লাচিত বৰফুকন আছিল অসমৰ আহোম ৰাজ্যৰ এজন ফুকনলুং।
১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল,শৰাইঘাটৰ যুদ্ধত তেওঁ দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী শিৱসাগৰত হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। তেওঁৰ দেউতাক আছিল ম’-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম’-ছাইৰ সপ্তম পুত্ৰ৷তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷
শিক্ষা গ্ৰহণ –
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাত পাৰ্গত হৈছিল। লাচিত সৰুৰে পৰা কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণৰ অধিকাৰী আছিল। লাচিতৰ পূৰ্ব পুৰুষ বিখ্যাত চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে প্ৰথমেই ফুকনলুঙৰ পদ পোৱা নাছিল, তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে চাওফা চুপুংমুংৰ ফুকনলুং হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা ৰজাৰ কাণত পৰে ।
তাৰ পিচতেই লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী বীৰ আছিল ।
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি গৈছিল আৰু যুঁজি মোগলক পৰাস্ত কৰিলে।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।
লাচিত-দিৱস –
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস হিচাপে পালন কৰা হয়।