Singer Anusmita Das


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুস্মিতা দাসৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো
অনুস্মিতা দাসঃ ধন্যবাদ
মোৰ জন্ম গুৱাহাটীৰ ভঙাগড় ত ,মই Hindustani Kendriya Vidyalaya স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু B.Borooah কলেজৰ পৰা উচ্চতম মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছোঁ। Lalit Chandra Bharali মহাবিদ্যালয় ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছোঁ। আৰু Guwahati University পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছোঁ ।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
অনুস্মিতা দাসঃ 2009 চনত ঘৰৰ ওচৰৰে বিহু অনুষ্ঠান এটাত মায়ে জোৰ কৰো গীত পৰিবেশন কৰিবলৈ ষ্টেজ ত উঠাই দিছিলে।আৰু তেতিয়াৰ পৰাই মই সংগীত জগতৰ লগত জড়িত হয় পৰো।কিন্তু সেইটো সময়ত মই ভবাই নাছিলোঁ যে সংগীত জগতৰ লগত ইমান জড়িত হৈ পৰিম বুলি। আৰু মই মোৰ মাৰ পৰা প্ৰেৰণা পাইছিলোঁ ।
অসম এক্সপ্ৰেছ : গীত ৰেকডিং কৰাৰ সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
অনুস্মিতা দাসঃ গীত ৰেকৰ্ডিং কৰাৰ সময়ত গীতৰ কথাখিনিৰ ওপৰত গুৰুত্ব দিও যাতে গীতটো ভালদৰে গাব পাৰো আৰু ৰাইজে গীতটো আঁকোৱালি লয়।
অসম এক্সপ্ৰেছ : সকলো সফল ব্যক্তিৰ আৰৰ মাজত একোজন ব্যক্তি থাকে।আপোনাৰ এই সফলতাৰ আৰত থকা ব্যক্তি জনৰ বিষয়ে জানিব বিচাৰোঁ।
অনুস্মিতা দাসঃমোৰ সকলো সফলতাৰ আঁৰৰ ব্যক্তি জন হল মোৰ মা। অকল গানতে নহয় ,গানৰ লগত পঢ়া-শুনাৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিছিল।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰে আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিব বিচাৰো
অনুস্মিতা দাসঃ সংগীতৰ বাহিৰে মই নতুন নতুন ঠাই বোৰত গৈ ভাল পাওঁ ।নতুন নতুন খাদ্য খাই ভাল পাওঁ। আৰু লগতে শুইয়ো ভাল পাওঁ।
অসম এক্সপ্ৰেছ : আপোনাৰ প্ৰিয় ব্যক্তি, প্ৰিয় ঠাই প্ৰিয় খাদ্য প্ৰিয় গ্ৰ্ন্থ এই বিষয়ে জানিব বিচাৰিছোঁ
অনুস্মিতা দাসঃ মোৰ প্ৰিয়ব্যক্তি বুলিবলৈ আছে এজন কিন্তু এতিয়া নকওঁ। অতি সোনকালে সকলোৱে গম পাব। মোৰ প্ৰিয় ঠাই হল ডিমা হাছাও পানীমূৰ ।আৰু মোৰ প্ৰিয় গ্ৰন্থ লেখক জে. কে ৰাউলিং ৰ “হেৰী পটাৰ”
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ ভবিষ্যত পৰিকল্পনা সম্পকে জানিব বিচাৰোঁ।
অনুস্মিতা দাসঃ মোৰ জীৱনৰ ভৱিষ্যত পৰিকল্পনা বহুতেই আছে ,আপোনালোকে আশীৰ্বাদ কৰে যাতে সকলো পৰিকল্পনাবোৰ পূৰণ হয়।
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰিছো।
অনুস্মিতা দাসঃ 2016 চনত বিশ্বনাথ চাৰিআলি সংগীতানুষ্ঠান কৰিবলৈ গৈছিলোঁ । অনুষ্ঠান শেষ হোৱা পিছত যেতিয়া গাড়ীৰ ওচৰত উভতি আহিছিলোঁ তেতিয়া দেখিলোঁ যে গাড়ীৰ গ্লাছত কোনোবা অনুৰাগীয়ে I love you বুলি লিখি থৈ গৈছিল ।কিন্তু আজিলৈকে সেই অনুৰাগী জন কোন আছিল গমেই নাপালোঁ ।এইটো মোৰ জীৱনৰ এটা স্মৰণীয় ঘটনা হৈ ৰল।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব।
অনুস্মিতা দাসঃ ময়ো অসম এক্সপ্ৰেছৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছো। অসম এক্সপ্ৰেছৰ সফলতা কামনা কৰিলোঁ

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment