অসমৰ জনপ্ৰিয় ঢোলবাদক ৰূপজ্যোতি কোঁৱৰৰ মনৰ কথা
অসম এক্সপ্ৰেছঃ প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। আপোনাৰ জন্ম শৈশৱ কৈশোৰ লগতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ
ৰূপজ্যোতি কোঁৱৰঃ মোৰ জন্ম ১৯৯১চনৰ১ জানুৱাৰীত সোণাপুৰৰ পৰা প্ৰায় তিনি
কিলোমিটাৰ নিলগত খৰিকতা নামৰ গাঁওত ।
মই স্কুলীয়া শিক্ষা গ্ৰহন কৰিছিলোঁ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
কলেজীয়া শিক্ষা গ্ৰহন কৰিছিলোঁ সোণাপুৰ মহাবিদ্যালয়ত।
অসম এক্সপ্ৰেছ আপুনি কেতিয়াৰ পৰা ঢোল শিকিছিল আৰু এই যাত্ৰাত আপোনাক কোনে প্ৰেৰণা যোগাইছিল এই বিষয়ে জানিবলৈ বিচাৰোঁ
ৰূপজ্যোতি কোঁৱৰঃ মই ঢোল সপ্তম শ্ৰেণীৰ থকাৰ পৰাই লাহে লাহে ঢোল বজাবলৈ লৈছিলোঁ।ঢোল বজাবলৈ
মা দেউতা প্ৰেৰণা যোগাইছিল
অসম এক্সপ্ৰেছ আপুনি ঢোলৰ দ্বাৰা গোটেই অসমতে নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই জনপ্ৰিয়তাৰ আৰৰ কাৰণ আপুনি কি বুলি ভাবে
ৰূপজ্যোতি কোঁৱৰঃ ইয়াৰ জনপ্ৰিয়তা কাৰণ এইটোৱে আছিল যে মই ঢোলৰ লগতে গান আৰু বিহুৰ বাকী বোৰ বাদ্য বজোৱাৰ উপৰিও নাচত পাৰ্গত আছিল।
অসম এক্সপ্ৰেছ আপুনি ঢোল কেৱলমাত্ৰ অসমতেই বজোৱা নাই ভাৰতৰ বিভিন্ন ঠাইত আপুনি বজাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে এই বিষয়ে জানিবলৈ বিচাৰোঁ
ৰূপজ্যোতি কোঁৱৰঃ মই 2009 চনৰ পৰা অসমৰ বাহিৰত অৰ্থাৎ ভাৰতৰ বিভিন্ন ৰাজ্যত বিহু পৰিবেশন কৰে নহয়
2016 চনত নেপাল 2017 ভূটান 2018চনত জাপানত বিহু পৰিবেশন কৰিবলৈ যাওঁ।
অসম এক্সপ্ৰেছ আপুনি ঢোল বজোৱাৰ সময়ত কোনবোৰ কথাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে
ৰূপজ্যোতি কোঁৱৰঃ মই ঢোল বজোৱাৰ সময়ত কেৱল শুদ্ধ ভাবে চেঁও আৰু বিহুৰ লগত জৰিত শুদ্ধ বস্তু বোৰৰ ওপৰত অধিক গুৰুত্ব দিওঁ
অসম এক্সপ্ৰেছ নৱ প্ৰজন্মৰ ঢুলীয়া সকলক আপুনি কি পৰামৰ্শ আগবঢ়াব
ৰূপজ্যোতি কোঁৱৰঃ এটা কথায়ে কম যে শুদ্ধ ভাবে শিকি শুদ্ধ কৈ বজাব লাগে ।
অসম এক্সপ্ৰেছ আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাত ভাল বেয়া বহু অভিজ্ঞতা আপুনি লাভ কৰিছে। আপোনাক মই যদি প্ৰশ্ন কৰো আপুনি সন্মুখীন হোৱা এটা ভাল অভিজ্ঞতা আৰু এটা বেয়া অভিজ্ঞতাৰ বিষয়ে সুধিলে আপুনি এই মূহুৰ্তত কি কব
ৰূপজ্যোতি কোঁৱৰঃ ভাল টো হৈছে যে বিহুৰ জৰিয়তে দেশ বিদেশ ভ্ৰমণ কৰাৰ লগতে বহুতো বিজ্ঞ পৰামৰ্শদাতা লগ পাই নজনা কথা শিকিলোঁ।
বেয়া টো হৈছে বিহু জগতত বহুতো মানুহ লগ পালে যি বোৰে কেৱল ঠগ বাজি কৰে।
অসম এক্সপ্ৰেছ ঢোলক লৈ আপোনাৰ ভবিষ্যতৰ পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিবলৈ বিচাৰোঁ
ৰূপজ্যোতি কোঁৱৰঃ ঢোলক লৈ তেনেকুৱা পৰিকল্পনা একো নাই ঢোল ভাল পাওঁ মনে প্ৰাণে যেতিয়া লৈ আছোঁ বজাই যাম আৰু যি জানো সেইখিনি নতুন প্ৰজন্মক শিকাই যাম।
অসম এক্সপ্ৰেছ আপুনি আপোনাৰ অধিক ব্যস্ততাৰ মাজতো মোক কিছু সময় দিলে তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ। শেষত আমাৰ অনুপমা আলোচনী খনৰ বাবে এটা শুভ বাৰ্তা জনাব
ৰূপজ্যোতি কোঁৱৰঃ আপোনালোকৰ এই যাত্ৰা শুভ হক আৰু আলোচনী খন সকলোৰে মাজত জনপ্ৰিয় হক তাৰে কামনা কৰিলোঁ।
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