Abhijit Raag Singer


অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিজিৎ ৰাগৰ সৈতে হোৱা মত বিনিময়
অসম এক্সপ্ৰেছ : প্ৰথমে আপোনাকঅসম এক্সপ্ৰেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনাৰ জন্ম, শৈশৱ আৰু কৈশোৰৰ লগতে শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰো
অভিজিৎ ৰাগঃ মই অভিজিৎ ৰাগে অসম এক্সপ্ৰেছৰ সকলো সদস্যৰ লগতে সমূহ অসম বাসীক মোৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলো। লগতে মৰমৰ ভাইটি পবিত্র লৈও একাঁজলী মৰম যাচিলো। নগাঁও জামুগুৰি গাওঁৰ বিশিষ্ট শিল্পী দেউতা ঁ লৱ বৰদলৈ আৰু মা শ্ৰীমতী সোনতৰা বৰদলৈৰ সু যোগ্য সন্তান। জন্ম বাৰু মই মোৰ গাওঁৰ নিভাজ মাটিতেই হৈছিলো। কিন্তু জন্ম পিছতেই কম দিনৰ পিছতেই মোক মামা ঘৰলৈ লৈ গ’ল। আৰু বাল্য কাল, কৈশোৰ কাল মই মামা ঘৰতেই পাৰ কৰিলো।গতিকে পঢ়া জীৱনটোও মামা ঘৰতেই পাৰ কৰিলো। মামা আৰু আইতাৰ শাসন শেনৰ দৰে আছিল। গতিকে মই পঢ়াৰ বাহিৰে বেলেগ দিশত মন দিবলৈ সাহস কৰা নাছিলো। তথাপিও বাৰু স্কুল, কলেজত গীত, নাটৰ অনুষ্ঠানত ভাগ লৈছিলো। অহ মাজতে কিন্তু বিহুও মাৰিছিলো।কিন্তু গাওঁতেই সীমাবদ্ধ।
অসম এক্সপ্ৰেছ : আপুনি কেনেকৈ সংগীত জগতত প্ৰৱেশ কৰিছিল আৰু এই ক্ষেত্রত আগবাঢ়ি যোৱা ক্ষেত্ৰত আপোনাক কোনে প্ৰেৰণা দিছিল এই বিষয়ে জানিব বিচাৰোঁ
অভিজিৎ ৰাগঃ সংগীত মোৰ প্ৰাণ। কিন্তু মোৰ প্ৰাণ হোৱাৰ আগতেই মোৰ ঘৰখনৰ প্ৰাণ সংগীত। দেউতা এজন অঞ্চলৰ ভাল তবলা বাদক হোৱাৰ লগতে সংগীত পৰিচালকো আছিল। আৰু মোৰ বৰদেউতা, খুড়াহঁতো সংগীত, নাটকৰ লগত জড়িত আছিল লগতে দেউতাৰ পত্নী মানে মোৰ মা ও গীত গাইছিল। সেই ফালৰ পৰাই বোধ কৰো মোৰ তেজতো সংগীতৰ পিয়াহটো আহিল। এতিয়াও মনত আছে সৰুতে যেতিয়া কাৰোবাৰ ঘৰত গীত বজায়ছিল মই দৌৰি গৈ ৰৈ ৰৈ গীত শুনি আছিলো। সংগীতটো মই ভাল পাইছিলো , আৰু ঘৰৰ সকলোৱেই মোক প্ৰেৰণা যোগাইছিল। কিন্তু সংগীত টোৱেই যে জীৱন হৈ পৰিব ভাৱা নাছিলো।
অসম এক্সপ্ৰেছ : গীত ৰেকৰ্ডিং কৰা সময়ত আপুনি কোনকেইটা কথাৰ ওপৰত অধিক গুৰুত্ব দিয়ে এই বিষয়ে জানিব বিছাৰো
অভিজিৎ ৰাগঃআচলতে গীত এটা এনেই গোৱা বা মঞ্চত গোৱা মই ভাবো সহজ। কিন্তু যেতিয়া ষ্টুডিওত গীত এটা ডাবিং কৰো তেতিয়া আমি বহুত কথাই মন কৰিব লগা হয়। বিশেষকৈ শব্দ উচ্চাৰন। তাৰ পিছতেই চাব লগা হয় গীতটোৰ অনুভৱ প্ৰকাশ পাইছেনে নাই। এনেকুৱা বহু সৰু সৰু দিশ চাব লগা হয়।
অসম এক্সপ্ৰেছ : আপুনি কণ্ঠদান কৰা এটা গীত মই বোলে চেনীৰাম মই বোলে মিহিৰাম গীতটি অসমৰ ৰাইজে আকোৱালি লৈছে এই গীতটি জনপ্ৰিয় হোৱা আৰৰ ৰহস্য আপুনি কি বুলি ভাবে
অভিজিৎ ৰাগঃ আছলতে গীতটোৰ ভিওআচ ৪ লাখ হওঁ হওঁ হৈছে। ৰাইজে মৰম দিছে। গীতটো আকোঁৱালি লৈছে। কিন্তু মই ভাবো দেই এটা গীত ভিওআচ পালেই জনপ্রিয় নহয় কিন্তু। ভিওআচ নাপালেও জনপ্রিয় হৱ পাৰে এটা গীত। জনপ্রিয় মানে জন+ প্ৰিয়। মানে গীতটো মানুহৰ প্ৰিয় হৱ লাগিব। গতিকে মোৰ গীতটো জনপ্রিয় বুলি নকওঁ। তথাপিওঁ ভাল লাগিছে ৰাইজে ভবাতকৈ মোক বেছি মৰম দিলে। আৰ্শীবাদ দিলে। গীতটো আচলতে সহজ ভাষাত লিখা হৈছে আৰু সম্পূর্ণ গাৱঁৰ ভিত্তিত। গতিকে মই ভাবো ৰাইজে মৰমেৰে আকোঁৱালি ললে।
অসম এক্সপ্ৰেছ : বৰ্তমান আপুনি কিহত ব্যস্ত আৰু অসমবাসী ৰাইজক নতুন কি গীত উপহাৰ দিব এই বিষয়ে জানিবলৈ বিচাৰোঁ
অভিজিৎ ৰাগঃ বৰ্তমান কিহত ব্যস্ত বুলি কলে একেষাৰে সংগীতত বুলি ক’ৱ নোৱাৰি। কিয়নো আমাৰ শিল্পী সকলৰ পৰিস্থিতি বৰ বেয়া, সকলোৱেই জানে। অনুষ্ঠান সমূহ আমি কৰিব পৰা নাই পৰিৱেশ বেয়া বাবে। কৰুনা বাবে। আৰু অনুষ্ঠান সমূহ কৰি যি দুই পইচা পাওঁ তাৰে দুটকা খাই দুটকা জমা কৰি তাৰে দুটকা খৰচ কৰি ৰাইজৰ বাবে আমি গীত তৈয়াৰ কৰো। কিন্তু আমি দুই বছৰ ধৰি এইবাৰ একো অনুষ্ঠান কৰিব পৰা নাই, যাৰ বাবে আমাৰ চলা, খোৱা টো অলপ অসুবিধাই হৈছে। গতিকে সংগীত কৰাটোও অলপ অসুবিধাই হৈছে। তথাপিওঁ ৰাইজৰ বাবে কেইবাটাও গীত কৰিম বুলি প্ৰস্তুতি চলাই আছো। আশা কৰো চেনিৰামৰ দৰে সেই গীতবোৰকো মৰম দিৱ।
অসম এক্সপ্ৰেছ : আপোনাৰ জীৱনৰ এটা স্মৰণীয় ঘটনাৰ বিষয়ে জানিবলৈ বিচাৰোঁ
অভিজিৎ ৰাগঃ জীৱনৰ স্মৰণীয় ঘটনাটো বহুত আছে। সকলোবোৰ বুজাই লিখাত অসুবিধা হয়।
তেতিয়া বোধহয় মঞ্চত গীত পৰিৱেশন কৰিব লৈছো। কোনোবাই আমন্ত্রণ দিলেই যাওঁৱে। টকা পইচা পিছৰ কথা। এবাৰ নিমন্ত্রণ এভাগ আহিল। যে গীত পৰিৱেশন কৰিবলৈ যাব লাগে। মোৰ গাওঁৰ পৰা অলপ নিলগত। কিবা কৰি দাদা এজনৰ লগত বন্ধু এজনৰ গাড়ীত গলো । দেখো মণ্ডপত মানুহ ভৰি আছে। মনটো ভাল লাগিল যে ইমান মানুহৰ আগত গীত পৰিৱেশন কৰিম। লাহেকৈ দাদা লগত গ্ৰীণ ৰূমত সোমালো। তাৰপিছত শুনিলো আমন্ত্রণ দিয়া শিল্পী মোৰ দৰে বহুত আছে। বাৰু যি নহওঁক অনুষ্ঠান আৰম্ভ হল, এজন এজন কৈ শিল্পী সকলে গীত পৰিৱেশন কৰি গৈ আছে , মোৰো পাল পৰিব বুলি মইও ৰৈ আছো ৰৈ আছো মাথো ৰৈ আছো। সময় টো নাহেহে নাহে। ইয়াৰ মাজতে আকৌ আমি যাৰ গাড়ীত গৈছিলো সিও গুচি গল মোক দাদা জনে জনালে। বাৰু যি নহওঁক গীত পৰিৱেশন কৰিবলৈ ৰৈ আছো। পিছত মোৰো আমনি লাগিল আৰু দাদা জনৰো আমনি লাগিল। পিছত গীত পৰিৱেশন নকৰি খোজ কাঢ়ি কাঢ়ি ৰাতিপুৱা ৩ মান বজাত ঘৰলৈ বুলি বাট ললো।