেছ : সকলোৰে শৈশৱতে এটা সপোন থাকে।আপুনি শৈশৱৰ সময়ছোৱাত আপুনি কি বুলি সপোন দেখিছিল এই বিষয়ে জানিব বিচাৰোঁ।
আস্থাৰূপাঃ শৈশৱৰ সপোন বুলিব নোৱাৰি আচলতে , মোৰ মনৰ হেপাহ। সংগীতৰ জৰিয়তে মোক সকলোৱে মৰম দিয়ক মোৰ নামটো সংগীতৰ জৰিয়তে ৰাইজৰ মাজত বিলাই দিয়াৰ যিটো হেপাহ আজিও মোৰ আছে
আন এটি হেঁপাহ হৈছে সৰুতে গাড়ী খুব ভাল পাইছিলো তেতিয়া ভাবিছিলো মইও এখন গাড়ী কিনি চলাব পৰা হলে সেইটো হেঁপাহ যেনিবা পূৰণ কৰিবলৈ সক্ষম হৈছো । কিন্তু নতুন গাড়ী কিনাৰ হেঁপাহ মোৰ এতিয়াও আছে আৰু মোৰ এখন আশ্ৰম খোলাৰ হেঁপাহ আছে।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ এটি শুভবাৰ্তা জনাব।
আস্থাৰূপাঃ সদৌ শেষত অসম এক্সপ্ৰেছৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছো। অসম এক্সপ্ৰেছ য়ে সদায় ইতিবাচক চিন্তা কৰিব। সদায় ভাল ভাল গল্প, কবিতা সাংস্কৃতিক খবৰ সকলো ধৰণৰ বা বাতৰি আগবঢ়াব। অসম এক্সপ্ৰেছ সদায় অনুপম হৈ থাকক তাৰে কামনাৰে জয় আই অসম।
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ।