Anuraag Saikia


Axom Express : প্ৰথমতে আপোনাক অসম এক্সপ্ৰেছ আলোচনীৰ তৰফৰ পৰা নমস্কাৰ জনালোঁ। আপোনাৰ জন্ম শৈশৱ কৈশোৰ লগতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ
Anuraag : বহুত ধন্যবাদ অসম এক্সপ্ৰেছৰ সকলো সদস্যলৈ লগতে পবিত্ৰ বৰদলৈক বিশেষভাৱে ধন্যবাদ জনালো মোক এইখিনি সুবিধা দিয়াৰ বাবে লগতে ধন্যবাদ নিলোৎপল শব্দ ককাইদেউক মোক ইমানখিনি মৰম আৰু সাহস দি ৰাইজৰ আগত মোৰ জীৱনৰ সাংস্কৃতিক যাত্ৰাৰ কথা খুলি কবলৈ সুযোগ দিয়াৰ বাবে।

Axom Express : আপুনি কেতিয়াৰ পৰা বাঁহী শিকা আৰম্ভ কৰিছিল আৰু এই যাত্ৰাত আপুনি কাৰ পৰা প্ৰেৰণা লাভ কৰিছিল এই বিষয়ে জানিবলৈ বিচাৰোঁ
Anuraag : প্ৰথমতে অসম এক্সপ্ৰেছৰ সৈতে জড়িত আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। মোক আপোনালোকে এইদৰে মৰম আৰু উৎসাহ দি উফুল্লিত কৰাৰ বাবে।
মোৰ শৈশৱৰ সময়খিনি মই গাওঁতেই পাৰ কৰিলোঁ। নগাঁও জিলাৰ লংকাৰ পানচালি নামৰ গাঁওখনতেই মোৰ জন্ম। দেউতাৰ নাম শ্ৰীযুত নিৰ্মল শইকীয়া আৰু মাৰ নাম শ্ৰীযুতা সন্ধ্যা শইকীয়া।সৰুৰে পৰা মই পঢ়া-শুনাৰ প্ৰতি বিশেষ ধাউতি নাছিল, অকল নাচ- গানৰ লগতে লাগি থাকিলো । কাৰণ, আমাৰ গোটেই ঘৰখনেই সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। মোৰ ঘৰত মা-দেউতা, দাদা,ভাইটি,ভন্টী আৰু মই। মা মোৰ এগৰাকী নাচনী, নামতি আৰু ভন্টিও এজনী ভাল নাচনী লগতে ভাল গীত গায়। ভাইটিয়ে তাল, নেগেৰা আৰু খোল বজায় আৰু দাদা হল ঢুলিয়া।
বাকীকেইজন পঢ়া-শুনাত থিকেই থাকিল কিন্তু মোৰ লক্ষ্য সৰুৰ পৰাই বেলেগ আছিল। মোৰ প্ৰাথমিক শিক্ষা গাওঁতেই আৰু কলেজীয়া শিক্ষা লংকা মহাবিদ্যালয়ত ।কলেজ মানে আকৌ মোৰ আধৰুৱা হৈ ৰল।প্ৰথম বৰ্ষ পঢ়িলো দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা চলি থাকোতেই মই প্ৰগেম কৰিবলৈ ওলাই গলো।
তাৰ পাছত আৰু কি। সকলো গম পাইছেই চাগে। তাৰ পাছত দাদায়ে এনেই থকা দেখি সি পঢ়া নগাও‌ঁৰ আই.টি.আই ত এডমিছন কৰাই দিলে।তাৰ পৰা মই ভালদৰে পাছ কৰি ওলাই আহিলো।তাৰ পাছতেই ওমৰাংছোৰ ডালমিয়া চিমেন্তত চাকৰি পালোঁ। তাত তিনি চাৰি মাহ মান কাম কৰাৰ পাছত মোলৈ গুৱাহাটীৰ পৰা এটা ভাল খবৰ আহিল, যে মই দিল্লী যাব লাগে, তাকো প্ৰগেমৰ কাৰণে। অফিছত চুটি বিচৰাত মোক যাবলৈ অনুমতি প্ৰদান নকৰিলে।মই হলো প্ৰগেমৰ পাগল, বাৰে বাৰে সোধাত যাব নিদিওঁ কোৱাত ৰাতি ৩ বজাত গাৰ্ডজনক মনে মনে হাতত কিবা এটা দি পলাই আহিলো। তাৰ পাছত হে ঘৰত জনাইছিলো আৰু গালি খাইছিলো যদিও মায়ে মোক কেতিয়াও প্ৰগেমৰ ক্ষেত্ৰত বাধা দিয়া নাছিল।কাৰণ আজি মই যত ঠাই আছো বা আপোনালোকে মোক যি ভাৱে দেখিছে সকলোবোৰ মোৰ মাঁ-দেউতাৰ কাৰণে সম্ভৱ হৈ উঠিছে। কবলৈ গলে তেওঁলোকেই মোৰ প্ৰথম গুৰু।

Axom Express : আপুনি বাঁহী বজায় থকা অৱস্থাত কোনবোৰ কথাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে
Anuraag : গুৰুত্ব মানে গোতেই মনটো আৰু বাঁহীটোকেই দিব লাগে। বাঁহীটো এটা বৰ মিঠা বাদ্য। বাঁহীটো বজাওতেই এটা সুন্দৰ পৰিবেশত সোমাই পৰিব লাগে। আৰু মনতে বাৰে বাৰে গুৰুক মই সদায় সেৱা এটা কৰি লওঁ।

Axom Express : বাঁহী বজোৱাৰ উপৰিও আপুনি কবিতা পাঠ কৰে এই বিষয়ে কিছু কথা জানিবলৈ বিচাৰোঁ
Anuraag : কবিতা মোৰ প্ৰিয়। সৰুৰেই পৰা প্ৰিয় কবিতাবোৰ পাঠ কৰি বৰ ভাল পাওঁ। লগতে গান গাইয়ো বৰ ভাল পাওঁ সদায় চেষ্টা কৰো কিন্তু মাতটোৰ বাবেহে গাব নোৱাৰো । কিন্তু চেষ্টা অব্যাহত ৰাখিছোঁ। অলপ দিনৰ আগতে মোৰ অফিছিয়েল দুটা গীতো ওলাইছে অনুৰাগ শইকীয়া বুলি মোৰ ইউটিভ চেনেলটোত পাব। আৰু লগতে মই ছবি আকিঁও বৰ ভাল পাওঁ। সময় পালে মাজে মাজে এখন দুখন ছবি আকোঁ। এইবোৰৰ মাজতেই সময় কটাইছো এতিয়া।

Axom Express : বৰ্তমান আপুনি কিহত ব্যস্ত আৰু ভবিষ্যতৰ পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিবলৈ বিচাৰোঁ
Anuraag : বৰ্তমান মই এই সংগীতৰ মায়া জালতেই আৱদ্ধ। সংগীতৰ অবিহনে মই শূন্য। লাগি যাম কৰি যাম। ভোলাবাবাৰ আৰ্শীবাদত কামবোৰ লাহে লাহে কৰি গৈছো ।
ভৱিষ্যত পৰিকল্পনা মানে এই সংগীতৰ পৃথিৱীখনেই। লাগি যাম যিমান দূৰ পাৰো। এই ক্ষেত্ৰত মোৰ ঘৰৰ মানুহখিনি,বন্ধু-বান্ধৱী, দাদা কেইজন মানে সদায় সাহস আৰু উৎসাহ দি আহিছে আৰু আশা কৰো আগলৈয়ো দি যাব ।

Axom Express : সকলোৰে জীৱনত এজন প্ৰিয় ব্যক্তি থাকে আপোনাৰ জীৱনৰ প্ৰিয় ব্যক্তি জনৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰোঁ
Anuraag : মোৰ প্ৰিয় ব্যক্তিজনক মৰমতে মই বাবা বুলি মাতো।
মানুহজন হাহিঁমুখীয়া, চুটি চুটি খোজেৰে খোজ দিয়ে আগলৈ। অনবৰতে মনতে মাতি থাকে বাবা ভোলানাথৰ নাম। কান্ধত গীতাৰখন লৈ ঘূৰি ফুৰে দেশে-বিদেশে।বাওঁহাতেৰে বেছগীতাৰখন বজাই বিলীন হয় সপ্তসুৰৰ মাজত, কথা পাতে নীলকন্ঠী বাবা ভোলানাথৰ সৈতে। আৰু তেওঁয়েই হৈছে আমাৰ সকলোৰে মৰমৰ পাপু ককাইদেউ PAAPU LEFTYBESS.

Axom Express : বাহী বজায় থকা সময়ত ঘটা যিকোনো এটা ৰসাল ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰোঁ যিটো আপোনাৰ মনত পৰিলে আজিও হাহি উঠে
বাঁহী বজোৱাৰ উপৰিও আপুনি অনান্য কি কাম কৰি ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰোঁ

Anuraag : মই সৰুৰেই পৰা এই বাঁহীৰ প্ৰতি আকৰ্ষিত আছিলো । মোৰ ককায়ে বাঁহী বজাইছিল আৰু সৰুৰে পৰা মই ককাক বাহীঁ বজোৱা দেখি আহিছো। ককাক দেখি মোৰো বাঁহী বজাই চাব মন গল।ককাই গাওঁৰ ৰাস,ভাওঁনাত বাঁহী বজায় আৰু আমি শুনি থাকো। ককাই সদায় মোক মাতি লৈ যায় বাঁহীটো কেনেকৈ বজায় শিকাবলৈ। ককাই হয়তো গম পাইছিল যে মই শিকিবলৈ ইচ্ছা কৰিছোঁ । মই সদায় গৈ ককাৰ কাষতে বহি থাকোগৈ, ককাই বজাই বজাই দেখাই যায় আৰু মই শুনি থাকো। ককাৰ এটা পিতলৰ বাঁহী আছিল আৰু মই সেইটোৱেই প্ৰথম হাতত লৈছিলো।লাহে লাহে অলপকে বজাব পৰা হোৱাত ককাই তেওঁৰ মৰমৰ বাঁহী তিনিটা দিছিল মোক শিকিবলৈ।তেনেকৈয়ে বিহুৰ দল এটাত জনা নজনাকৈ বজাব চেষ্টা কৰিলোঁ। প্ৰথমতে মই ম’হৰ শিঙৰ পেঁপা বজাইছিলো। বিহুৰ দল এটাত আছিলো আৰু এজনৰ ঘৰত গৈ বাৰাণ্ডাতে বহি আমি তিনিজন মিলি অলপ অলপ চেষ্টা কৰিছিলো বাহীঁ বজাবলৈ। লাহে লাহে মই অকণমান বজাব পৰা হলো তেনেকৈয়ে আৰম্ভ হৈছিল। তাৰ পাছত ২০১৫ চনত মই সাহস কৰি আন্তঃৰাষ্টীয় খ্যাতি সম্পন্ন বাঁহী বাদক গুৰু শ্ৰীযুত দীপক শৰ্মা দেৱৰ তাত বাঁহীটোৰ বিষয়ে জানিবলৈ শিকিবলৈ ওলাই আহিছিলো। তেওঁৰ তাতেই বাহীঁৰ শিক্ষা আৰম্ভ কৰিলো।

Axom Express : আপুনি আপোনাৰ অধিক ব্যস্ততাৰ মাজতো মোক কিছু সময় দিলে তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ। শেষত আমাৰ অসম এক্সপ্ৰেছ আলোচনী খনৰ বাবে এটা শুভ বাৰ্তা জনাব

Anuraag : এই অসম এক্সপ্ৰেছৰ সকলোকে ভোলাবাবাই আশীৰ্বাদ কৰিব তাৰেই কামনা কৰিলোঁ।
ধন্যবাদ । 🕉️ হৰ হৰ মহাদেৱ 🕉️

সাক্ষাৎ গ্ৰহণ
শ্ৰী পবিত্ৰ পল্লৱ বৰদলৈ


Leave a Comment