প্ৰায় ৭ কিলোমিটাৰ খোজ কাঢ়িলো। এটা মনত থাকি যোৱা দিন মোৰ বাবে।
অসম এক্সপ্ৰেছ : আপুনি চেনীৰাম গীতটিত অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ লগত অভিনয় কৰিছিল ।তেওঁৰ লগত কাম কৰি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে‌।এই বিষয়ে জানিব বিচাৰোঁ
অভিজিৎ ৰাগঃ অৰুণ হাজৰিকা মোৰ বাবে নতুন চিনাকি নহয়। মই কৈছোৱে যে মোৰ দেউতা এজন শিল্পী আছিল। আৰু অৰুণ বৰট্টা মোৰ দেউতাৰ লগত ভাল সম্পর্ক আছিল।সেই ফালৰ পৰা আমাৰ ঘৰৰ লগতো ভাল আছিল।
অভিনয় জগতত তেওঁৰ নাম আছে এজন ভাল অভিনেতা হিচাপে। বহু মৰমীয়াল তেওঁ। কিবা এটা অসুবিধা পালে তেখেতে নিজেই দেখাই দিছিল। আৰু চুটিংঙৰ মাজতো তেখেতে জমনী কৰি সকলোকে হহুৱাই থাকে। অভিনেতা হিচাপে টো তেওঁ এজন ভাল ব্যক্তিয়ে। এজন মানুহ হিচাপেও কিন্তু তেওঁ বহুত ভাল। মোৰ ভাল লাগিল তেখেতৰ লগত কাম কৰি।
অসম এক্সপ্ৰেছ : ক’ৰোনাকালীন সময়ে সাংস্কৃতিক জগতখনত কিদৰে প্ৰভাৱ পেলাইছে বুলি ভাবে?
অভিজিৎ ৰাগঃ সাংঘাতিক। বিশেষকৈ সাংস্কৃতিক জগতখন স্হৱিৰ হৈ পৰিল। মই কৈছোৱে যে আমাৰ শিল্পীসকলে অনুষ্ঠান কৰিব পাৰা নাই, যাৰ কাৰণে জীৱন টো চলাবলৈ সংগ্ৰাম কৰিব লগা হৈছে। বহুতে সংগীতৰ পৰা আতৰি বেলেগ বৃত্তিত ধৰিছে। বহু কেইজনে নিজৰ বাদ্যযন্ত্রও বিক্রি কৰিছে। কৰুনা টো শেষ হওঁক আকৌ ভাল দিন আহক। কামনা কৰো সকলোৱেই আকৌ অনুষ্ঠান সমূহ কৰি ঘৰ সমূহ ধুনীয়াকৈ চলাওঁক।
অসম এক্সপ্ৰেছ : আপোনাৰ অধিক ব্যস্ততাৰ মাজতো আমাক কিছু সময় দিলে তাৰ বাবে আমি কৃতজ্ঞ। আমাৰ অসম এক্সপ্ৰেছৰ বিষয়ে আপোনাৰ মতামত জনাব
অভিজিৎ ৰাগঃ ধন্যবাদ বহুত অসম এক্সপ্ৰেছৰ সদস্য সকল লগতে পবিত্র ভাইটি। মোৰ অতন্ত্য ভাল লাগিল। মনৰ কথা বোৰ আদান প্ৰদান কৰিব বাবে অলপ সুবিধা পালো।সৰ্বশেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো অসম এক্সপ্ৰেছৰ দীৰ্ঘ জীৱি হওঁক। ৰাইজৰ মাজত সমাদৰ পাওঁক। ধন্যবাদ। 🙏🙏🙏

সাক্ষাৎ গ্ৰহণ শ্ৰী পবিত্ৰ বৰদলৈ


1 thought on “Abhijit Raag Singer”

Leave a Comment