অসমৰ জনপ্ৰিয় অভিনেত্ৰী অবিশ্ৰান্তা ফুকনৰ সৈতে হোৱা অন্তৰংগ আলাপ
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাক অসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো।
অবিশ্ৰান্তা ফুকনঃ হয়।
মইও অসমৰ এখন আগশাৰীৰ বহুল প্ৰচাৰিত আৰু প্ৰকাশিত এখন বাতৰি কাকত “অসম এক্সপ্ৰেছ”লৈ আন্তৰিক ধন্যবাদ জনাই ক’ব খোজো যে, মোৰ জন্ম উজনি অসমৰ দুলীয়াজানত হৈছিল ৷ মোৰ পিতৃ অসমৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কেন্দ্ৰীয় চৰকাৰৰ টেক্সটাইল ডিপাৰ্টমেণ্টৰ ডিজাইন বিভাগৰ “সহায়ক নিৰ্দেশক” ভূপেন খঙীয়াফুকন আৰু মাত্ ৰীতা খঙীয়াফুকন ৷ মোৰ শৈশৱ আৰু কৈশোৰ দুয়োটাই গুৱাহাটীতে অতিবাহিত কৰিছো ৷ মোৰ স্কুলীয়া জীৱনৰ পাতনি “মহৰ্ষী বিদ্যামন্দিৰ” সৰুসজাই লালমাটি, গুৱাহাটী আৰু “চেইন্ট ফ্ৰানছিচ্কো স্কুল” বৰাগাওঁ, গুৱাহাটীত হৈছিল ৷ কলেজীয়া জীৱন গুৱাহাটীৰ “আৰ্য বিদ্যাপীঠ কলেজ”ত হৈছিল ৷ তাৰপৰা গ্ৰেজুৱেট হৈ মই শিক্ষা সাং কৰো ৷
অসম এক্সপ্ৰেছ : আপুনি কেতিয়াৰ পৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল আৰু কাৰ পৰা প্ৰেৰণা পাইছিল
অবিশ্ৰান্তা ফুকনঃ মই কলেজীয়া জীৱনৰ পৰাই অভিনয় কৰি ভাল পাও বাবে তেতিয়াৰ পৰাই অভিনয় জগতত প্ৰথম ভৰি দিও ৷ অভিনয়ৰ প্ৰেৰণা মই পিতৃ মাত্ ৰ পৰাই পাইছিলোঁ ৷
অসম এক্সপ্ৰেছ : অভিনয় কৰা সময়ত আপুনি কোনবোৰ কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে
অবিশ্ৰান্তা ফুকনঃ অভিনয় কৰাৰ সময়ত মই কৰা অভিনয়ৰ চৰিত্ৰটি যাতে সুন্দৰভাবে ফুটাই তুলিব পাৰো আৰু সেইদৰে দৰ্শকৰ মনত যাতেএটা সাঁচ বহুৱাই যাব পাৰো সেইক্ষেত্ৰত মই সকলো সময়তে প্ৰয়াস কৰো ৷ মোৰ চৰিত্ৰটিয়ে যাতে সমাজত এটা সুন্দৰ বক্তব্য ৰাখি যায় তাৰো প্ৰচেষ্টা কৰো ৷
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰো যিটো আপোনাৰ আজিও মনত আছে।
অবিশ্ৰান্তা ফুকনঃ মই কৰা অসমীয়া “হেঙুলীয়া” শীৰ্ষক গীতটিৰ এটি দ্শ্যায়ন গুৱাহাটীৰ চন্দ্পুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত হৈছিল ৷ গীতটোৰ এটা দ্শ্যত সামৰিক পোছাকত মোৰ সদ্য বিবাহিত স্বামীয়ে ফুলশয্যাৰ নিশাতে মোক এৰি যুদ্ধলৈ বিদায় মাগি যোৱাৰ দ্শ্য আছিল ৷ এই চুটিঙৰ বিষাদৰ দ্শ্যটি এজন সামৰিক জোৱানেও প্ৰত্যক্ষ কৰি আছিল ৷ তেওঁ কিছু আৱেগিক হৈ মোৰ ওচৰত আহি নমস্কাৰেৰে সম্ভাষন জনাই থৈ গৈছিল ৷ এই ঘটনাটোকেই মোৰ অভিনয় জীৱনৰ স্মৰনীয় ঘটনা বুলি ভাবো ৷
অসম এক্সপ্ৰেছ : অভিনয় কৰাৰ বাহিৰে আৰু কি কি কাম কৰি আপুনি ভাল পায় এই বিষয়ে জানিবলৈ বিচাৰো।
অবিশ্ৰান্তা ফুকনঃ অভিনয়ৰ উপৰি মই সংগীত আৰু ন্ৰ্ত্য লগতে খেল ধেমালি কৰি ভাল পাও ৷
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত হৈ আছে আৰু ভবিষ্যত পৰিকল্পনা সম্পৰ্কে কিছু কথা জানিব বিচাৰো।
অবিশ্ৰান্তা ফুকনঃ বৰ্তমান মই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আৰু খানাপাৰাত অৱস্থিত NIELIT ত Web Design ৰ কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰি আছো ৷ ভবিষ্যতলৈ কম্পিউটাৰৰে Web Designer হোৱাৰ মন আৰু সমান্তৰালভাৱে মই মোৰ অভিনয়কো আগুৱাই নিয়াৰ পৰিকল্পনা আছে ৷
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰো যিটো আপোনাৰ আজিও মনত আছে।
অবিশ্ৰান্তা ফুকনঃ জীৱনৰ স্মৰণীয় ঘটনা ক্ষেত্ৰত কবলৈ গলে মই এবাৰ মোৰ দেউতা-মা’ৰ সৈতে ২০১২ চনৰ জুলাই মাহত “আন্দামান”ত ফুৰিবলৈ গৈছিলোঁ ৷ যোৱাৰ আগতে শুনিবলৈ পাইছিলোঁ যে, আন্দামানৰ গভীৰ অৰণ্যত চুটি চাপৰ নিগ্ৰো সম্প্ৰদায়ৰ “জাৰৱা” নামৰ প্ৰজাতিয়ে এতিয়াও আদি মানৱৰ দৰে জীৱন অতিবাহিত কৰি আছে ৷ তেওঁলোকে জংঘলৰ ফল-মুল খাই আৰু ধনু-কাড় লৈ জন্তু জানোৱাৰ মাৰি খাই জীৱন ব্যতিত কৰে ৷ সেইবাবে উৎসূক মন এটা লৈ যেতিয়া নিৰ্দিষ্ট দিনত গৈ তাত উপস্থিত হৈছিলোগৈ তেতিয়া মই আন্দামানৰ গভীৰ জংঘলৰ পথত জাৰৱা সকলক গছৰ পাত মেৰিয়াই ঘুৰি ফুৰা দেখি সঁচাকৈয়ে আচৰিত হৈ পৰিছিলোঁ ৷ এইটো মোৰ জীৱনৰ স্মৰণীয় ঘটনা ৷ তাৰলগতে আমাৰ দেশৰ স্বাধীনতা যুজত নিজকে স্বাধীনতা যুদ্ধৰ নামত কাৰাবন্দীত্বৰ জীৱন এটাৰে নিয্যাটিত জীৱন তাৰে “ছেলুলাৰ জেইল”ত কটাই এই প্থিবীৰ পৰা বিদায় মাগিছিলে আৰু সেই ছেলুলাৰ জেইল খনকে প্ৰত্যক্ষ কৰি চকুলো ওলাইছিল ৷এইটোৱেই মোৰ জীৱনৰ স্মৰণীয় দিন বা ঘটনা ৷
অসম এক্সপ্ৰেছ : শৈশৱতে আপুনি কি হ’ম বুলি সপোন দেখিছিল আৰু যদি আপুনি আজি অভিনেত্ৰী নহ’ল হয় তেতিয়া হ’লে কি হল হয় এই বিষয়ে জানিবলৈ বিচাৰো।
অবিশ্ৰান্তা ফুকনঃ শৈশৱত মই এগৰাকী বিমান পৰিচালকা হোৱাৰ সপোন দেখিছিলো ৷ তদুপৰি মেডিকেল বিভাগৰ এজন চিকিৎসক হোৱাৰো সপোন আছিল ৷ অভিনেত্ৰী নোহোৱা হ’লে আজি এই দুই সপোনৰ এটা সপোন সাকাৰ হ’ল হেতেন ৷
অসম এক্সপ্ৰেছ : আপোনাৰ মতে প্ৰেম আৰু জীৱনৰ সংজ্ঞা কি
অবিশ্ৰান্তা ফুকনঃ “প্ৰেম” মাত্ৰ দুটা বৰ্ণৰ এই ক্ষুদ্ৰ শব্দটোৰ মাজতে যেন লুকাই আছে জীৱনৰ অন্তহীন বিশালতা ৷ এক মায়াবী অনুভৱৰ মায়াসনা নামেই “প্ৰেম” ৷ প্ৰেমহীন এখন প্থিবী কল্পনাও কৰা নাযায় ৷ “প্ৰেমে”ই জীৱনৰ সংঙ্গা ৷
সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