Anita Hazarika


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনিতা হাজৰিকাৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছঃ প্ৰথমে আপোনাক অসম এক্সপ্ৰেছ আলোচনী খনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম, শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
অনিতা হাজৰিকাঃ ধন্যবাদ গণ অধিকাৰ বাতৰি কাকতৰ সমূহ বিষয় ববীয়া তথা কৰ্ম কৰ্তা লৈ।
মোৰ জন্ম গুৱাহাটীৰ অনুৰাধা ৰেলৱে কলনিত ১৯৯৪/১২/১৯ডিচেম্বৰত আৰু মোৰ শৈশৱ ও সেই কলনীতেই পাৰ হৈ যিহেতু মোৰ দেউতা কৰ্ম সূত্ৰে এজন ৰেলৱে কৰ্মচাৰী আছিল সেই বাবে সৰুকালটো তথা কৈশোৰ কালতো মোৰ কলনিতেই পাৰ হয় । মই স্কুল পঢ়িছিলো নিউ গুৱাহাটী আদর্শ বিদ্যালয় ,আৰু তাৰ পিছত কলেজ বুলি মোৰ খুব হেঁপাহৰ সৰুৰে পৰা মন কৰা প্রিয় মহা বিদ্যালয় বি.বৰুৱা কলেজৰ পৰা মই স্নাতক ডিগ্ৰী লওঁ তাৰ পিছতেই মই ফেশ্বন টেকন’লজি পঢ়োঁ অসম টেক্সষ্টাইল’ত ।
অসম এক্সপ্ৰেছঃ আপুনি কেনেকৈ সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু এই ক্ষেত্রত আগবাঢ়ি যোৱা ক্ষেত্ৰত আপোনাক কোনে প্ৰেৰণা দিছিল এই বিষয়ে জানিব বিচাৰোঁ।
অনিতা হাজৰিকাঃ ক’বা গলে ৩/৪মান বয়সৰ পৰা সংগীত ত ৰাপ আছিল কিয়নো মোৰ মায়ে গান গাইছিল দেউতাই তবলা বজাইছিল আৰু সেয়ে হয়তো এই সংগীতৰ প্ৰতি যি নিচা মই পোনপটীয়াকৈ মোৰ মা আৰু দেউতাৰ পৰাই পাই আহিছিলোঁ তাৰ আৰম্ভণি তাতেই । গান মই স্কুল বা তেনে কোনো প্ৰতিযোগীতাত হে অংশগ্ৰহণ কৰিছোঁ কিন্ত মই ডান্স খুব কৰিছোঁ। চিধাকৈ কওঁ মোক সংগীতৰ প্ৰেৰণা দিয়া মূলত মোৰ মা ।
অসম এক্সপ্ৰেছঃ গীত ৰেকৰ্ডিং কৰা সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে এই বিষয়ে জানিব বিছাৰো
অনিতা হাজৰিকাঃ গীত ৰেকৰ্ডিং ক্ষেত্ৰত বহুত আছে বাৰু মই গীত তোৰ অনুভূতিৰ ওপৰত গুৰুত্ব দিওঁ ,ঠিক শব্দৰ উচ্ছাৰণ আৰু বহুত আছে ।
অসম এক্সপ্ৰেছঃ আপুনি কণ্ঠদান কৰা তুমি মোৰ গীতটি অসমৰ ৰাইজে আকোঁৱালি লৈছিল।এই গীতটি জনপ্ৰিয় হোৱা মূল কাৰণ আপুনি কি বুলি ভাবে
অনিতা হাজৰিকাঃ প্ৰথমে সমূহ অসম বাসী ৰাইজক ধন্যবাদ । মূল কাৰণ ঠিক গীত টু খুব সৰল ভাষাৰ তাত কঠিন একো নাই সহজেই গুণ গুনাই থাকিব পাৰি সেয়াই বুলি ভাবো।
অসম এক্সপ্ৰেছঃ আপোনাৰ আহিবলগীয়া এটি গীত কোনেনো বুজিব এই গীতটিৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ
অনিতা হাজৰিকাঃ কোনেনো বুজিব
