অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
কুমাৰ ভৱেশঃ ধন্যবাদ জনালোঁ।মোৰ জন্ম হৈছিল গুৱাহাটীৰ ওচৰৰ মীৰ্জা গোপালপুৰ নামে ঠাইত। মোৰ শৈশৱকালটো মীৰ্জাতে কটাইছো। বৰ্তমান গুৱাহাটীতে থাকো।মই মোৰ পঢ়া শুনাটো মীৰ্জাতে শেষ কৰিলোঁ।বৰ্তমান গুৱাহাটীৰ বাসিন্দা।
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল এই বিষয়ে জানিব বিচাৰিছোঁ।
কুমাৰ ভৱেশঃ মই প্ৰথম ১৯৯৩চনৰ পৰা লাইভ শ্ব কৰা আৰম্ভ কৰিছিলোঁ।তাৰ পাছত মোক মোৰ ঘৰৰ মা দেউতাই উৎসাহ দিছিল। তাৰ তিনিবছৰ পাছত অৰ্থাৎ ১৯৯৬চনৰ পৰা এলবাম মুক্তি লাভ কৰিবলৈ ধৰিলে।তেনেদৰে মোৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল।
অসম এক্সপ্ৰেছ : গীত ৰেকডিং কৰাৰ সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
কুমাৰ ভৱেশঃ গীত ৰেকডিং কৰা সময়ত মই প্ৰথম কথা গানটো যিজনে লিখে তেওঁৰ পৰা গানটোৰ বিষয়ে বিতংকৈ জানি লও ।মই গানটো যাতে তেখেতে ভবাতকৈ ভাল ধৰণে গাব পাৰো।দ্বিতীয় কথা গানৰ কিছুমান কথা আছে নোটৰ কিছুমান কথা, স্বৰবিলাক ভালদৰে লাগি যায় তাৰ ওপৰত গুৰুত্ব দিওঁ।
হৃদয়ঃআপুনি কণ্ঠদান কৰা দেহাজান এলবামটো কৰা সময়ত এনেকুৱা কি ঘটনা এই মূহুৰ্তত আপোনাৰ মনত পৰিছে।
কুমাৰ ভৱেশঃ দেহাজান মুক্তি লাভ কৰিছিল১৯৯৮ চন মানত। এতিয়া প্ৰায় ২০বছৰ হল।তেনেকুৱা ঘটনা বহুত আছে।তেতিয়া মোৰ ২২বছৰ আছিল।তেতিয়া গাতএটা বেলেগ শক্তি আছিল।মই একেলগে ৭টা গীত গাইছিলো।আজিকালি এটা গীত গাই আধাঘন্টা সময় কণ্ঠটোক জিৰণি দিওঁ।আগতে সেইটো ভবা নাছিলোঁ।ষ্টুডিঅত সোমালোঁ যেতিয়া একেলগে কেইবাটাও গীত গাইছিলো।সেইবোৰ কথা এতিয়া মনত পৰিছে। ৰেকডিং কৰি অহা কিছুমান মূহুৰ্ত মনলৈ আহে।
অসম এক্সপ্ৰেছ : সংগীতৰ বাহিৰে আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিব বিচাৰো
কুমাৰ ভৱেশঃ সংগীতৰ বাহিৰে বেলেগ কাম কৰিবলৈ সময় নাপাওঁ।তথাপিও যিখিনি সময় পাওঁ মই ৰান্ধি ভাল পাওঁ, শাক পাচলিৰ খেতি কৰি ভাল পাওঁ,ফুলগছ ৰুই ভাল পাওঁ।
হৃদয়ঃচলিত বৰ্ষত অসমবাসী ৰাইজক কি গীত উপহাৰ দিব এই বিষয়ে জানিব বিচাৰো
কুমাৰ ভৱেশঃ এতিয়া মই চিনেমা এখনত গীত গালো হিমাংশু প্ৰসাদ দাসৰ চাকিৰা আহিব বকুল তলৰ বিহুলৈ।অতি শীঘ্ৰে চিনেমাখন মুক্তি পাব।নতুন গীত ভালেকেইটা কৰি থোৱা আছে।দেশৰ পৰিস্থিতি যিহেতু বেয়া,মানুহৰ মনবোৰ ভাল নহয় গতিকে যেতিয়া ভাল দিন আহিব তেতিয়া মুক্তি দিম।
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত আৰু ভবিষ্যত পৰিকল্পনা সম্পকে কিছু কথা জানিব বিচাৰোঁ।
কুমাৰ ভৱেশঃ মই বৰ্তমান ব্যস্ত হিন্দী কেইটামান গানৰ কাম চলি আছে।দুটা ফোক চংগ অসমীয়া তাত ব্যস্ত আছোঁ।এক সপ্তাহৰ ভিতৰত শেষ হৈ যাব এইখিনি।ভবিষ্যত পৰিকল্পনা মুম্বাইত থকাৰ পৰিকল্পনা আছে। সদ্যহতে তাত গোৱা মেলাৰ কথা চলি আছে।
হৃদয়ঃআপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিব বিচাৰোযিটো আপোনাৰ আজিও মনত আছে।
কুমাৰ ভৱেশঃ জীৱনত তেনেকুৱা বহু ধৰণৰ ঘটনা ঘটি গৈছে।তাৰ মাজত এটা ঘটনা এতিয়াও মনলৈ আহে যেতিয়া মোৰ দেহাজান কেচেটখন ওলোৱা নাছিল।তেতিয়া মই লাইভ শ্ব কৰোঁ।তেতিয়া মোৰ খুৰা এজন ঢুকাইছিল।তেতিয়া ষ্মশানত গৈছিলোঁ অন্তেষ্টিকীয়া সম্পূৰ্ণ কৰিবলৈ।তেতিয়া মোৰ দুজন বন্ধু আহিছিল ভাস্কৰ আৰু গকুল। মীৰ্জাৰ পৰা দূৰত থাকে ছয় সাত কিলোমিটাৰ।তেতিয়া ষ্মশানত মই তলত বহি আছো।অন্তেষ্টিকীয়াৰ কামবোৰ চলি আছে।তেতিয়া মোৰ বন্ধু দুজন আহি মোৰ লগত তলত বহিল আৰু কলে ভবেশ তোৰ এই দেহাজান গীতটিৰ আমি এলবাম কৰো। যদি তই হয়ভৰ দিয়।আৰু তেতিয়াই মই হব বুলি কৈছিলোঁ।তেতিয়াৰ পৰাই দেহাজানৰ কাম আৰম্ভ হৈছিল আৰু আজিও সেই এলবামটো অসমৰ ৰাইজে আকোৱালি লৈছে গতিকে সেই দৃশ্যটো মোৰ আজিও মনত পৰে।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰঅসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
কুমাৰ ভৱেশঃ ভালদৰে আলোচনী খন পাঠক সমাজৰ মাজত জনপ্ৰিয় হওক মানুহে আকোঁৱালি লওক সেইটোৱেই মই কামনা কৰিলোঁ ধন্যবাদ।
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ পল্লব বৰদলৈ
ভাল লাগিল