আমাৰ সকলোৰে বুকুৰ কুটুম জুবিন দা আৰু মোৰ দ্বৈত কণ্ঠৰ এই গীত টি খুবেই ৰোমান্টিক ,গীতৰ কথা খুব ধুনীয়া মোৰ বৰ ভাল লাগিছে সংগীত ও খুব ভাল পাব সকলোৱে মোৰ বিশ্বাস আগৰ বাৰৰ দৰে এইবাৰো আঁকোৱালি লব মোৰ এই গীত টি ।
অসম এক্সপ্ৰেছঃ আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰোঁ
অনিতা হাজৰিকাঃ ঢেৰ আছে ও । দোকানী এজনক ঠগিছিলোঁ বাবুলগাম কিনিব গৈছিলোঁ ,হাতত আছিল এক টকা সেয়ে লগৰ জনীৰ লগত মিলি এক টকা টু মাজেৰে ফালি দুই টকা কৰিলোঁ কাৰণ দুই জনীয়ে এটা এটা খাব পাব লাগিব টু ,আৰু লৈ গৈ দোকানিক ঠগি দুটা বাবুলগাম ৰ ঠাইত তিনিটা পালোঁ কাৰণ দোকানী দাদাই মৰমত এটা বেছিকৈ দিছিল । বেচেৰাই টু নাজানে যে তাক যে আমি টকাটু ফালি দিছোঁ সি যাপতেই সুমুৱাই থৈছিল । পিছত হয়তো গম পালে ,এদিন সি আমাক ধৰিলে দুজনীক দুই খন হাতেৰে ধৰি সি দাঙি লৈ গৈ হে আছিল মাত্ৰ মোক লগৰ জনীয়ে কলে যে অনিতা পেন্ট টু খুলি দে ,কথা মতে কাম দুইজনী দুই ফালৰ পৰা তাৰ হাফপেণ্ট খোলি দিয়াত বেচেৰাই উপাইবিহীন হৈ আমাক এৰি দিলে তাৰ পিছত আমি ভিৰাই লৰ মাৰিলো । তাক আৰু আমি কেতিয়াও নেদেখিলোঁ হয়তো সি সিদিনাৰ পিছত লাজত আমাৰ কলনীৰ ফালে অহাই বাদ দিছিল । থূল মূল কে কলো ।মোৰ এতিয়াও হাঁহি উঠে ।
অসম এক্সপ্ৰেছঃ আপুনি আপোনাৰ আহিবলগীয়া গীতটিত জুবিন গাৰ্গৰ লগত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগত গান গাই আপোনাৰ অনুভৱ কেনেকুৱা লাগিছে এই বিষয়ে জানিব বিছাৰো
অনিতা হাজৰিকাঃ জুবিন দাৰ লগত গান গোৱা অনুভৱ হয়তো কৈ শেষ কৰিব নোৱাৰিম । মানুহজনৰ লগত থকা মাদকতাই সুকীয়া ।
অসম এক্সপ্ৰেছঃ ক’ৰোনাকালীন সময়ে সাংস্কৃতিক জগতখনত কিদৰে প্ৰভাৱ পেলাইছে বুলি ভাবে?
অনিতা হাজৰিকাঃ বহুত । সাংস্কৃতিক কৰ্মী বোৰৰ অৱস্থা বহুত বেয়া বিশেষঃ কৈ অকল সংগীত কৰি যিসকলে ঘৰখন পুহপাল দিছে ,কোনোবাই টু শাক পাচলিৰ দোকান দিছে এতিয়া কৈ শেষ নহব এইবোৰ নিজেই কওঁ আমাৰ এতিয়া পুতৌ লগা অৱস্থা ।
অসম এক্সপ্ৰেছঃ আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছ আলোচনী খনৰ বিষয়ে আপোনাৰ মতামত জনাব
অনিতা হাজৰিকাঃ আকৌ এবাৰ ধন্যবাদ । অসম এক্সপ্ৰেছ আলোচনী খনৰ মই ও এগৰাকী নিয়মীয়া পঢ়ুৱৈ । কাকত খনৰ বিভিন্ন শিতান মোৰ খুব ভাল লাগে আৰু শিল্পীৰ মনৰ কথা শিতান বিধ মই সদায় পঢ়ো । শুভকামনা থাকিল ।

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


Leave a Comment